সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম
ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট ছিৰিজক পাটাউডি ট্ৰফী বুলি জনা গৈছিল । কিন্তু এতিয়া পটাউডি ট্ৰফীৰ নাম সলনি কৰা হৈছে । অৰ্থাৎ এইবাৰ ভাৰত আৰু ইংলেণ্ডৰ শৃংখলাটো আৰু পাটাউডি ট্ৰফী হিচাপে নহয়, শচীন টেণ্ডুলকাৰ আৰু জেমছ এণ্ডাৰছন ট্ৰফী হিচাপেহে খেলা হ’ব । ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব । ২০০৭ চনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাটাউডি ট্ৰফী শৃংখলা চলি আছিল যদিও এতিয়া এই ট্ৰফী অৱসৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।
উল্লেখ্য যে ২০০৭ চনত যেতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট ক্ৰিকেটৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল, তেতিয়া এই শৃংখলাটোক পাটাউডি ট্ৰফী বুলি নামকৰণ কৰা হৈছিল । কিন্তু এতিয়া পাটাউডিৰ সলনি এই টেষ্ট ছিৰিজটো টেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ নামত অনুষ্ঠিত হ’ব । ভাৰতীয় প্ৰাক্তন অধিনায়ক ইফতিখাৰ আলী খান পাটাউডি আৰু মনছুৰ আলী খান পাটাউডিৰ সন্মানত এই টেষ্ট শৃংখলা পাটাউডি ট্ৰফী নামেৰে নামাকৰণ কৰা হৈছিল ।
ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে ১৫,৯২১ ৰানেৰে টেষ্ট ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হৈ আছে । ৫২ বছৰীয়া টেণ্ডুলকাৰে ১৯৮৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ২০০ খন টেষ্ট মেচ খেলিছিল । আনহাতে জেমছ এণ্ডাৰছন ইংলেণ্ডৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী, ৭০৪ উইকেটৰে টেষ্ট ক্ৰিকেটৰ আটাইতকৈ সফল বেগী বলাৰ তেওঁ ।
একে সময়তে পাটাউডি ট্ৰফীৰ নাম আঁতৰোৱাৰ কথা শুনি আচৰিত হোৱা সুনীল গাভাস্কৰে এই বিষয়ত অসন্তুষ্টিও প্ৰকাশ কৰিছে । স্প’ৰ্টষ্টাৰত গাভাস্কাৰে লিখিছে, “ইংলেণ্ডত ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ বিজয়ীসকলক দিয়া পটাউডি ট্ৰফীক ই চি বিয়ে আঁতৰাই পেলাইছে, এইটো সঁচাকৈয়ে দুখঃজনক খবৰ । ব্যক্তিগত খেলুৱৈৰ নামেৰে নামাকৰণ কৰা ট্ৰফী প্ৰথমবাৰৰ বাবে আঁতৰোৱা হৈছে, যদিও এইটো সম্পূৰ্ণৰূপে ই চি বি আৰু বি চি চি আইৰ সিদ্ধান্ত এই বিষয়ে অৱগত কৰা হ’ব পাৰে ।”
ভাৰত বনাম ইংলেণ্ড টেষ্ট ছিৰিজ সূচী-
প্ৰথম টেষ্ট- ২০ জুনৰ পৰা ২৪ জুনলৈ
দ্বিতীয় টেষ্ট- ২ জুলাইৰ পৰা ৬ জুলাইলৈ
তৃতীয় টেষ্ট- ১০ জুলাইৰ পৰা ১৪ জুলাইলৈ
চতুৰ্থ টেষ্ট- ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ
পঞ্চম টেষ্ট- ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ
https://time8.in/indian-team-players-reached-mumbai-airport-for-england/লগতে পঢ়ক : ইংলেণ্ডলৈ ৰাওনা ভাৰতীয় দল; ভাৰতীয় টেষ্ট দলত প্ৰথমবাৰলৈ সাই সুদৰ্শন