ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা
ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয়টো দিনত আম্পায়াৰৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্টক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে সমালোচনা কৰিছে । লীডছ টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ঋষভ পণ্টে শিৰোনাম দখল কৰিছিল যদিও ইংলেণ্ডৰ প্ৰথম ইনিংছত খেলপথাৰত কৰা আচৰণৰ বাবে তেওঁক ধমক দিয়া হৈছে ।
২৭ বছৰীয়া পণ্টক আই চি চিৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয় । আই চি চিয়ে নিজৰ বিবৃতিত কয় যে, ‘ঋষভ পণ্টক খেলুৱৈ আৰু তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ সৈতে জড়িত আই চি চিৰ আচৰণ বিধিৰ ২.৮ ধাৰা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে, যিটো আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তৰ সৈতে মতানৈক্য প্ৰকাশ কৰাৰ সৈতে জড়িত ।’ ইয়াৰ উপৰিও পণ্টৰ অনুশাসনমূলক ৰেকৰ্ডত এটা ডিমেৰিট পইণ্টো সংযোজন কৰা হৈছে, যিটো যোৱা ২৪ মাহত তেওঁৰ প্ৰথম উলংঘা আছিল ।
ইংলেণ্ডৰ ইনিংছৰ ৬১ নং অভাৰত হেৰী ব্ৰুক আৰু বেন ষ্ট’কে বেটিং কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । ইয়াৰ পিছতে পণ্টে বলৰ অৱস্থাক লৈ আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছিল ।
বল জোখা যন্ত্ৰৰ সহায়ত বলটো পৰীক্ষা কৰি আম্পায়াৰসকলে বল সলনি কৰিবলৈ অস্বীকাৰ কৰাত উইকেটকীপাৰজনে বলটো মাটিত পেলাই দি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ।
যিহেতু পণ্টে নিজৰ দোষ স্বীকাৰ কৰিছিল আৰু আই চি চিৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে প্ৰস্তাৱ কৰা অনুমোদন গ্ৰহণ কৰিছিল, সেয়েহে কোনো অনুশাসনমূলক শুনানি হোৱা নাছিল ।
এই অভিযোগ উত্থাপন কৰে অন-ফিল্ড আম্পায়াৰ ক্ৰীছ গাফানী আৰু পল ৰেইফেলৰ লগতে তৃতীয় আম্পায়াৰ শ্বাৰাফুদ্দুল্লাহ ইবনে শ্বাহিদ আৰু চতুৰ্থ আম্পায়াৰ মাইক বাৰ্নছে ।
আই চি চিৰ আচৰণ বিধি লেভেল ১ ভংগ কৰিলে নূন্যতম শাস্তি হ’ল আনুষ্ঠানিক সমালোচনা, আনহাতে সৰ্বোচ্চ শাস্তি হ’ল খেলুৱৈৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা আৰু এটা বা দুটা ডিমেৰিট পইণ্ট ।
লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ