চুডানৰ তৈলক্ষেত্ৰত সেনাৰ ড্ৰোণ আক্ৰমণ; ২০ ত কৈ অধিক লোক নিহত
চুডানৰ সৰ্ববৃহৎ তেল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হেগলিগৰ সমীপত এক বৃহৎ ড্ৰোণ আক্ৰমণ কৰা হৈছে।এই ড্ৰোন আক্ৰমণত ২০ ত কৈও অধিক লোকৰ মৃত্যু হৈছে।
মঙলবাৰে সন্ধিয়া চুডানৰ সৰ্ববৃহৎ তেল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হেগলিগৰ সমীপত চুডানৰ সশস্ত্ৰ বাহিনীয়ে এক বৃহৎ ড্ৰোণ আক্ৰমণ চলায়। এই ড্ৰোন আক্ৰমণত ২০ ত কৈও অধিক লোকৰ মৃত্যু হৈছে।
এই তথ্য অৰ্ধসামৰিক বাহিনী ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ দ্বাৰা প্ৰদান কৰা হৈছে। উল্লেখ্য যে,২০২৩ চনৰ পৰা চুডানৰ সেনাৰ সৈতে যুঁজি থকা আৰ এছ এফে কয়,দক্ষিণ চুডানৰ সীমান্তৱৰ্তী তৈলখাদটোত এই আক্ৰমণ সেই সময়ত সংঘটিত হৈছিল, যেতিয়া RSF এ এদিন পূৰ্বেই এই সুবিধাটো দখল কৰিছিল।দুয়োপক্ষই জনোৱা মতে, নিহত আৰু আহত হোৱা লোকৰ সঠিক সংখ্যা বৰ্তমানেও নিশ্চিত কৰিব পৰা হোৱা নাই।
এই ড্ৰোণ আক্ৰমণত ৭ জন জনজাতীয় নেতা আৰু ২০ ত কৈও অধিক RSF ৰ যোদ্ধা নিহত হয়।RSF ৰ তথ্য অনুসৰি তুৰ্কীত নিৰ্মিত আকিনচি ড্ৰোণেৰে চলোৱা এই আক্ৰমণত দক্ষিণ চুডানৰ সৈন্যও নিহত হয়।
RSF এ এই আক্ৰমণক গৰিহণা দি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰে।চুডানৰ দুজন সামৰিক বিষয়াই ড্ৰোণ আক্ৰমণ নিশ্চিত কৰি কয় যে ইয়াৰ লক্ষ্য হৈছে RSF ৰ যোদ্ধা।দক্ষিণ চুডানৰ ইউনিটি ষ্টেট চৰকাৰে নিশ্চিত কৰিছে যে দক্ষিণ চুডানৰ তিনিজন জোৱান নিহত হৈছে।
দক্ষিণ চুডানৰ কমাণ্ডাৰ জনছন অল’নীয়ে এক বিবৃতিত কয় যে,হেগলিগক বন্দী কৰাৰ পিছত হয়তো দক্ষিণ চুডানৰ বাহিনীক নিৰাপত্তাৰ বাবে প্ৰেৰণ কৰা হৈছিল।
দক্ষিণ চুডান তেল ৰপ্তানিৰ বাবে সম্পূৰ্ণৰূপে চুডানৰ পাইপলাইনৰ ওপৰত নিৰ্ভৰশীল আৰু এই সংঘাতে বাৰে বাৰে ইয়াৰ তেল উৎপাদনত ব্যাঘাত জন্মাইছে, যাৰ ফলত ইয়াৰ অৰ্থনৈতিক দুৰ্দশা আৰু অধিক ভয়াৱহ হৈ পৰিছে।
লগতে পঢ়ক: ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’