ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ এতিয়া কেৱল কূটনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই । দেশৰ ব্যৱসায়ী শ্ৰেণী আৰু সাধাৰণ মানুহৰ সিদ্ধান্ততো ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । তুৰ্কীয়ে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰাৰ পিছত সমগ্ৰ দেশতে ‘বয়কট তুৰ্কী’ অভিযানে গতি লাভ কৰিছে । মহাৰাষ্ট্ৰৰ পুনেৰ পৰা ৰাজস্থানৰ উদয়পুৰলৈকে ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা সামগ্ৰী বৰ্জন কৰি অৰ্থনৈতিক দিশত তুৰ্কীক প্ৰত্যুত্তৰ দিয়াৰ কথা ঘোষণা কৰিছে ।
মহাৰাষ্ট্ৰৰ পুনেৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা আপেল বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । এই আপেলসমূহ স্থানীয় বজাৰৰ পৰা নোহোৱা হৈ গৈছে আৰু গ্ৰাহকেও বৰ্জন কৰিছে । পুনেৰ ফলৰ বজাৰত প্ৰতি বছৰে তুৰ্কী আপেলৰ মূল্য প্ৰায় ১০০০ৰ পৰা ১২০০ কোটি টকা, কিন্তু এতিয়া এই ব্যৱসায় স্তব্ধ হৈ পৰিছে ।
পুনেৰ স্থানীয় বাসিন্দাসকলেও এই বৰ্জনত উৎসাহেৰে অংশগ্ৰহণ কৰিছে । গ্ৰাহকে কয় যে যেতিয়া আমাৰ দেশৰ বিৰুদ্ধে থিয় দিয়া দেশৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্যবাধকতা নাই, তেতিয়া আমি কিয় কিনিম ? আমাৰ দেশত আন বিকল্পও আছে । চৰকাৰে এনে দেশৰ পৰা অহা উৎপাদিত সামগ্ৰী নিষিদ্ধ কৰি দেশৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰক ।
ইফালে এছিয়াৰ সৰ্ববৃহৎ মাৰ্বল ব্যৱসায় কেন্দ্ৰ হিচাপে পৰিচিত উদয়পুৰৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা মাৰ্বল আমদানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ কাৰণ হ’ল পাকিস্তানৰ প্ৰতি তুৰ্কীৰ সমৰ্থন ।