আই পি এল চেম্পিয়ন আৰ চি বিৰ ওপৰত টকাৰ বৰষুণ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৮ সংখ্যক ছিজনৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে । ৩ জুনত (মঙলবাৰ) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে । ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে আৰ চি বি আই পি এল চেম্পিয়ন হোৱাৰ বিপৰীতে পঞ্জাব কিংছৰ প্ৰথম খিতাপ জয়ৰ অপেক্ষা এতিয়াও অব্যাহত আছে ।
২০২৫ চনৰ আই পি এলৰ ফাইনেলৰ পাছত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলৰ ওপৰত ধনৰ বৰষুণ হয় । ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয় । আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ পঞ্জাব কিংছে ১২.৫০ কোটি টকা লাভ কৰে ।
আই পি এল ২০২৫ত শীৰ্ষ ৪ দলৰ পুৰস্কাৰৰ ধন
-আই পি এল চেম্পিয়ন (ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু)- ২০ কোটি টকা
-ৰানাৰ্ছ আপ (পাঞ্জাব কিংছ)- ১২.৫ কোটি টকা
-তৃতীয় স্থানৰ দল (মুম্বাই ইণ্ডিয়ানছ)- ৭ কোটি টকা
-চতুৰ্থ স্থানৰ দল (গুজৰাট টাইটানছ)- ৬.৫ কোটি টকা
এইসকলেও লাভ কৰিলে বঁটা-
ছিজনৰ সৰ্বাধিক ৰান (অৰেঞ্জ কেপ)- ছাই সুদৰ্শন (৭৫৯ ৰান), ১০ লাখ টকা
ছিজনৰ সৰ্বাধিক উইকেট (পাৰ্পল কেপ)- প্ৰসিদ্ধ কৃষ্ণ (২৫ উইকেট), ১০ লাখ টকা
ছিজনৰ উদীয়মান খেলুৱৈ- ছাই সুদৰ্শন, ১০ লাখ টকা
ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ- সূৰ্য্যকুমাৰ যাদৱ, ১৫ লাখ টকা
ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ- বৈভৱ সূৰ্য্যবংশী, টাটা কাৰ্ভ ইভি কাৰ
ছিজনৰ সৰ্বাধিক ছয়- নিকোলাছ পোৰাণ, ১০ লাখ টকা
ছিজনত সৰ্বাধিক ডট বল – মহম্মদ চিৰাজ, ১০ লাখ টকা
ছিজনৰ শ্ৰেষ্ঠ কেচ – কামিন্দু মেণ্ডিছ, ১০ লাখ টকা
ছিজনৰ সৰ্বাধিক চাৰি- সাই সুদৰ্শন, ১০ লাখ টকা
ফেয়াৰ প্লে বঁটা- চেন্নাই ছুপাৰ কিংছ
পিটচ এণ্ড গ্ৰাউণ্ড বঁটা- ডি ডি চিএ (দিল্লী ডিষ্ট্ৰিক্ট আৰু ক্ৰিকেট সন্থা), ৫০ লাখ টকা
ফাইনেলত অসাধাৰণ প্ৰদৰ্শনৰ বাবে বঁটা-
খেলৰ শ্ৰেষ্ঠ খেলুৱৈ : ক্ৰুনাল পাণ্ডিয়া
মেচৰ ছুপাৰ ষ্ট্ৰাইকাৰ : জিতেশ শৰ্মা
ফেণ্টাচি প্লেয়াৰ অৱ দ্য মেচৰ : শশাংক সিং
খেলৰ ছুপাৰ ছয়: শশাংক সিং
মেচৰ গ’-4s: ক্ৰুনাল পাণ্ডিয়া
মেচৰ গ্ৰীণ ডট বল : ক্ৰুনাল পাণ্ডিয়া
লগতে পঢ়ক : অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ আধিপত্য; উজলিল ছাই সুদৰ্শন আৰু প্ৰসিদ্ধ কৃষ্ণ