ইজৰাইলৰ বিৰুদ্ধে ক্ষুদ্ধ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ
ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছে আমেৰিকাই । এই আক্ৰমণৰ পিছতে ক্ষুদ্ধ ইৰাণে ইজৰাইলক ডাঙৰ প্ৰত্যুত্তৰ দিছে । ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি বিপুল ধ্বংসলীলাৰ সৃষ্টি কৰিছে ইৰাণে । ইজৰাইল চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ পৰা ইজৰাইললৈ কমেও ৩০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । আই ডি এফে টেলিগ্ৰামযোগে কয় যে, “ইজৰাইল ৰাষ্ট্ৰৰ ফালে আন এক ক্ষেপণাস্ত্ৰৰ ঢৌ নিক্ষেপ কৰা হৈছে । জনসাধাৰণক হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা অনুসৰণ কৰি যাবলৈ অনুৰোধ কৰা হৈছে ।”
আই ডি এফে এই আক্ৰমণৰ ফুটেজ আৰু স্থানসমূহ শ্বেয়াৰ কৰিব নালাগে বুলিও জোৰ দিয়ে । ইৰাণৰ এই বেৰেজ আক্ৰমণৰ শব্দ টেল আভিভ, হাইফা আৰু জেৰুজালেমত শুনা যায় । লগতে ইজৰাইলৰ বহু অঞ্চলক সতৰ্ক কৰি দিয়া হৈছে আৰু চাইৰেন বাজিছে ।
আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ আগ্ৰাসনে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলে জনসাধাৰণক হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা মানি চলিবলৈ কৈছে । বৰ্তমান বায়ুসেনাই য’তেই প্ৰয়োজন হয় তাতেই বাধা আৰু আক্ৰমণ কৰি ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ কাম কৰি আছে ।
ইজৰাইলৰ প্ৰতিৰক্ষা বিষয়াসকলে কয় যে আকাশত এই আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰি, গতিকে জনসাধাৰণে হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা মানি চলিব লাগে ।
ইজৰাইলৰ সংবাদ মাধ্যমে ইৰাণৰ শেহতীয়া আক্ৰমণত প্ৰায় ২৫টা ক্ষেপণাস্ত্ৰৰ বাতৰি প্ৰকাশ কৰিছে । ইৰাণৰ পৰা ইজৰাইলৰ ভূখণ্ডৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ চিনাক্ত কৰা বুলি ইজৰাইলী সেনাই কয় আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থাই এই ভাবুকি ৰোধৰ বাবে কাম কৰি আছে বুলি কয় । বাংকাৰ আৰু সংৰক্ষিত অঞ্চললৈ গৈ পৰৱৰ্তী জাননী নিদিয়ালৈকে তাত থাকিবলৈও কোৱা হৈছে ।
লগতে পঢ়ক : আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটীৰ; ইৰাণৰ দাবী