লাকি-লাকি আগ্নেয়গিৰিৰ বিস্ফোৰণ
২০২৫ চনৰ ১৭ জুনত ইণ্ডোনেছিয়াৰ লেৱ’টবি লাকি-লাকি আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে । এই বিস্ফোৰণত ১১ কিলোমিটাৰ উচ্চতালৈ ধোঁৱা আৰু ছাই বিয়পি পৰে । দেশখনৰ ইষ্ট নুছা টেংগাৰা প্ৰদেশৰ ফ্ল’ৰেছ দ্বীপত অৱস্থিত এই আগ্নেয়গিৰি ।
ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি বিজ্ঞান সংস্থাই ইয়াক সতৰ্কতাৰ আটাইতকৈ বিপজ্জনক স্তৰ বুলি ঘোষণা কৰে । ইয়াত প্ৰচণ্ড বৰষুণ হ’লে লাভাৰ প্ৰবাহৰ সতৰ্কবাণী দিয়া হৈছে । এই আগ্নেয়গিৰিৰ বিস্ফোৰণ ইমানেই ডাঙৰ আছিল যে ছাইৰ ডাৱৰ ৯০ৰ পৰা ১৫০ কিলোমিটাৰ দূৰলৈকে দেখা গৈছিল ।
লেৱ’টবি লাকি-লাকি আগ্নেয়গিৰিৰ শক্তি
লেৱ’টবি লাকি-লাকি হৈছে ফ্ল’ৰেছ দ্বীপৰ ফ্ল’ৰেছ টাইমুৰ জিলাত অৱস্থিত ১৫৮৪ মিটাৰ উচ্চতাৰ এটা আগ্নেয়গিৰি । ইয়াৰ নামৰ অৰ্থ ইণ্ডোনেছিয়ান ভাষাত “লাকি-লাকি” (পুৰুষ) । ইয়াৰ সাধাৰণতে শান্ত কিন্তু ওখ সংগী আগ্নেয়গিৰি Lewotobi Perempuan (মহিলা, ১৭০৩ মিটাৰ)ৰ সৈতে ই এটা যোৰা গঠন কৰে ।
এই আগ্নেয়গিৰিটো পেচিফিক ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো অঞ্চলত টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ সাধাৰণতে দেখা যায় । ইণ্ডোনেছিয়াত ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে । লেৱট’বিও তাৰ ভিতৰত অন্যতম ।
এই আগ্নেয়গিৰি বিস্ফোৰণত ১০,০০০ মিটাৰ (প্ৰায় ৩২,৮০০ ফুট) উচ্চতাত এটা ছাইৰ ডাৱৰ উলাই । ইণ্ডোনেছিয়াৰ ভূতত্ত্ব সংস্থাই জনোৱা মতে, এই আগ্নেয়গিৰিটোৱে সাধাৰণতে দিনটোত ৮-১০ বাৰ বিস্ফোৰণ ঘটায় যদিও এইবাৰ দুঘণ্টাত ৫০টা বিস্ফোৰণৰ তথ্য পোৱা গৈছে । ছাইৰ ডাৱৰটো আছিল কাঠফুলাৰ আকৃতিৰ ।
বিপদৰ মাত্ৰা আৰু সতৰ্কবাণী-
বিস্ফোৰণৰ পিছত ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি আৰু ভূতাত্ত্বিক দুৰ্যোগ প্ৰশমন কেন্দ্ৰই সতৰ্কতাৰ মাত্ৰা আটাইতকৈ বিপজ্জনক (চতুৰ্থ স্তৰ)লৈ বৃদ্ধি কৰে । ইয়াৰ পূৰ্বে ২০২৫ চনৰ মে’ মাহত আটাইতকৈ ভয়াৱহ মাত্ৰাত আছিল, যেতিয়া আগ্নেয়গিৰিটোৱে আঠবাৰ বিস্ফোৰণ ঘটাইছিল ।
বিস্ফোৰণৰ ফলত বিমান যাত্ৰাত প্ৰভাৱ পৰে । বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ মাউমেৰৰ ফ্ৰান্সিস্কাছ জেভিয়াৰ চেডা বিমানবন্দৰ বন্ধ হৈ পৰে । বালিলৈ যোৱা বহু আন্তঃৰাষ্ট্ৰীয় বিমান, যেনে এয়াৰ ইণ্ডিয়া, ছিংগাপুৰ এয়াৰলাইন্স, ভাৰ্জিন অষ্ট্ৰেলিয়া, জেটষ্টাৰ আৰু জুনিয়াও এয়াৰলাইন্স বাতিল কৰা হৈছিল । বালিৰ আই গুষ্টি নুগ্ৰাহা ৰাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৩৭খনতকৈও অধিক বিমান বাতিল কৰা হয় । বহু ঘৰুৱা এয়াৰ এছিয়াৰ বিমান সেৱাও বাধাগ্ৰস্ত হয় ।
লগতে পঢ়ক : বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ ! ৰে’লৱে ট্ৰেকত ভয়ংকৰ বিস্ফোৰণ