ইজৰাইল-ইৰাণৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ
ইৰাণ আৰু ইজৰাইলৰ সংঘাতে ক্ৰমে ভয়ংকৰ ৰূপ লৈছে । নিশাৰে পৰা দুয়োপক্ষৰ মাজত অবিৰত আকাশী আক্ৰমণ চলি আছে । এই আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছে ইজৰাইলে । ইৰাণৰ বহু বৃহৎ তেল ডিপো আৰু গেছ শোধনাগাৰতো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে টেল আভিভে ।
ইজৰাইল আৰু ইৰাণত পুৱাৰ আৰম্ভণি হৈছিল ছাইৰেনৰ শব্দৰে । জেৰুজালেম আৰু টেল আভিভৰ দৰে ডাঙৰ চহৰত অহৰহ বাজি আছে চাইৰেন । ইৰাণে অহৰহ টেল আভিভত আক্ৰমণ চলাই আছে । ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ কথা কয় প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ইৰাণৰ ৰাজধানী তেহৰাণত দেওবাৰে নিশা আৱাসিক আকাশচুম্বী অট্টালিকাত আই ডি এফৰ আক্ৰমণত ২৯টা শিশুসহ ৬০জন লোকৰ মৃত্যু হয় ।
ইৰাণৰ সকলো পাৰমাণৱিক ইউনিট সম্পূৰ্ণৰূপে ধ্বংস কৰা লক্ষ্যৰে এই আক্ৰমণ চলাইছে টেল আভিভে । ইৰাণৰ পাঁচটা ডাঙৰ পাৰমাণৱিক প্লান্ট আছে । ইয়াৰ ভিতৰত ফৰ্ডো, খোণ্ডাব, নাটানজ, ইছফাহান আৰু বুশ্বেহৰ অন্যতম ।
ইৰাণৰ পাৰমাণৱিক উদ্যোগ, তেল ডিপো আৰু গেছ শোধনাগাৰক লক্ষ্য কৰি আক্ৰমণ-
আই ডি এফে সম্পূৰ্ণ পৰিকল্পনাৰে ইৰাণৰ মেৰুদণ্ডত আক্ৰমণ কৰিছে । প্ৰথমে ইৰাণৰ বহু পাৰমাণৱিক প্লাণ্টত আক্ৰমণ কৰাৰ পিছত এতিয়া ইৰাণৰ তেল ডিপো আৰু গেছ শোধনাগাৰক লক্ষ্য কৰি লৈছে ইজৰাইলী সেনাই । ৰাজধানী তেহৰাণৰ সমীপৰ শ্বাহৰাণৰ তেল ডিপোক এই আক্ৰমণত লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ পূৰ্বে বুশ্বেহৰ চহৰৰ সমীপৰ এটা গেছ ক্ষেত্ৰ আৰু আবাদানৰ এটা তেল শোধনাগাৰতো আক্ৰমণ কৰা হৈছিল । ইৰাণৰ এটা বন্দৰতো আক্ৰমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।
ইৰাণৰ বুশ্বেহৰত থকা ফজৰ গেছ শোধনাগাৰত ইজৰাইলী সেনাই আক্ৰমণ সংঘটিত কৰে । ইয়াক বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ মজুতৰ ভিতৰত গণ্য কৰা হয় । এই শোধনাগাৰত প্ৰতিদিনে ১২.৫ কোটি ঘনমিটাৰ গেছ প্ৰক্ৰিয়াকৰণ কৰা হয় ।
বিগত ৪৮ ঘণ্টাত ইৰাণৰ ওপৰত ইজৰাইলী বাহিনীৰ আক্ৰমণত ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত আছে প্ৰায় ৯ জন পাৰমাণৱিক বিজ্ঞানী আৰু ইৰাণৰ বহু শীৰ্ষ সেনা কামাণ্ডাৰ । আহতসকলৰ সংখ্যাও তিনিশৰো অধিক বুলি কোৱা হৈছে । ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইৰাণে বহু ৰাজ্যত নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে ।
ইজৰাইলী সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও । ইৰাণে ইজৰাইলৰ ওপৰত ১৫০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে য’ত এতিয়ালৈকে পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে এশৰো অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । একে সময়তে ইৰাণে কেইবাখনো এফ-৩৫ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে । কিন্তু এই কথা এতিয়াও নিশ্চিত হোৱা নাই ।
ইৰাণৰ লক্ষ্যত টেল আভিভ আৰু হাইফা চহৰ-
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খোমেইনীয়ে স্পষ্টকৈ কৈছে যে ইজৰাইলে এই যুদ্ধ আৰম্ভ কৰিছিল যদিও এতিয়া ইয়াৰ পৰা ওলাই আহিব নোৱাৰে । এতিয়া ইজৰাইলৰ বাবে নৰকৰ দুৱাৰ মুকলি হ’ব ।
খোমেইনীৰ এই বক্তব্যৰ পিছত ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বহু ছবি আৰু ভিডিঅ’ প্ৰকাশ পাইছে, য’ত ইৰাণৰ আক্ৰমণৰ বাবে ব্যাপক ধ্বংসলীলা দেখা গৈছে ।
ইৰাণে কেৱল টেল আভিভতে নহয় ইজৰাইলৰ হাইফা চহৰতো আক্ৰমণ চলাইছে । ইয়াৰ বহু অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হৈছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়কো আক্ৰমণ কৰিছে ।
এই দুই মধ্যপ্ৰাচ্যৰ দেশৰ মাজত ভয়ংকৰ যুদ্ধ দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়াই দিছে যে ইজৰাইলৰ আক্ৰমণ আৰু তীব্ৰতৰ হ’ব । তেওঁ কয় যে, ইৰাণে পাৰমাণৱিক চুক্তিতো স্বাক্ষৰ কৰিব লাগিব ।
লগতে পঢ়ক : ইজৰাইল আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি