ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মানৰে বিভূষিত ভাৰতীয় সেনাৰ মেজৰ অভিলাষা বাৰাক

বঁটা প্ৰদান কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে সামাজিক মাধ্যম ‘এক্স’ত মেজৰ বাৰাকক ভূয়সী প্ৰশংসা কৰে

দেশৰ বাবে এক গৌৰৱোজ্জ্বল মুহূৰ্ত কঢ়িয়াই আনি ভাৰতীয় সেনাৰ মেজৰ অভিলাষা বাৰাকে লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ মৰ্যাদাপূৰ্ণ ‘২০২৫ বৰ্ষৰ ইউএন মিলিটাৰী জেণ্ডাৰ এডভোকেট বঁটা’ (UN Military Gender Advocate Award) । উল্লেখনীয় যে মেজৰ বাৰাক কেৱল এগৰাকী দক্ষ সামৰিক বিষয়াই নহয়, তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা কম্বেট হেলিকপ্টাৰ পাইলটো ।

বৰ্তমান লেবাননত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ অধীনত কৰ্মৰত মেজৰ বাৰাকক যোৱা শুকুৰবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে ।

বঁটা প্ৰদান কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে সামাজিক মাধ্যম ‘এক্স’ত (X) মেজৰ বাৰাকক ভূয়সী প্ৰশংসা কৰে । তেওঁ লিখে- “আমাৰ এই বছৰৰ ‘ইউএন মিলিটাৰী জেণ্ডাৰ এডভোকেট’, ভাৰতৰ মেজৰ অভিলাষা বাৰাকক আন্তৰিক অভিনন্দন, যিয়ে লেবাননত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ হৈ শান্তি প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে । তেওঁৰ কাৰ্যই দেখুৱাই দিছে যে UNIFIL-এ সংঘাতপূৰ্ণ অঞ্চলসমূহত কেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু ইয়াৰ উপস্থিতিয়ে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজতো স্থানীয় মহিলা আৰু কন্যাসকলৰ জীৱন সুৰক্ষিত কৰাৰ লগতে কেনেকৈ সলনি কৰিছে । মেজৰ বাৰাক, আপুনি যাৰ বাবে সেৱা আগবঢ়াইছে আৰু যাৰ সৈতে মিলি কাম কৰিছে- সকলোৰে বাবে এক আদৰ্শ । আপোনাৰ এই অনন্য সেৱাৰ বাবে ধন্যবাদ ।”

কি এই বঁটা আৰু ইয়াৰ তাৎপৰ্য ?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ঐতিহাসিক ‘১৩২৫ নং প্ৰস্তাৱ’-ৰ নীতিসমূহক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট প্ৰতিশ্ৰুতি আৰু নেতৃত্বৰ বাবে ২০১৬ চনৰ পৰা প্ৰতি বছৰে এগৰাকী সামৰিক শান্তিৰক্ষকক (পুৰুষ অথবা মহিলা) এই সন্মান প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰসংঘৰ এই নিৰ্দিষ্ট প্ৰস্তাৱটোৱে তলত উল্লেখ কৰা মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে :

লিংগভিত্তিক দৃষ্টিকোণ : শান্তিৰক্ষা আৰু শান্তিস্থাপনৰ প্ৰতিটো দিশতে পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ তথা লিংগভিত্তিক সমতাক মূলসুঁতিলৈ অনা ।

মহিলাৰ অংশগ্ৰহণ : যিকোনো দেশৰ বা অঞ্চলৰ শান্তি স্থাপন তথা ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰা ।

সুৰক্ষা আৰু প্ৰতিৰোধ : যুদ্ধ বা সংঘাতকালীন সময়ত সংঘটিত হ’ব পৰা যৌন হিংসাৰ পৰা মহিলাসকলক সুৰক্ষা দিয়া আৰু ইয়াক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰা ।

ভূমিকা সম্প্ৰসাৰণ : ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানসমূহত ইউনিফৰ্ম পৰিহিত মহিলা শান্তিৰক্ষী তথা মহিলা বিষয়াৰ সংখ্যা আৰু অৱদান বৃদ্ধি কৰা ।

বিশ্বৰ আটাইতকৈ বিপদসংকুল আৰু প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলসমূহৰ অন্যতম লেবাননত কৰ্তব্যৰত অৱস্থাত মেজৰ অভিলাষা বাৰাকে প্ৰদৰ্শন কৰা সাহসিকতা আৰু লিংগ সমতাৰ বাবে চলোৱা প্ৰচেষ্টাই আজি বিশ্ব দৰবাৰত ভাৰতীয় সেনাৰ লগতে সমগ্ৰ দেশখনলৈকে এক অভূতপূৰ্ব সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘত পুনৰ মুখথেকেচা পাকিস্তানৰ: কাশ্মীৰক লৈ মিছা আখ্যান ৰচনা কৰাৰ বাবে ভাৰতৰ উচিত প্ৰত্যুত্তৰ

ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে নীৰজক এই উপাধি প্ৰদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনা প্ৰধানৰ উপস্থিতিত নীৰজক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয় । এই অনুষ্ঠানত নীৰজক সেনাবাহিনীৰ পোছাক পৰিধান কৰা দেখা যায় ।

হাৰিয়ানাৰ পানীপাটৰ খণ্ডৰা গাঁৱৰ ২৭ বছৰীয়া জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে ২০২০ চনৰ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰে । আনহাতে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰে তেওঁ ।

নীৰজ চোপ্ৰাক এইবাৰ টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী আগবঢ়োৱা হৈছিল । বুধবাৰে এক অনুষ্ঠানত নীৰজ চোপ্ৰাক এই উপাধি প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে নীৰজ ভাৰতীয় সেনাবাহিনীত চুবেদাৰ মেজৰ আছিল । নীৰজৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীকো ২০১১ চনত টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হৈছিল ।

চলিত বৰ্ষৰ মে’ মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈন্য পৰিক্ৰমা বিভাগে নীৰজক লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান নিশ্চিত কৰি এক অধিসূচনা জাৰি কৰিছিল ।

লগতে পঢ়ক : প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ

শুল্ক উত্তেজনাৰ মাজতে আলাস্কাত উপস্থিত ভাৰতীয় সেনা… আমেৰিকান সেনাৰ সৈতে কৰিব যৌথ যুদ্ধভ্যাস

শুল্ক উত্তেজনাৰ মাজতে আলাস্কাত উপস্থিত ভাৰতীয় সেনা

ভাৰতীয় সেনাৰ এটা দল সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ আলাস্কাত উপস্থিত হৈছে । ইয়াত দলটোৱে ভাৰত আৰু আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিব । ১ ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন ১৪ ছেপ্টেম্বৰলৈ চলিব । বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ‘যুদ্ধ অভ্যাস’ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক বৃহৎ সামৰিক অনুশীলন । ইয়াৰ উদ্দেশ্য দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত প্ৰশিক্ষণৰ ভাগ-বতৰা কৰা, সমন্বয় আৰু যুদ্ধৰ দক্ষতা বৃদ্ধি কৰা । এইবাৰ যুদ্ধ অভ্যাসৰ ২১ সংখ্যক সংস্কৰণ আৰু এইবাৰ ই আমেৰিকাৰ বৰফ আৰু পাহাৰৰেৰে ভৰা অঞ্চল আলাস্কাত অনুষ্ঠিত হৈছে ।

এইবাৰ ভাৰতীয় সেনাৰ মাদ্ৰাজ ৰেজিমেণ্টৰ জোৱানসকলে ভাৰতৰ তৰফৰ পৰা এই অনুশীলনত অংশ লৈছে । আনহাতে, ১১ নং এয়াৰবৰ্ণ ডিভিজনৰ ১ম বেটেলিয়ন, ৫ম ইনফেণ্ট্ৰি ৰেজিমেণ্ট (ববকেটছ)ৰ সৈন্যই আমেৰিকাৰ ফালৰ পৰা এই অনুশীলনত অংশগ্ৰহণ কৰিছে । দুয়োটা দলৰ জোৱানসকলে একেলগে দুসপ্তাহৰ বাবে বিভিন্ন ধৰণৰ যুদ্ধ অনুশীলন কৰিব ।

সেনাৰ দলে অনুশীলনত হেলিবৰ্ণ অপাৰেচন অন্তৰ্ভুক্ত কৰিব, য’ত জোৱানক হেলিকপ্টাৰেৰে শত্ৰুৰ ভূখণ্ডলৈ লৈ যাব । ইয়াৰ উপৰিও পাহাৰীয়া অঞ্চলত যুদ্ধ কৌশলৰ প্ৰশিক্ষণো দিয়া হ’ব । জোৱানসকলে মানৱবিহীন বিমান ব্যৱস্থা (UAS) আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কৌশল শিকিব । আহত জোৱানসকলক সহায় কৰাৰ লগতে তেওঁলোকক নিৰাপদে উলিয়াই অনাৰ প্ৰশিক্ষণো এই অনুশীলনৰ অংশ হ’ব ।

ইয়াৰ সমান্তৰালকৈ শিলাময় অঞ্চলত পথ আৰোহণ আৰু যুঁজৰ কৌশলৰ ওপৰতো কাম কৰা হ’ব । আৰ্টিলাৰী, বিমান আৰু ইলেক্ট্ৰনিক যুদ্ধ একেলগে ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । লগতে সৈনিকসকলে লাইভ ফায়াৰ ড্ৰিলত প্ৰকৃত গুলীৰে অনুশীলন কৰিব । শেষত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানতো কাম কৰাৰ প্ৰস্তুতি চলোৱা হ’ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ বাবে ১০ মিনিট অপেক্ষা পুটিনৰ, তাৰ পিছত গাড়ীত একেলগে যাত্ৰা… চীনত দেখা গ’ল বন্ধুত্বৰ মজবুত ভেটি

ভাৰতীয় সেনাৰ বৃহৎ সফলতা; পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছা ফৌজী নিহত

ভাৰতীয় সেনাৰ বৃহৎ সফলতা

এফালে অপাৰেচন সিন্দুৰক লৈ সংসদত তুমুল বিতৰ্ক চলি আছে, আনফালে জম্মু-কাশ্মীৰত সেনাই অপাৰেচন মহাদেৱৰ অধীনত পহলগাম আক্ৰমণত জড়িত মূল সন্ত্ৰাসবাদীক হত্যা কৰিছে । এই পৰ্যন্ত ভাৰতীয় সেনাই তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে । ইয়াৰ ভিতৰত আছে হাছিম মুছা ওৰফে শ্বাহ চুলেমান, আবু হামজা আৰু পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা মহম্মদ ইয়াছিৰ । জানক সেনাই হত্যা কৰা এটা সন্ত্ৰাসবাদী হাছিম মুছা কোন আছিল ।

পাকিস্তানী সেনাবাহিনীত লৈছিল কামাণ্ডো প্ৰশিক্ষণ-

নিৰাপত্তা সংস্থাসমূহৰ মতে, হাছিম মুছাই পাকিস্তানী সেনাৰ বিশেষ সেৱা গোট (এছ এছ জি)ত পেৰা কামাণ্ডো হিচাপে প্ৰশিক্ষণ লৈছিল । ইয়াৰ পিছত সন্ত্ৰাসবাদীটোৱে লস্কৰ-ই-তৈবাত যোগদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ আৰম্ভ কৰে । কোৱা হয় যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সন্ত্ৰাসবাদীটোৱে ভাৰতত প্ৰৱেশ কৰি পুনৰ দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী অভিযান আৰম্ভ কৰে ।

গাণ্ডাৰবালত ৭ জন সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ-

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত ৰক্তাক্ত আক্ৰমণত ২৬ জন লোক নিহত হয় । এই ঘটনাৰ মূল অভিযুক্ত হিচাপে নিৰাপত্তা সংস্থাই হাছিম মুছাক চিনাক্ত কৰিছিল । ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত হাছিমৰ নেতৃত্বত চলোৱা আক্ৰমণত গাণ্ডাৰবালত ৭ জন সাধাৰণ নাগৰিক আৰু বাৰামুল্লাত চাৰিজন নিৰাপত্তাৰক্ষী নিহত হৈছিল । সংস্থাসমূহৰ মতে, সন্ত্ৰাসবাদীটো কমেও ছটা সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত হৈ আছিল ।

হাছিম মুছা কোন আছিল ?

চুলেইমান শ্বাহ মুছা ফৌজী নামেৰে পৰিচিত হাছিম মুছা লস্কৰ-ই-তৈবাৰ এটা বিপজ্জনক কামাণ্ডো আছিল ।

বেকগ্ৰাওণ্ডঃ হাছিম মুছা আছিল পাকিস্তানৰ বিশেষ প্ৰশিক্ষণ সেনা ইউনিট (SSG)ৰ পেৰা কমাণ্ডো ।

লস্কৰত যোগদানঃ ২০২২ চনত ভাৰতত অনুপ্ৰৱেশ কৰি লস্কৰত যোগদান কৰে । বহু আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল ।

আক্ৰমণৰ মাষ্টাৰমাইণ্ডঃ পহলগাম আক্ৰমণৰ পৰিকল্পনা আৰু সম্পাদনত সন্ত্ৰাসবাদীটোৱে মুখ্য ভূমিকা পালন কৰিছিল । ১৫ এপ্ৰিলৰ পৰা বৈছাৰণ উপত্যকাত থাকি সাত দিন চোৰাংচোৱাগিৰি কৰিছিল ।

সোণামাৰ্গ সংযোগঃ এই সন্ত্ৰাসবাদীটোৱে সোণামাৰ্গ সুৰংগ আক্ৰমণৰো নেতৃত্ব দিছিল, য’ত সাতজন লোকে প্ৰাণ হেৰুৱাইছিল ।

লুকাই থকা ঠাইঃ ডাচিগাম আৰু লিদ্ৱাছৰ হাবিত আত্মগোপন কৰি আছিল, য’ৰ পৰা সন্ত্ৰাসবাদীটোৱে পাকিস্তানলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ।

কেইবাটাও আক্ৰমণত জড়িত (যেনে গেণ্ডৰবাল আৰু বাৰামুলাৰ দৰে) হাছিম মুছাক বন্দী বা হত্যা কৰিলে সেনাই ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

অপাৰেচন মহাদেৱ আৰু লিদৱাছৰ এনকাউণ্টাৰ-

পহলগাম আক্ৰমণৰ ৯৬ দিনৰ পাছত আৰম্ভ হোৱা অপাৰেচন মহাদেৱে হাছিম মুছাক নিৰ্মূল কৰাত সফল হয় । ভাৰতীয় সেনাই ড্ৰোন, থাৰ্মেল ইমেজিং আৰু হিউমেন ইনটেলিজেন্সৰ সহায়ত হাছিমৰ স্থান অনুসৰণ কৰিছিল । লিদৱাছৰ অৰণ্যত সন্ত্ৰাসবাদীটোৰ উপস্থিতি ধৰা পৰিছিল ।

২৮ জুলাইৰ পুৱা ভাৰতীয় সেনাই অঞ্চলটো ঘেৰাও কৰে । হাছিম আৰু তাৰ লগত থকা সন্ত্ৰাসবাদী দুটাই গুলীচালনা আৰম্ভ কৰে যদিও ৬ ঘণ্টীয়া এনকাউণ্টাৰৰ অন্তত তিনিওটাই নিহত হয় ।

এই এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা এ কে-৪৭, গ্ৰেনেড, আৰু আই ই ডি (বোমা) উদ্ধাৰ কৰা হয় । হাছিমৰ সৈতে পাকিস্তানী পাছপ’ৰ্ট আৰু চেটেলাইট ফোনো পোৱা গৈছে, য’ত আই এছ আইৰ সৈতে সন্ত্ৰাসবাদীটোৰ সম্পৰ্ক চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত; ভাৰতীয় সেনাৰ বৃহৎ সফলতা

বৃদ্ধি হ’ল ভাৰতীয় সেনাৰ শক্তি; বয়িঙে ভাৰতক গতালে তিনিখন আপাচি হেলিকপ্টাৰ

বৃদ্ধি হ’ল ভাৰতীয় সেনাৰ শক্তি

বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ হেলিকপ্টাৰ আপাচিয়ে বৃদ্ধি কৰিব ভাৰতীয় বায়ুসেনাৰ শক্তি । ইতিমধ্যে ভাৰতত উপস্থিত হৈছে বয়িং কোম্পানীৰ দ্বাৰা নিৰ্মিত আপাচি হেলিকপ্টাৰ । ভাৰতীয় সেনাই কয় যে আপাচি যুদ্ধ হেলিকপ্টাৰ ডেলিভাৰী কৰা হৈছে । ভাৰতীয় সেনাই এই হেলিকপ্টাৰসমূহ যোধপুৰত মোতায়েন কৰিব । অৱশ্যে প্ৰায় ১৫ মাহৰ পলম হোৱাৰ পিছত এই হেলিকপ্টাৰ ভাৰতক যোগান ধৰা হৈছে ।

কি হয় আপাচি কম্বেট হেলিকপ্টাৰ-

আপাচি হৈছে বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ হেলিকপ্টাৰ । ই এখন নাইট ভিজন হেলিকপ্টাৰ । আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী বয়িঙে নিৰ্মাণ কৰা এই হেলিকপ্টাৰ আধুনিক যোগাযোগ, নেভিগেচন, চেন্সৰ আৰু অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত । ইয়াৰ উপৰিও ই পাইলটসকলক দিন আৰু ৰাতি দুয়োটা অৱস্থাতে লক্ষ্য চিনাক্ত আৰু আক্ৰমণ কৰাত সহায় কৰে । ইয়াৰ জৰিয়তে বৰষুণ, ধূলি বা কুঁৱলীৰ বাবে দুৰ্বল দৃশ্যমানতাতো আক্ৰমণ কৰিব পৰা যায় ।

বয়িঙৰ তথ্য অনুসৰি আপাচিয়ে ২১ হাজাৰ ফুট উচ্চতালৈকে ঘণ্টাত সৰ্বোচ্চ ২৮০ কিলোমিটাৰ বেগত উৰিব কৰিব পাৰে । ইয়াৰ ১৬টা এণ্টি টেংক এ জি এম-১১৪ হেলফায়াৰ মিছাইল নিক্ষেপ কৰাৰ ক্ষমতা আছে । ইয়াত ৩০ মিঃমিৰ দুটা বন্দুক আছে, যিবোৰে একে সময়ত ১২০০ গুলী লোড কৰিব পাৰে । আপাচিত ১৬টা এণ্টি টেংক এ জি এম-১১৪ হেলফায়াৰ আৰু ষ্টিংগাৰ মিছাইল লগোৱা হৈছে । হেলফায়াৰ মিছাইলে যিকোনো সমৰ সজ্জিত বাহন যেনে টেংক, কামান, বি এম পি বাহন এক মুহূৰ্ততে উৰুৱাই দিব পাৰে ।

২০১৫ চনত চুক্তি হৈছিল-

ভাৰতে ২০১৫ চনৰ চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাৰ বাবে ২২খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰিছিল । ইয়াৰ পিছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে ৬০ কোটি ডলাৰৰ চুক্তিত বয়িঙৰ পৰা ছখন এ এইচ-৬৪ ই আপাচি ক্ৰয় কৰিবলৈ অনুমোদন জনায় । এতিয়া ভাৰতে লাভ কৰা আপাচি হেলিকপ্টাৰ ভাৰতীয় সেনাৰ এভিয়েশন কৰ্পছৰ বাবে । বৰ্তমান আমেৰিকা, ব্ৰিটেইন, ইজৰাইল, ইজিপ্ত আদি দেশৰ সেনাবাহিনীত আপাচী ব্যৱহাৰ কৰা হয় ।

শত্ৰুৰ ৰাডাৰেও ধৰা পেলাব নোৱাৰে-

আপাচি ষ্টিংগাৰ ক্ষেপণাস্ত্ৰই আকাশৰ পৰা অহা যিকোনো ভাবুকিৰ প্ৰতিহত কৰিবলৈ সক্ষম । আনকি শত্ৰুৰ ৰাডাৰেও এই হেলিকপ্টাৰ সহজে ধৰা পেলাব নোৱাৰে । ইয়াৰ মূল কাৰণ হ’ল হেলিকপ্টাৰখনৰ ছেমি-ষ্টীল্থ টেকন’লজি আৰু কম উচ্চতাত উৰণৰ ক্ষমতা । ইয়াত অত্যাধুনিক লংব’ ৰাডাৰ স্থাপন কৰা হৈছে, যিটো নৌসেনাৰ বাবেও সহায়ক বুলি প্ৰমাণিত হ’ব ।

লগতে পঢ়ক : অপাৰেচন সেন্দূৰৰ পৰা ট্ৰাম্পলৈ; আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

‘আমি যেতিয়াই বিচাৰো, য’ত বিচাৰো আক্ৰমণ কৰিব পাৰো… পৰৱৰ্তী যুদ্ধ পূৰ্বৰ দৰে নহ’ব’, পাকিস্তানক কঠোৰ সকীয়নি ভাৰতীয় সেনাৰ

ভাৰতীয় বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীয়ে সোমবাৰে সংবাদ মাধ্যমৰ ব্রিফিঙত কয় যে ভাৰতৰ যুদ্ধ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰু পাকিস্তানে হস্তক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাটো দুখজনক । ১০ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি হোৱাৰ দুদিন পিছত ১২ মে’ত নতুন দিল্লীত অনুষ্ঠিত তিনিও সেনাৰ যৌথ সংবাদমেলত তেওঁ এই মন্তব্য কৰে । এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীয়ে কয়, ‘এয়া বেলেগ ধৰণৰ যুদ্ধ আছিল আৰু সেয়া হোৱাটো নিশ্চিত । ভগৱানে নকৰক, কিন্তু যদি আন এটা যুঁজ হয়, তেন্তে শেষৰখনতকৈ সম্পূৰ্ণ বেলেগ হ’ব । ই মেকুৰী আৰু নিগনিৰ খেল আৰু আমি সদায় প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ এখোজ আগুৱাই থাকিব লাগিব ।’

ভাৰতৰ তিনিওটা সেনাই যৌথ সংবাদমেলত পাকিস্তানক সকীয়াই দিয়ে যে যদিহে পুনৰ এনেধৰণৰ দুঃসাহস কৰে তেন্তে আমি যেতিয়াই আৰু য’তেই বিচাৰো তাতেই আক্ৰমণ কৰিব পাৰো । উল্লেখ্য যে বিগত ৭ মে’ত ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল, য’ত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তান আৰু পাকক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা হৈছিল । পৰৱৰ্তী দুদিন অৰ্থাৎ ৮ আৰু ৯ মে’ৰ নিশা পাকিস্তানে ড্ৰোন আৰু মিছাইলেৰে ভাৰত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল । নিজৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সহায়ত ভাৰতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ বিফল কৰাই নহয়, দেশখনৰ ১১টা বিমান ঘাটিত নিখুঁত আক্ৰমণ চলাই আঁঠু ল’বলৈ বাধ্য কৰিছিল । ভাৰতৰ আক্ৰমণ ইমানেই নিখুঁত আৰু ফলপ্ৰসূ আছিল যে পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভিক্ষা কৰিবলৈ বাধ্য হয় ।

পাকিস্তান সেনাৰ ডি জি এম অ’ই ভাৰতীয় সেনাৰ ডি জি এম অ’ৰ সৈতে যোগাযোগ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে যিটো ভাৰতীয় সেনাই মানি লয় । কাৰণ ভাৰতৰ লক্ষ্য কেতিয়াও যুদ্ধলৈ যোৱা নাছিল, কেৱল সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাটোৱেই আছিল, য’ত ভাৰত সম্পূৰ্ণ সফল হৈছিল । এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে ৰামচৰিত মানসৰ কিছু শাৰী পাঠ কৰে আৰু কয় যে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা ঠাইবোৰ উৰুৱাই দিয়াৰ আঁৰৰ বাৰ্তা এইটোৱেই আছিল ।

তেওঁ কয় যে যেতিয়ালৈকে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ মালিকে নিজৰ কাৰ্য্যৰ বাবে শাস্তি পোৱাৰ ভয় নকৰে তেতিয়ালৈকে ভাৰতে নিজৰ কাম বন্ধ নকৰে । এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীয়ে আৰু কয়, ‘আমাৰ সকলো সামৰিক ঘাটি আৰু ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু প্ৰয়োজন হ’লে ভৱিষ্যতে যিকোনো অভিযান সম্পন্ন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ।’

অপাৰেচন সিন্দুৰ আৰু ভাৰতে পাকিস্তানৰ বিমান আক্ৰমণক যিদৰে ৰোধ আৰু নিষ্ক্ৰিয় কৰিছিল সেই সম্পৰ্কে মন্তব্য কৰি এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয় যে ভাৰতৰ যুদ্ধ প্ৰমাণিত ব্যৱস্থাই সময়ৰ পৰীক্ষাত থিয় দিছে । এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীয়ে কয়, ‘আন এটা মূল কথা হৈছে আমাৰ থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আকাশৰ শক্তিশালী প্ৰদৰ্শন । এটা শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলা আৰু প্ৰয়োজনৰ সময়ত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ বাবে ইয়াক ব্যৱহাৰ কৰাটো সম্ভৱ হৈছে কেৱল যোৱা দশকত ভাৰত চৰকাৰৰ পৰা লাভ কৰা বাজেট আৰু নীতিগত সহায়ৰ বাবে । তেওঁ কয় যে পাকিস্তানে ব্যৱহাৰ কৰা ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে আমাৰ আকাশমাৰ্গত অনুপ্ৰৱেশ কৰাৰ অগণন প্ৰচেষ্টাও আমাৰ থলুৱাভাৱে বিকশিত হাৰ্ড-কিল কাউণ্টাৰ ইউ এ এছ ব্যৱস্থা আৰু সু-প্ৰশিক্ষিত ভাৰতীয় বায়ু প্ৰতিৰক্ষা কৰ্মীয়ে বিফল কৰে ।

‘পহলগামলৈকে এই পাপৰ পাত্ৰ ভৰি আছিল…’, পাকিস্তানক শিক্ষা দিয়া ভাৰতীয় সেনাৰ গৰ্জন

সোমবাৰে অপাৰেচন সিন্দুৰক লৈ আজি তিনিও সেনাৰ ডিজি অপাৰেচনৰ প্ৰেছ ব্রিফিং অনুষ্ঠিত হয় ৷ এই সময়ছোৱাত ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে আমাৰ এয়াৰ ডিফেন্স চিষ্টেম সাজু আছিল । পাকিস্তানে আমাৰ এয়াৰ ডিফেন্স গ্ৰীড ব্যৱস্থাত ভেদ কৰিব নোৱাৰিলে ।

তেওঁ কয় যে সন্ত্ৰাসবাদী ঘটনাৰ পদ্ধতিৰ পৰিৱৰ্তন হৈছে । আমাৰ সামৰিক বাহিনীৰ লগতে নিজৰ ৰক্ষা কৰিব নোৱাৰা আমাৰ নিৰীহ নাগৰিকসকলকো আক্ৰমণ কৰা হৈছিল । ২০২৪ চনত জম্মুৰ শিৱখোৰী মন্দিৰলৈ অহা তীৰ্থযাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণ এই বিপজ্জনক ধাৰাটোৰ নিৰ্দিষ্ট উদাহৰণ । পহলগাম অহাৰ সময়লৈকে এই পাপৰ পাত্ৰ ভৰি পৰিছিল । ইয়াৰ পিছত কি হৈছিল সেই বিষয়ে আমি ইতিমধ্যে বিতংভাৱে কথা পাতিছো । আমি ষ্ট্ৰাইক কৰিলোঁ । আমি সম্পূৰ্ণৰূপে জানিছিলোঁ যে পাকিস্তানেও আক্ৰমণ কৰিব, গতিকে আমি আমাৰ বায়ু প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলোঁ ।

ৰাজীৱ ঘাইয়ে ক’লে যে আমি সাজু হৈ আছিলো । আমাৰ এয়াৰ ডিফেন্স চিষ্টেমো সাজু হৈ আছিল । আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো দেৱালৰ দৰে থিয় হৈ আছিল । আমি আক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি চলাইছিলোঁ ।

সংবাদমেলত এয়াৰ অপাৰেচনৰ ডিজি এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে আমাৰ যুঁজখন সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে । সেইবাবেই আমি ৭ মে’ত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ কৰিছিলো যদিও পাকিস্তানী সেনাই সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো উপযুক্ত বুলি ভাবি এই যুদ্ধখনক নিজৰ যুদ্ধ কৰি লোৱাটো দুৰ্ভাগ্যজনক । এই পৰিস্থিতিত আমাৰ প্ৰতিশোধমূলক ব্যৱস্থাটো অত্যন্ত প্ৰয়োজনীয় আছিল, ইয়াত যিমানেই ক্ষতি নহওক কিয় । ইয়াৰ বাবে তেওঁলোক নিজেই দায়ী ।

তেওঁ কয় যে আমি সীমান্ত পাৰ নোহোৱাকৈয়ে আক্ৰমণ চলাইছিলো । আমি পাকিস্তানৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছিলো । আমাৰ এয়াৰ ডিফেন্স গ্ৰীডত ভেদ কৰিব নোৱাৰিলে । আমি সন্ত্ৰাসবাদীৰ ওপৰত নিখুঁত আক্ৰমণ চলাইছিলো ।

ভাৰতৰ সন্মুখত আঁঠু লোৱা পাকিস্তানৰ ধৰা পৰিল চাৰিটা নতুন মিথ্যা… উদঙাই দিলে ভাৰতীয় সেনাই

ভাৰত আৰু পাকিস্তানৰ মাজত ঘোষণা হোৱা যুদ্ধবিৰতিৰ পিছত ভাৰতীয় সেনাই সংবাদ মাধ্যমৰ জৰিয়তে দশক দশক ধৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি অহা চুবুৰীয়া দেশখনৰ প্ৰকৃত চৰিত্ৰ পুনৰ এবাৰ উদঙাই দিছে । শনিবাৰে সন্ধিয়া কমোডৰ ৰঘু আৰ নাইৰ, কৰ্ণেল ছফিয়া কুৰেছী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰে । কমোডৰ ৰঘু আৰ নাইৰে কয়, বৈদেশিক সচিবে কোৱাৰ দৰে আমি সকলো সামৰিক অভিযান বন্ধ কৰাত একমতত উপনীত হৈছো । যোৱা কেইদিনমানৰ পৰিঘটনাসমূহৰ বিষয়ে আমি আপোনালোকক তথ্য দিছো । ইয়াৰ পিছতে সংবাদমেলত উপস্থিত থকা কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে পাকিস্তানে প্ৰচাৰ কৰি থকা মিছা অপপ্ৰচাৰ উদঙাই দিয়ে ।

-কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে পাকিস্তানৰ ভুৱা অভিযোগ উদঙাই দি কয়, এতিয়া মই আপোনালোকক পাকিস্তানৰ ভুল তথ্য অভিযানৰ বিষয়ে ক’ম । প্ৰথমতে, পাকিস্তানে নিজৰ জে এফ ১৭ বিমানেৰে আমাৰ এছ-৪০০ আৰু ব্ৰাহ্মছ মিছাইল বেছসমূহৰ ক্ষতিসাধন কৰা বুলি প্ৰচাৰ কৰিছিল, যিটো একেবাৰে ভুল ।

-কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে পাকিস্তানে কৈছে তেওঁলোকে আমাৰ বিমানবন্দৰ ছিৰছা, জম্মু, পাঠানকোট, বাথিণ্ডা, নলিয়া আৰু ভুজত আক্ৰমণ কৰিছে, এই দাবীও একেবাৰে মিছা ।

-পাকিস্তানৰ তৃতীয়টো গোকাট মিছা কথা উদঙাই দি কৰ্ণেল ছফিয়াই কয় যে চণ্ডীগড় আৰু বিয়াছত থকা আমাৰ অস্ত্ৰ-শস্ত্ৰগাৰত আক্ৰমণ কৰা পাকিস্তানৰ দাবীটোও একেবাৰে মিছা । আমি আপোনালোকক কৈছিলো যে এই সকলোবোৰ ঠিকেই, সঠিক অৱস্থাত আছে ।

-মছজিদ আক্ৰমণ সন্দৰ্ভত পাকিস্তানে প্ৰচাৰ কৰা মিথ্যা উদঙাই দি কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে, পাকিস্তানে ভাৰতীয় সেনাই মছজিদসমূহৰ ক্ষতিসাধন কৰা বুলি ভুৱা অভিযোগ উত্থাপন কৰিছে । মই স্পষ্টকৈ ক’ব বিচাৰো যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু আমাৰ সেনাবাহিনী ভাৰতৰ সাংবিধানিক মূল্যবোধৰ অতি সুন্দৰ প্ৰতিফলন ।

লগতে কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে লগতে কয় যে আমি পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ ক্ষতি কৰিলোঁ । ভাৰতে পাকিস্তানৰ স্কাৰডু, জাকুবাবাদ, সৰগোডা, বুলাৰী বিমানবন্দৰৰ ব্যাপক ক্ষতিসাধন কৰে । পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ৰাডাৰ ব্যৱস্থা অসাৰ হৈ পৰে । পাকিস্তানৰ কমাণ্ড এণ্ড কণ্ট্ৰল লজিষ্টিক ইনষ্টলেশ্যন আৰু এল অ’ চিৰ ওচৰৰ ইয়াৰ সামৰিক আন্তঃগাঁথনি আৰু কৰ্মীসকল ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যে পাকিস্তানৰ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক ক্ষমতা ধ্বংস হৈ পৰে । মই পুনৰ ক’ব বিচাৰিছো যে ভাৰতীয় সেনা সম্পূর্ণৰূপে প্রস্তুত আৰু সজাগ ৷ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে আমি সম্পূৰ্ণ উৎসৰ্গিত ।

ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰত নিহত শীৰ্ষ ৫ সন্ত্ৰাসবাদী… প্ৰকাশ পালে নাম

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয় সেনাই ৬-৭ মে’ৰ নিশা ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে । ভাৰতীয় সেনাৰ এই অভিযানত পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সম্পূৰ্ণৰূপে ধ্বংস হয় । এতিয়া ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত পাকিস্তানত নিহত সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ পাইছে ।

‘অপাৰেচন সিন্দুৰ’ৰ সফলতা

ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানত শীৰ্ষ ৫ সন্ত্ৰাসবাদীক হত্যা কৰিছে । ইয়াৰ ভিতৰত আছে লস্কৰৰ সন্ত্ৰাসবাদী মুদাছৰ খাদিয়ান । পাকিস্তানী সেনাই এই সন্ত্ৰাসবাদীটোক সন্মান জনাইছিল । প্ৰকাশ পোৱা তালিকাখনে ভাৰতৰ আটাইতকৈ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ ঘনিষ্ঠকো নিৰ্মূল কৰাটো নিশ্চিত কৰিছে ।

একে সময়তে মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদ জী ওৰফে মহম্মদ চেলিম ওৰফে ঘোষী চাহাবৰ হত্যাৰ বাতৰিও পোহৰলৈ আহিছে । এই সন্ত্ৰাসবাদীটোৱে জম্মু-কাশ্মীৰত বহু সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল । ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি-৮১৪ বিমান অপহৰণৰ ঘটনাতো এই সন্ত্ৰাসবাদীটো মষ্ট ৱান্টেড আছিল ।

কোন কোন সন্ত্ৰাসবাদী নিহত হ’ল ?

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতে চলোৱা ‘অপাৰেচন সিন্দুৰ’ত নিহত সন্ত্ৰাসবাদীৰ সবিশেষ-

মুদাছাৰ খাদিয়ান খাছ ওৰফে মুদাছাৰ ওৰফে আবু জুন্দাল (লস্কাৰ-ই-তৈবা)-

মাৰ্কাজ টাইবাৰ, মুৰিডকেৰ প্ৰভাৰী । এই সন্ত্ৰাসবাদীটোৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তান সেনাই দিলে গাৰ্ড অৱ অনাৰ । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পাকিস্তানী সেনা প্ৰধান আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে । সন্ত্ৰাসবাদীটোৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ চৰকাৰী বিদ্যালয়ত কৰা হয় । ইয়াৰ নেতৃত্বত আছিল ঘোষিত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱাৰ হাফিজ আব্দুল ৰৌফ । পাক সেনাবাহিনীৰ এজন অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আৰু পঞ্জাৱ আৰক্ষীৰ আই জিয়ে নামাজ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

হাফিজ মহম্মদ জমিল (জয়ছ-ই-মহম্মদ)-

মৌলানা মাছুদ আজহাৰৰ ডাঙৰ খুলশালীয়েক । মাৰ্কাজ চুভান আল্লাহ, বাহাৱালপুৰৰ প্ৰভাৰী । যুৱকসকলক উগ্ৰপন্থী কৰি জৈছ-ই-মহম্মদৰ বাবে ধন সংগ্ৰহৰ কামত সক্ৰিয়ভাৱে জড়িত আছিল ।

মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদজী ওৰফে মহম্মদ চেলিম ওৰফে ঘোষী চাহাব (জৈছ-ই-মহম্মদ)-

মৌলানা মাছুদ আজহাৰৰ খুলশালীয়েক । আগতে এই সন্ত্ৰাসবাদীটোৱে জয়ছ-ই-মহম্মদৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ চম্ভালিছিল । জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত । আই চি-৮১৪ হাইজেকিং ঘটনাত মষ্ট ৱান্টেড আছিল এই দুধৰ্ষ সন্ত্ৰাসবাদীটো ।

খালিদ ওৰফে আবু আকছা (লস্কাৰ-ই-তৈবা)-

জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল এই সন্দ্ৰাসবাদীটো । আফগানিস্তানৰ পৰা চোৰাং অস্ত্ৰ সৰবৰাহতো জড়িত আছিল । ফৈছালাবাদত সমাধিস্থ কৰা হয় সন্ত্ৰাসবাদীটোক । অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে পাকিস্তানী সেনাৰ জ্যেষ্ঠ বিষয়া আৰু ফৈছালাবাদৰ উপ আয়ুক্তই ।

মহম্মদ হাছান খান (জয়ছ-ই-মহম্মদ)-

মুফতি আছঘৰ খান PoKত জৈছৰ অপাৰেচনেল কমাণ্ডাৰ আছিল । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই সন্ত্ৰাসবাদীটোৱে ।