শুল্ক উত্তেজনাৰ মাজতে আলাস্কাত উপস্থিত ভাৰতীয় সেনা
ভাৰতীয় সেনাৰ এটা দল সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ আলাস্কাত উপস্থিত হৈছে । ইয়াত দলটোৱে ভাৰত আৰু আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিব । ১ ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন ১৪ ছেপ্টেম্বৰলৈ চলিব । বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে ।
উল্লেখ্য যে ‘যুদ্ধ অভ্যাস’ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক বৃহৎ সামৰিক অনুশীলন । ইয়াৰ উদ্দেশ্য দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত প্ৰশিক্ষণৰ ভাগ-বতৰা কৰা, সমন্বয় আৰু যুদ্ধৰ দক্ষতা বৃদ্ধি কৰা । এইবাৰ যুদ্ধ অভ্যাসৰ ২১ সংখ্যক সংস্কৰণ আৰু এইবাৰ ই আমেৰিকাৰ বৰফ আৰু পাহাৰৰেৰে ভৰা অঞ্চল আলাস্কাত অনুষ্ঠিত হৈছে ।
এইবাৰ ভাৰতীয় সেনাৰ মাদ্ৰাজ ৰেজিমেণ্টৰ জোৱানসকলে ভাৰতৰ তৰফৰ পৰা এই অনুশীলনত অংশ লৈছে । আনহাতে, ১১ নং এয়াৰবৰ্ণ ডিভিজনৰ ১ম বেটেলিয়ন, ৫ম ইনফেণ্ট্ৰি ৰেজিমেণ্ট (ববকেটছ)ৰ সৈন্যই আমেৰিকাৰ ফালৰ পৰা এই অনুশীলনত অংশগ্ৰহণ কৰিছে । দুয়োটা দলৰ জোৱানসকলে একেলগে দুসপ্তাহৰ বাবে বিভিন্ন ধৰণৰ যুদ্ধ অনুশীলন কৰিব ।
সেনাৰ দলে অনুশীলনত হেলিবৰ্ণ অপাৰেচন অন্তৰ্ভুক্ত কৰিব, য’ত জোৱানক হেলিকপ্টাৰেৰে শত্ৰুৰ ভূখণ্ডলৈ লৈ যাব । ইয়াৰ উপৰিও পাহাৰীয়া অঞ্চলত যুদ্ধ কৌশলৰ প্ৰশিক্ষণো দিয়া হ’ব । জোৱানসকলে মানৱবিহীন বিমান ব্যৱস্থা (UAS) আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কৌশল শিকিব । আহত জোৱানসকলক সহায় কৰাৰ লগতে তেওঁলোকক নিৰাপদে উলিয়াই অনাৰ প্ৰশিক্ষণো এই অনুশীলনৰ অংশ হ’ব ।
ইয়াৰ সমান্তৰালকৈ শিলাময় অঞ্চলত পথ আৰোহণ আৰু যুঁজৰ কৌশলৰ ওপৰতো কাম কৰা হ’ব । আৰ্টিলাৰী, বিমান আৰু ইলেক্ট্ৰনিক যুদ্ধ একেলগে ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । লগতে সৈনিকসকলে লাইভ ফায়াৰ ড্ৰিলত প্ৰকৃত গুলীৰে অনুশীলন কৰিব । শেষত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানতো কাম কৰাৰ প্ৰস্তুতি চলোৱা হ’ব ।