তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ
ইজৰাইলে পুনৰ ইৰানৰ তেহৰাণৰ ওপৰত ধ্বংস যজ্ঞ চলাইছে। ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল সেনাই বোমাৰে আক্ৰমণ কৰে।ইয়াৰ উপৰিও ইজৰাইলে ইৰাণী সেনাৰ ঘাটি আৰু ইয়াৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে।
শুকুৰবাৰে পুৱা ইজৰাইলে ইৰাণক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।ইজৰাইলে কয় যে তেহৰানে মিছাইল আৰু ড্ৰ’ন আক্ৰমণৰ আশংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে ইজৰাইলে “ডজন ডজন” পাৰমাণৱিক আৰু সামৰিক লক্ষ্যত আক্ৰমণ চলাইছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইৰাণৰ বাবে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা বিজ্ঞানীসকলকো ইজৰাইলে আক্ৰমণ কৰিছে ।
ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য
প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে আমি নাটাঞ্জত থকা ইৰাণৰ মূল পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছে, আমি ইৰাণৰ বোমা নিৰ্মাণৰ কাম কৰা ইৰাণৰ মূল পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লৈছিলো, আৰু আমি ইৰাণৰ বেলিষ্টিক মিছাইল প্ৰগ্ৰেমৰ কেন্দ্ৰটোকো আক্ৰমণ কৰিলোঁ।
এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছে নেতান্যাহুৱে।তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ নেতৃত্ব আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সন্মুখীন হোৱাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।
নেতান্যাহুৱে কয় যে এই অভিযান ‘যেতিয়ালৈকে প্ৰয়োজন হয়’ চলি থাকিব, তেওঁ কয় যে যদি আমি এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো, তেতিয়া পৰৱৰ্তী প্ৰজন্ম নাহিব।
এই আক্ৰমণৰ পিছত ইৰাকে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে।এতিয়া ইৰাকৰ সকলো বিমানবন্দৰ বন্ধ।এখনো বিমানৰ গতিবিধি কৰা নাই।
ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
কাটজে সকীয়াই দিয়ে যে ইজৰাইল আৰু ইয়াৰ অসামৰিক জনসাধাৰণক লক্ষ্য কৰি মিছাইল আৰু ড্ৰ’ন আক্ৰমণ অতি সোনকালে কৰাৰ সম্ভাৱনা আছে।সমগ্ৰ দেশৰ ঘৰুৱা ফ্ৰণ্টত এই জৰুৰীকালীন অৱস্থা জাপি দিবলৈ বিশেষ আদেশত স্বাক্ষৰ কৰে।
সমগ্ৰ ইজৰাইলত চাইৰেন বাজি থকাৰ সময়তে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে নিজৰ নিৰাপত্তা মন্ত্ৰীসভাৰ জৰুৰী বৈঠক আহ্বান কৰিছে।
ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে ৰাজধানীৰ মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইমাম খোমেইনীত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে, কাৰণ তেহৰাণৰ আশে-পাশে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে।
এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল সেনাই এক বিবৃতি প্ৰকাশ কৰিছে।IDF এ কৈছে যে, ‘কিছু সময়ৰ আগতে ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশনাৰ পিছত, IDF এ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আক্ৰমণ কৰিবলৈ উচ্চমানৰ চোৰাংচোৱাৰ ওপৰত ভিত্তি কৰি এক আগতীয়া সিদ্ধান্ত, নিখুঁত আৰু যৌথ আক্ৰমণ আৰম্ভ কৰিছে, আৰু ইৰাণী শাসনে ইজৰাইলৰ বিৰুদ্ধে চলি থকা আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাই এই কাম কৰা হৈছিল।
কিছু সময়ৰ ভিতৰতে, বহু IAF জেট বিমানসমূহে প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিছে, য’ত ইৰাণৰ বিভিন্ন অঞ্চলত পাৰমাণৱিক লক্ষ্যকে ধৰি কেইবা ডজন সামৰিক লক্ষ্যত আক্ৰমণ কৰা হৈছিল।
লগতে পঢ়ক: চীট নম্বৰ 11 A; লাকী চীটত বহিয়েই প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশ