সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে কেতিয়াও সিন্ধু জলসন্ধি বাহাল ৰখা নহ’ব । টাইমছ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে অমিত শ্বাহে । তেওঁ কয় যে পাকিস্তানলৈ বৈ যোৱা পানী আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হ’ব ।
পাকিস্তানৰ আশাত চেঁচা পানী-
অমিত শ্বাহে কয় যে ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু নদী ব্যৱস্থাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সন্ধি “স্থগিত” কৰিছিল । এই সন্ধিৰ জৰিয়তে ভাৰতৰ মাজেৰে বৈ যোৱা তিনিখন নদীৰ পানী পাকিস্তানৰ ৮০% কৃষিভূমিৰ বাবে সুবিধাৰ নিশ্চয়তা দিয়া হৈছিল ।
বাহাল নহয় সিন্ধু জল সন্ধি-
উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানে নিজৰ কোনো ভূমিকা অস্বীকাৰ কৰিছে । কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পাছতো এই সন্ধি নিষ্ক্ৰিয় হৈ আছে । অমিত শ্বাহে স্পষ্ট কৰি দিছিল যে এই চুক্তি কেতিয়াও বাহাল নহয় । তেওঁ কয় যে পাকিস্তান অভিমুখে বৈ যোৱা পানীখিনি আমি খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ লৈ যাম । পাকিস্তানে অনুচিতভাৱে পোৱা পানী নাপাব । অমিত শ্বাহৰ এই নতুন মন্তব্যই অদূৰ ভৱিষ্যতে সন্ধি সন্দৰ্ভত আলোচনাৰ বাবে পাকিস্তানৰ আশাক স্তব্ধ কৰি তুলিছে ।
লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী