ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া
নগদ ধন কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ বাবে সকলো দলৰ সাংসদৰ স্বাক্ষৰ লোৱা হয় । সৰু-বৰ সকলো দলৰ অধিকাংশ সাংসদ এই মহাভিযোগ প্রস্তাৱৰ সপক্ষে আছে ৷ প্ৰায় ২০৮ গৰাকী সাংসদে এই প্ৰস্তাৱক সমৰ্থন কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰা জাননীখনত বিৰোধী দলপতি ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদ, অনুৰাগ ঠাকুৰকে ধৰি মুঠ ১৪৫জন সদস্যই স্বাক্ষৰ কৰিছে । একে সময়তে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক দাখিল কৰা জাননীখনত ৬৩জন সাংসদে স্বাক্ষৰ কৰিছে ।
১২৪, ২১৭ আৰু ২১৮ অনুচ্ছেদৰ অধীনত নিম্ন সদনত জাননী দিয়া হৈছে । এজন ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱত লোকসভাৰ কমেও ১০০জন আৰু ৰাজ্যসভাৰ ৫০জন সাংসদৰ স্বাক্ষৰ থাকিব লাগে । মহাভিযোগৰ প্ৰস্তাৱ গ্ৰহণ বা নাকচ কৰাটো অধ্যক্ষৰ ওপৰত নিৰ্ভৰশীল । যদিহে প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে এখন সমিতি গঠন কৰা হ’ব, যিয়ে এমাহৰ পৰা তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ।
এই কমিটীত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলো আছে । অভিযোগৰ তদন্ত কৰি কমিটীয়ে প্ৰতিবেদন দাখিল কৰে । কমিটীয়ে অভিযোগ সঁচা বুলি বিবেচনা কৰিলে সংসদৰ দুয়োটা সদনত এটা প্ৰস্তাৱ দাখিল কৰা হয় । প্ৰতিটো সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে এই প্ৰস্তাৱ গৃহীত কৰিব লাগিব । দুয়োটা সদনত গৃহীত হোৱাৰ পিছত এই প্ৰস্তাৱ ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় আৰু তেওঁৰ অনুমোদনৰ পিছত ন্যায়াধীশক অপসাৰণ কৰা হয় ।
ন্যায়াধীশ বাৰ্মাৰ ঘৰত উদ্ধাৰ হৈছিল নগদ কোটি কোটি টকা-
উল্লেখ্য যে, ১৪ মাৰ্চত হোলীৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোত অগ্নিকাণ্ড সংঘটিত হৈছিল । তেওঁ দিল্লীৰ বাহিৰত আছিল । তেওঁৰ পৰিয়ালে অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰি জুই নিৰ্বাপন কৰে । জুই নিৰ্বাপন কৰিবলৈ আহিছিল বৃহৎ সংখ্যক আৰক্ষী বাহিনী । এই সময়ছোৱাত ন্যায়াধীশগৰাকীৰ বাসগৃহত বহু পৰিমাণৰ নোটৰ বাণ্ডিল পোৱা বুলি অভিযোগ উঠিছিল । অভিযোগ অনুসৰি এটা সমগ্ৰ কোঠা নোটেৰে ভৰি থকা অৱস্থাত পোৱা গৈছিল ।
মহাভিযোগ দাখিলৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত উপস্থিত ন্যায়াধীশ বাৰ্মা-
মহাভিযোগৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাই উচ্চতম ন্যায়ালয়ত ইন-হাউছ তদন্তৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছে । প্ৰতিবেদনত নগদ ধনৰ উৎস জনাব নোৱাৰাৰ বাবে মহাভিযোগ দাখিলৰ পৰামৰ্শ দিয়া হৈছে । ন্যায়াধীশ বাৰ্মাই দাবী কৰিছে যে ষ্ট’ৰৰুমৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাছিল । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই এই প্ৰতিবেদনৰ বৈধতা নিৰ্ণয় কৰিব । ২০২৫ চনৰ ৪ মাৰ্চত ন্যায়াধীশ বাৰ্মাৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত কোটি কোটি নগদ ধন উদ্ধাৰ হৈছিল ।
তদন্ত সমিতিৰ প্ৰতিবেদনত উদ্ধাৰ হোৱা নগদ ধন ন্যায়াধীশ বাৰ্মা আৰু তেওঁৰ পৰিয়ালৰ আছিল আৰু তেওঁ ইয়াৰ উৎস প্ৰকাশ কৰা নাই । ইয়াৰ পিছতে তদন্ত সমিতিয়ে মহাঊিযোগ দাখিলৰ পৰামৰ্শ দিয়ে, যিটো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে । এই নগদ ধনৰ কেলেংকাৰীৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় ।
লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন