ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ
৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে আয়োজক ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । আঠটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব, য’ত শীৰ্ষ চাৰিটা দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ২ নৱেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল । ১ অক্টোবৰত ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব অষ্ট্ৰেলিয়াই ।
উল্লেখ্য যে পাকিস্তানে নিজৰ সকলো মেচ শ্ৰীলংকাৰ কলম্বোত খেলিব । এই মেচ বি চি চি আই আৰু পি চি বিয়ে সহমতত উপনীত হোৱা হাইব্ৰিড হ’ষ্টিং মডেলৰ অধীনত হ’ব । চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ফলত ভাৰতকে ধৰি পাকিস্তানৰ সৈতে খেলা দলসমূহে কলম্বোলৈ গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।
নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এই মেচ-
৫ অক্টোবৰত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ । এই খেলখন কলম্বোত অনুষ্ঠিত হ’ব । বিয়লি ৩ বজাৰ পৰা দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন ।
মহিলা বিশ্বকাপত ভাৰতৰ খেল-
ভাৰতে ৩০ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে এই প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব । বাংলাদেশৰ বিৰুদ্ধে দলটোৰ গুৰুত্বপূৰ্ণ গ্ৰুপ মেচখন ২৬ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব, তাৰ পিছত ৫ অক্টোবৰত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব । তাৰ পিছত ৯ অক্টোবৰত বিশাখাপট্টনমত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব, তাৰ পিছত ১২ অক্টোবৰত একেখন খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব ।
১৯ অক্টোবৰত ভাৰতীয় দলটোৱে ইন্দোৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব । ইয়াৰ পিছত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ৰ অন্তিমখন খেল ২৩ অক্টোবৰত গুৱাহাটীত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু ২৬ অক্টোবৰত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে খেলিব ।
লগতে পঢ়ক : ১৫ বছৰৰ পাছত ভাৰতৰ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট