ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ;আঢ়ৈ দিনতে শেষ হ’ল ৫ দিনীয়া খেল

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয় সাব্যস্ত কৰে। ৫ দিনীয়া খেলখন মাত্ৰ আঢ়ৈ দিনৰ ভিতৰতে সমাপ্ত কৰে ভাৰতে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি আলহী দলটোৱে প্ৰথম ইনিংছত মহম্মদ চিৰাজ আৰু যশপ্ৰিত বুমৰাহৰ দুৰ্দান্ত বলিঙৰ বাবে ১৬২ ৰান সংগ্ৰহ কৰি থমকি ৰয়।

ভাৰতে কে এল ৰাহুল, ধ্ৰুৱ জুৰেল আৰু ৰবীন্দ্ৰ জাডেজাৰ শক্তিশালী শতক কৰি ৫ উইকেটত ৪৪৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে।

মেচৰ তৃতীয় দিনা ২৮৬ ৰানক লক্ষ্য কৰিবলৈ   ওলাই আহিছিল যদিও ৱেষ্ট ইণ্ডিজৰ দলটোৱে দ্বিতীয় ইনিংছতো ভাঙি পৰে।

আহমেদাবাদ টেষ্টত বিপৰ্যয়জনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৱেষ্ট ইণ্ডিজ। শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে যি আগ্ৰাসী পন্থা প্ৰদৰ্শিত হৈছিল, সেই আগ্ৰাসী পন্থা প্ৰদৰ্শন কৰিছিল টিম ইণ্ডিয়াই।

মহম্মদ চিৰাজ আৰু যশপ্ৰিত বুমৰাহৰ বলিংত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বিপৰীতে কেৰিবিয়ান দলটোৱে কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ স্পিন বুজিব পৰা নাছিল।প্ৰথম ইনিংছত ১৬২ ৰান সংগ্ৰহ কৰা দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৪৬ ৰানহে কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: মীৰাবাই চানুৰ আন এক অভিলেখ; বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত গঢ়িল এই ১০টা ডাঙৰ অভিলেখ…

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত গঢ়িল এই ১০টা ডাঙৰ অভিলেখ

ভাৰতীয় ক্ৰিকেট দলটোৱে অ’ভেলত অনুষ্ঠিত হোৱা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চমখন টেষ্টত জয়লাভ কৰি শৃংখলাটো ২-২ ব্যৱধানত সমতা স্থাপন কৰে । এই জয়ত সোঁহতীয়া বেগী বলাৰ মহম্মদ ছিৰাজে ডাঙৰ ভূমিকা পালন কৰিছিল । খেলখনত ৯টা উইকেট দখল কৰা ছিৰাজ মেন অৱ দ্য মেচ হিচাপে বিবেচিত হয় । ইংলেণ্ডক অন্তিম দিনটোত মাত্ৰ ৩৫ ৰানৰ প্ৰয়োজন হৈছিল আৰু ভাৰত চাৰিটা উইকেট দূৰত আছিল । বহুতে বিশ্বাস কৰা নাছিল যে ভাৰতীয় দলে এই মেচখনত জয়ী হ’ব কিন্তু মহম্মদ ছিৰাজে এনেকুৱা কাম কৰিছিল যিটো ক্ৰিকেট প্ৰেমীসকলে সদায়ে মনত ৰাখিব ।

বাকী থকা চাৰি উইকেটৰ ভিতৰত তিনিটা উইকেট দখল কৰি ছিৰাজে ভাৰতক ৬ ৰানত জয় প্ৰদান কৰে । ইয়াৰ লগে লগে শেহতীয়া সময়ৰ অন্যতম কঠিন আৰু নাটকীয় শৃংখলাৰ এক সুন্দৰ অন্ত পৰে । এই টেষ্ট শৃংখলাত এনে বহু অভিলেখ গঢ় লৈ উঠিছিল যিটো বিশ্ব ক্ৰিকেটে সদায় মনত ৰাখিব ।

মহম্মদ ছিৰাজে সৃষ্টি কৰিলে ইতিহাস-

ইংলেণ্ডত অনুষ্ঠিত পাঁচখনীয়া টেষ্ট শৃংখলাত মহম্মদ ছিৰাজৰ উজ্জ্বল প্ৰদৰ্শন তেওঁৰ পৰিসংখ্যাত দেখা গৈছে । ২৩টা উইকেট দখল কৰি ইংলেণ্ডত টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহৰ অভিলেখ স্পৰ্শ কৰিছে তেওঁ । ২০২১-২২ বৰ্ষত এই কৃতিত্ব অৰ্জন কৰি বুমৰাহে ভুৱনেশ্বৰ কুমাৰ (১৯)ৰ অভিলেখ ভংগ কৰে । এই শৃংখলাৰ পৰা আৰম্ভ হোৱা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীতো ছিৰাজ সৰ্বাধিক উইকেট দখলকাৰী । ছিৰাজৰ পিছত ইংলেণ্ডৰ জোছ টংগে (১৯) দ্বিতীয় স্থান লাভ কৰে । ২০২০ চনত প্ৰথমবাৰৰ বাবে টেষ্ট ফৰ্মেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ছিৰাজে । এই সময়ছোৱাত তেওঁ পাঁচবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ১৫ ৰানত ৬ উইকেট ।

ৰাণৰ ক্ষেত্ৰত আটাইতকৈ ওচৰৰ জয়-

অভেল টেষ্টত ভাৰতে ৬ ৰানত জয়লাভ কৰে যি টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত একেবাৰে ওচৰৰ জয় । ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ২০০৪ চনত মুম্বাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩ ৰানত জয়লাভ । এই শৃংখলাত ভাৰতে মুঠ ৩,৮০৯ ৰান সংগ্ৰহ কৰিছিল, যিটো ৫খন খেলৰ টেষ্ট শৃংখলাত যিকোনো দলৰ সৰ্বাধিক স্ক’ৰ ।

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয়ৰ বাবে ইংলেণ্ডৰ অপেক্ষা বৃদ্ধি-

ভাৰতৰ বিৰুদ্ধে একেৰাহে চতুৰ্থখন টেষ্ট শৃংখলাত ইংলেণ্ড জয়ী হোৱাত ব্যৰ্থ হয় । এই ধাৰা ২০১৮ চনৰ পৰা চলি আহিছে । পৰম্পৰাগত ফৰ্মেটত ধাৰাবাহিকভাৱে সফলতা লাভ কৰিব নোৱাৰাৰ এইটোৱেই হৈছে ইংলেণ্ডৰ দ্বিতীয়টো দীঘলীয়া সময় । ইয়াৰ পূৰ্বে ১৯৯৬ চনৰ পৰা ২০১১ চনৰ ভিতৰত পাঁচখন ছিৰিজত জয়হীন হৈ আছিল দলটো ।

গাভাস্কাৰৰ অভিলেখ স্পৰ্শ ৰুটৰ-

ইংলেণ্ডৰ কিংবদন্তি বেটছমেন জো ৰুটে অভেল টেষ্টৰ দ্বিতীয় ইনিংছত ১০৪ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে টেষ্টত তেওঁৰ ত্ৰয়োদশ শতক আৰু সামগ্ৰিকভাৱে ১৬ সংখ্যক শতক অৰ্জন কৰে । লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ অভিলেখ স্পৰ্শ কৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৩টা শতক অৰ্জন কৰা মহান বেটছমেন সুনীল গাভাস্কাৰৰ অভিলেখকো স্পৰ্শ কৰিছে ৰুটে । এখন দেশৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত এতিয়া মাত্ৰ ডন ব্ৰেডমেন (ইংলেণ্ডৰ বিৰুদ্ধে ১৯ শতক)হে তেওঁৰ পৰা আগবাঢ়ি আছে । ইয়াৰ উপৰিও ৰুট ডব্লিউ টি চিৰ ইতিহাসত ৬ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপেও পৰিগণিত হৈছে ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত গীল-

ভাৰতীয় অধিনায়ক শুভমন গীলে এই শৃংখলাত ৭৫৪ ৰান সংগ্ৰহ কৰি সুনীল গাভাস্কাৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক গ্ৰেহাম গুচৰ দৰে দুজন মহান বেটছমেনক অতিক্ৰম কৰে । তেওঁ অধিনায়ক হিচাপে ছিৰিজত সৰ্বাধিক ৰান সংগ্ৰহ কৰি গাভাস্কাৰৰ (৭৩২) অভিলেখ অতিক্ৰম কৰে । ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ৩৫ বছৰীয়া গুচৰ (৭৫২) অভিলেখ ভংগ কৰে গীলে ।

টেষ্ট শৃংখলাত দ্বিতীয়বাৰৰ বাবে সৰ্বাধিক ৰান সংগ্ৰহ-

এই শৃংখলাত মুঠ ৭১৮৭ ৰান সংগ্ৰহ হৈছে । টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ৭০০০ৰো অধিক ৰান সংগ্ৰহ হৈছে ।

এই শৃংখলাত ৯ জন বেটছমেনে চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰে-

এই ছিৰিজত মুঠ ৯ জন বেটছমেনে চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰিছে । যিটো এতিয়া বিশ্ব অভিলেখ । শুভমন গীলে ৭৫৪ ৰান, জো ৰুটে ৫৩৭ ৰান, কে এল ৰাহুলে ৫৩২ ৰান, ৰবীন্দ্ৰ জাডেজাই ৫১৬ ৰান, হেৰী ব্ৰুক ৪৮১ ৰান, ঋষভ পণ্টে ৪৭৯ ৰান, বেন ডাকেটে ৪৬২ ৰান, জেমী স্মিথে ৪৩৪ ৰান, আৰু জেছৱালে ৪১১ ৰান সংগ্ৰহ কৰে । এইবাৰ ৯ জন বেটছমেনে ছিৰিজত চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

এটা শৃংখলাত আটাইতকৈ বেছি শতক-

এই শৃংখলাত মুঠ ২১টা শতক অৰ্জন কৰা হৈছিল । টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে একক শৃংখলাত ইমানবোৰ শতক অৰ্জন কৰা হৈছে । একে সময়তে এই শৃংখলাত মুঠ ১৯টা শতকৰ অংশীদাৰিত্ব লাভ কৰা হৈছিল যিটো নিজৰ বাবেই এক অভিলেখ । টেষ্টৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনেকুৱা হৈছে ।

ভাৰতীয় টেষ্ট অধিনায়কৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ-

এডগবাষ্টনত গীলে ২৬৯ ৰান সংগ্ৰহ কৰি বিৰাট কোহলীৰ ২৫৪ ৰানৰ অভিলেখ ভংগ কৰি এজন ভাৰতীয় অধিনায়কৰ ব্যক্তিগত টেষ্টত সৰ্বাধিক স্ক’ৰ ৰেকৰ্ড কৰে ।

SENAত দুটা শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়ক-

২০১১ চনত লৰ্ডছত দিলশ্বানৰ ১৯৩ ৰান অতিক্ৰম কৰি SENA দেশত টেষ্টত দুটা শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়ক হিচাপে পৰিগণিত হয় গীল ।

লগতে পঢ়ক : শুভমন গীলৰ নেতৃত্বত ডব্লিউ টি চিৰ নতুন চক্ৰত ভাল আৰম্ভণি ভাৰতৰ… জানক পইন্ট টেবুলত ভাৰত-ইংলেণ্ডৰ অৱস্থান

সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম; এই দুজন কিংবদন্তিৰ নামেৰে ৰখা হ’ব ট্ৰফীৰ নাম

সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম

ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট ছিৰিজক পাটাউডি ট্ৰফী বুলি জনা গৈছিল । কিন্তু এতিয়া পটাউডি ট্ৰফীৰ নাম সলনি কৰা হৈছে । অৰ্থাৎ এইবাৰ ভাৰত আৰু ইংলেণ্ডৰ শৃংখলাটো আৰু পাটাউডি ট্ৰফী হিচাপে নহয়, শচীন টেণ্ডুলকাৰ আৰু জেমছ এণ্ডাৰছন ট্ৰফী হিচাপেহে খেলা হ’ব । ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব । ২০০৭ চনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাটাউডি ট্ৰফী শৃংখলা চলি আছিল যদিও এতিয়া এই ট্ৰফী অৱসৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে ২০০৭ চনত যেতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট ক্ৰিকেটৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল, তেতিয়া এই শৃংখলাটোক পাটাউডি ট্ৰফী বুলি নামকৰণ কৰা হৈছিল । কিন্তু এতিয়া পাটাউডিৰ সলনি এই টেষ্ট ছিৰিজটো টেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ নামত অনুষ্ঠিত হ’ব । ভাৰতীয় প্ৰাক্তন অধিনায়ক ইফতিখাৰ আলী খান পাটাউডি আৰু মনছুৰ আলী খান পাটাউডিৰ সন্মানত এই টেষ্ট শৃংখলা পাটাউডি ট্ৰফী নামেৰে নামাকৰণ কৰা হৈছিল ।

ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে ১৫,৯২১ ৰানেৰে টেষ্ট ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হৈ আছে । ৫২ বছৰীয়া টেণ্ডুলকাৰে ১৯৮৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ২০০ খন টেষ্ট মেচ খেলিছিল । আনহাতে জেমছ এণ্ডাৰছন ইংলেণ্ডৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী, ৭০৪ উইকেটৰে টেষ্ট ক্ৰিকেটৰ আটাইতকৈ সফল বেগী বলাৰ তেওঁ ।

একে সময়তে পাটাউডি ট্ৰফীৰ নাম আঁতৰোৱাৰ কথা শুনি আচৰিত হোৱা সুনীল গাভাস্কৰে এই বিষয়ত অসন্তুষ্টিও প্ৰকাশ কৰিছে । স্প’ৰ্টষ্টাৰত গাভাস্কাৰে লিখিছে, “ইংলেণ্ডত ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ বিজয়ীসকলক দিয়া পটাউডি ট্ৰফীক ই চি বিয়ে আঁতৰাই পেলাইছে, এইটো সঁচাকৈয়ে দুখঃজনক খবৰ । ব্যক্তিগত খেলুৱৈৰ নামেৰে নামাকৰণ কৰা ট্ৰফী প্ৰথমবাৰৰ বাবে আঁতৰোৱা হৈছে, যদিও এইটো সম্পূৰ্ণৰূপে ই চি বি আৰু বি চি চি আইৰ সিদ্ধান্ত এই বিষয়ে অৱগত কৰা হ’ব পাৰে ।”

ভাৰত বনাম ইংলেণ্ড টেষ্ট ছিৰিজ সূচী-

প্ৰথম টেষ্ট- ২০ জুনৰ পৰা ২৪ জুনলৈ

দ্বিতীয় টেষ্ট- ২ জুলাইৰ পৰা ৬ জুলাইলৈ

তৃতীয় টেষ্ট- ১০ জুলাইৰ পৰা ১৪ জুলাইলৈ

চতুৰ্থ টেষ্ট- ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ

পঞ্চম টেষ্ট- ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ

https://time8.in/indian-team-players-reached-mumbai-airport-for-england/লগতে পঢ়ক : ইংলেণ্ডলৈ ৰাওনা ভাৰতীয় দল; ভাৰতীয় টেষ্ট দলত প্ৰথমবাৰলৈ সাই সুদৰ্শন