ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই । মঙলবাৰে ৰাষ্ট্ৰপতিয়ে এই সিদ্ধান্তত অনুমোদন জনায় । ১৪ মে’ত তেওঁ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব । ইফালে ১৩ জুনত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সঞ্জীৱ খান্নাই । ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ ।
ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ গাভাইক নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে । নিৰ্ধাৰিত পদ্ধতি অনুসৰি ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল ছমাহ আৰু ৬৫ বছৰ বয়সত ২৩ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব ।
ভাৰতৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ-
ন্যায়াধীশ গাভাই হ’ব দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।
ন্যায়াধীশ বি আৰ গাভাইৰ ডাঙৰ সিদ্ধান্ত
ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষীক মুক্তি- ২০২২
ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে তামিলনাডু চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত থকা দোষীসকলক মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনায় ।
ৱানিয়াৰ সংৰক্ষণক অসাংবিধানিক ঘোষণা- ২০২২
তামিলনাডু চৰকাৰে ৱানিয়াৰ সম্প্ৰদায়ক বিশেষ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্তক আন পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰে ।
বিমুদ্ৰাকৰণক বৈধতা প্ৰদান কৰা- ২০২৩
ন্যায়াধীশ গাভাইয়ে ২০১৬ চনৰ বিমুদ্ৰাকৰণ পৰিকল্পনাক ৪:১ সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে আৰু ই “সমানুপাতিকতাৰ পৰীক্ষা” পূৰণ কৰিছে ।
ইডি সঞ্চালকৰ কাৰ্যকাল অবৈধ বৃদ্ধি- ২০২৩
২০২৩ চনৰ জুলাই মাহত ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰাটো অবৈধ বুলি ঘোষণা কৰি ২০২৩ চনৰ ৩১ জুলাইৰ ভিতৰত পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ।
বুলডজাৰৰ একচনত নিষেধাজ্ঞা- ২০২৪
২০২৪ চনত ন্যায়াধীশ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কেৱল অভিযুক্ত বা দোষী সাব্যস্ত হোৱাৰ ভিত্তিত কাৰোবাৰ সম্পত্তি ভাঙি পেলোৱাটো অসাংবিধানিক বুলি ৰায় দিছিল । আইনী প্ৰক্ৰিয়া অবিহনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, যদি হয় তেন্তে সংশ্লিষ্ট বিষয়া দায়ী হ’ব ।