বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই । ন্যায়াধীশ গাভাই এই পদত অধিষ্ঠীত হোৱা প্ৰথমগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী । ড° বি আৰ আম্বেদকাৰৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত ন্যায়াধীশ গাভাইৰ পিতৃ ৰামকৃষ্ণ সূৰ্য্যভান গাভাইও আছিল ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠীত হোৱা অনুসূচিত জাতিৰ দ্বিতীয়গৰাকী ব্যক্তি ন্যায়াধীশ গাভাই । ২০২৫ চনৰ ২৩ নৱেম্বৰত তেওঁৰ কাৰ্যকাল শেষ হ’ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পিছদিনাই তেওঁ ৱাকফ আইনৰ সংশোধনী সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি আৰম্ভ কৰিব লাগিব ।
বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ত ছবছৰীয়া কাৰ্যকালত ন্যায়াধীশ গাভাই বহু গুৰুত্বপূৰ্ণ বিচাৰপীঠৰ অংশ হৈ আহিছে, সেই বিচাৰপীঠসমূহে গুৰুত্বপূৰ্ণ ৰায়দান দিছে । ইয়াৰ ভিতৰত বুলডজাৰৰ এক্সনক গৰিহণা দিয়া আদেশ আৰু এনে প্ৰৱণতা নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা আদি অন্তৰ্ভুক্ত আছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছা গ্ৰহণ কৰে চি জে আই বি আৰ গাভাইয়ে । মঙলবাৰে অৱসৰ লোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ঠাই লৈছে ন্যায়াধীশ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল ।