কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ
ইজৰাইলে মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ শীৰ্ষ নেতাসকলক লক্ষ্য কৰি বৃহৎ আক্ৰমণ চলাই । ইজৰাইলৰ বিষয়াসকলে এই তথ্য নিশ্চিত কৰিছে । তথ্য অনুসৰি ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটে এই অভিযান চলাইছিল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,বৈঠক কৰি থকা নেতাসকলক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অনুমোদনৰ পিছতে লক্ষ্য কৰি লোৱা হয়, যিসকলে যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ শেহতীয়া প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ।
অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই অভিযানক স্বতন্ত্ৰ অভিযান বুলি অভিহিত কৰে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “হামাছৰ শীৰ্ষ সন্ত্ৰাসবাদী নেতাসকলৰ বিৰুদ্ধে আজিৰ এই পদক্ষেপটো আছিল সম্পূৰ্ণ স্বতন্ত্ৰ ইজৰাইলী অভিযান । ইজৰাইলে ইয়াক আৰম্ভ কৰিছিল, ইজৰাইলে ইয়াক চলাইছিল আৰু ইজৰাইলে ইয়াৰ সম্পূৰ্ণ দায়িত্ব লৈছে ।”
এই আক্ৰমণৰ পিছতে দোহাৰ আকাশত ক’লা ধোঁৱাৰ ডাৱৰ দেখা যায় । কাটাৰৰ বিষয়াসকলেও এই আক্ৰমণ নিশ্চিত কৰিছে । অৱশ্যে এই আক্ৰমণত কোনো লোক হাত-হত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ পিছতে এতিয়া দোহাৰ ৰাজপথত উত্তেজনা আৰু ভয়ৰ পৰিবেশে বিৰাজ কৰিছে ।
উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পিছত ইয়াক ইহুদী দেশখনে কাটাৰত সংঘটিত কৰা দ্বিতীয়টো বৃহৎ আক্ৰমণ বুলি অভিহিত কৰা হৈছে ।
এই আক্ৰমণৰ সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই যদিও ইজৰাইলী সেনাৰ মুখপাত্ৰই কয় যে ইজৰাইলৰ বায়ুসেনাই এই আক্ৰমণ সংঘটিত কৰিছে । এই সময়ছোৱাত কাটাৰ এয়াৰৱেজৰ বিমান সেৱা স্বাভাৱিকভাৱে দোহাত চলি থকাৰ বিপৰীতে কমেও এখন কাটাৰ বায়ুসেনাৰ বিমানে দেশখনৰ নিৰাপত্তা নিৰীক্ষণ কৰিবলৈ উৰা মাৰিছিল ।
লগতে পঢ়ক : প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ