আই চি চি এদিনীয়া ৰেংকিং প্ৰকাশ
বুধবাৰে আই চি চিয়ে প্ৰকাশ কৰিছে এদিনীয়া ৰেংকিং । ভাৰতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱ তৃতীয় স্থানলৈ অৱনমিত যোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ কেশৱ মহাৰাজে বুধবাৰে প্ৰকাশিত আই চি চিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত পুনৰ শীৰ্ষস্থান দখল কৰে ।
তীক্ষনা আৰু কুলদীপক অতিক্ৰম-
৩৫ বছৰীয়া বাওঁহতীয়া স্পীনাৰ মহাৰাজে এদিনীয়া ৰেংকিংত কুলদীপ আৰু শ্ৰীলংকাৰ মহেশ তীক্ষনাক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছুদিন শীৰ্ষত আছিল মহাৰাজ । কুলদীপৰ বাহিৰেও ৰবীন্দ্ৰ জাডেজা হৈছে একমাত্ৰ ভাৰতীয় বলাৰ যি বলাৰৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । চেম্পিয়নছ ট্ৰফীত খিতাপ জয় কৰাৰ পাছত ভাৰতীয় দলটোৱে এতিয়ালৈকে কোনো এদিনীয়া খেলা নাই ।
জেডন ছিলছৰ জাঁপ-
ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ জেডন ছিলছেও বলিং ৰেংকিঙত ডাঙৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । পাকিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাৰ অন্তিমখন খেলত ১৮ ৰানত ৬টা উইকেট দখল কৰে তেওঁ । তেওঁ ১৮ নম্বৰ স্থানত উপনীত হয় । পাকিস্তানৰ লেগ স্পীনাৰ আব্ৰাৰ আহমেদ (৩৯ নম্বৰ) আৰু ৱেষ্ট ইণ্ডিজৰ অফ স্পীনাৰ ৰষ্টন চেজ (৫৮ নম্বৰ)ও ৰেংকিঙত উন্নীত হোৱা বলাৰসকলৰ ভিতৰত আছে ।
শীৰ্ষস্থান অক্ষুন্ন গীলৰ-
এদিনীয়া ৰেংকিংত পুৰুষৰ বেটিংত শুভমন গীল ৭৮৪ পইণ্টেৰে শীৰ্ষত আছে । ষষ্ঠ স্থানত শীৰ্ষ দহৰ ভিতৰত থকা আনজন ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰ । পাকিস্তানৰ বিৰুদ্ধে যোৱা এদিনীয়া খেলখনত অপৰাজিত ১২০ ৰান সংগ্ৰহ কৰা ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বহী হোপে দুটা স্থান আগুৱাই নৱম স্থানলৈ যোৱাৰ বিপৰীতে এইডেন মাৰ্ক্ৰাম (চাৰিটা স্থান বৃদ্ধিৰে ২১ নম্বৰ), টেম্বা বাভুমা (৫টা স্থান বৃদ্ধিৰে ২৩ নম্বৰলৈ) আৰু মিচেল মাৰ্ছ (ছটা স্থান বৃদ্ধিৰে ৪৮ নম্বৰলৈ) ৰেংকিঙত আগবাঢ়িছে ।
পুৰুষৰ টি-২০ ৰেংকিঙত ভাৰতৰ অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই শীৰ্ষ দুটা স্থান অব্যাহত ৰাখিছে । অধিনায়ক সূৰ্যকুমাৰ যাদৱ ষষ্ঠ আৰু যশস্বী জয়ছোৱাল দশম স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ ডেৱাল্ড ব্ৰেভিছে ৯ স্থান জঁপিয়াই ১২ নম্বৰ স্থানলৈ যোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ মাৰ্ছ আৰু গ্লেন মেক্সৱেলে ক্ৰমে চাৰি আৰু ১০ স্থান জপিয়াই ২৫ আৰু ৩০ নম্বৰ স্থান লাভ কৰিছে । টি-২০ বলিং ৰেংকিঙত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ নাথান এলিছ (নৱম স্থান) আৰু জোছ হেজলউডে (১৮ নম্বৰ) যথেষ্ট উন্নতি সাধন কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই ৪৪ নম্বৰৰ পৰা ৩৭ নম্বৰলৈ গতি কৰিছে ।
লগতে পঢ়ক : ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা হঠাতে কিয় নোহোৱা হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম….