তুৰস্কৰ ওপৰত ভাৰতৰ এক্সন; বন্ধ কৰিলে চেলেবী বিমানবন্দৰ সেৱাৰ ছিকিউৰিটী ক্লিয়াৰেন্স

সন্ত্ৰাসবাদৰ কেন্দ্ৰ হিচাপে পৰিচিত পাকিস্তানে তুৰস্কৰ পৰা মুকলি সমৰ্থন লাভ কৰিছে। তাৰ মাজতে তুৰস্কক মোক্ষম আঘাত দি ভাৰতে তুৰস্ক বিমানবন্দৰৰ গ্ৰাউণ্ড হেণ্ডলিং কোম্পানী চেলেবিৰ নিৰাপত্তাৰ অনুমতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে। ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এটা চৰকাৰী বিবৃতিত কোৱা হৈছে, “গ্ৰাউণ্ড হেণ্ডলিং এজেন্সী শিতানৰ অন্তৰ্গত চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ক্ষেত্ৰত নিৰাপত্তাৰ অনুমতি হিচাপে বিচিএএছৰ সঞ্চালক প্ৰধানৰ পৰা ২১.১১.২০২২ তাৰিখৰ ১৫/৯৯/২০২২-দিল্লী-বিচিএএছ/ই-২১৯১১০ নং পত্ৰৰ জৰিয়তে অনুমোদন দিয়া হৈছিল।”

লগতে কয় যে, “বিচিএএছৰ সঞ্চালক প্ৰধান ক্ষমতা প্ৰয়োগ কৰি চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ইয়াৰ দ্বাৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে।”

দৰাচলতে, চেলেবি হৈছে এটা তুৰস্ক কোম্পানী যিয়ে ভাৰতত গ্ৰাউণ্ড হেণ্ডলিং সেৱা আগবঢ়ায়।এই কোম্পানীটোৱে মুম্বাই, দিল্লী, হায়দৰাবাদকে ধৰি বহু ডাঙৰ বিমানবন্দৰত বেগেজ হেণ্ডলিং, ৰেম্প চাৰ্ভিচ আৰু কাৰ্গো হেণ্ডলিঙৰ দৰে সেৱা আগবঢ়াই আহিছিল।

দেশৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি BOCA ক স্পষ্টকৈ কৈছে।চৰকাৰে লোৱা এই পদক্ষেপৰ পিছত আৰু ভাৰতৰ কোনো বিমানবন্দৰতে সেৱা আগবঢ়াব নোৱাৰিব চেলেবিয়ে।

‘কোনো ক্ষতি কৰিব নোৱাৰে’; তুৰ্কীৰ আপেল বৰ্জন কৰাৰ পিছতে ব্যৱসায়ীলৈ ভাবুকি

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ সময়ত তুৰ্কিয়ে পাকিস্তানৰ সৈতে যিদৰে থিয় দিছিল, তাৰ পিছত সমগ্ৰ দেশতে তুৰ্কী বৰ্জন অভিযান আৰম্ভ হৈছে।

ইফালে, পাকিস্তানৰ বাবে তুৰ্কীয়ে মুকলিকৈ দিয়া সমৰ্থনৰ প্ৰতিবাদত তুৰ্কীৰ আপেল আমদানি নিষিদ্ধ ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছত, পুনেৰ এজন ফলমূলৰ ব্যৱসায়ীয়ে দাবী কৰে যে তেওঁ পাকিস্তানৰ পৰা ভাবুকিপূৰ্ণ ভইচ মেছেজ লাভ কৰিছে।

কৃষি উপজ মাণ্ডি সমিতিৰ (বজাৰ চোতাল)ৰ ব্যৱসায়ী ছুয়গ জেণ্ডে আৰু আন কিছুমান ব্যৱসায়ীয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁলোকে তুৰ্কীৰ পৰা আপেল আমদানি নকৰে।

জেণ্ডে বৃহস্পতিবাৰে কয় যে, ‘আজি পুৱা প্ৰায় ৯ মান বজাত মোৰ ফোনত ফোন আহিবলৈ ধৰিলে, কিন্তু মই ফোনটো ধৰা নাছিলো।

পিছত ভইচ নোট এটা পাইছিলোঁ য’ত ভাৰতৰ বাবে আপত্তিজনক ভাষা ব্যৱহাৰ কৰা হৈছিল আৰু কৈছিল যে আমি পাকিস্তান বা তুৰ্কীৰ কোনো ক্ষতি কৰিব নোৱাৰো।এই ভাবুকিৰ প্ৰতি মই ভইচ মেছেজেৰে উত্তৰ দিলোঁ।”

এই সন্দৰ্ভত ব্যৱসায়ীসকলে পুনে আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। তুৰ্কী বৰ্জন এই প্ৰতিবাদত বৃহস্পতিবাৰে ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা আপেল পথত পেলাই দিয়ে।

পাকিস্তানৰ বন্ধু তুৰ্কীৰ বিৰুদ্ধে ট্ৰেড ষ্ট্ৰাইক…

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ এতিয়া কেৱল কূটনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই । দেশৰ ব্যৱসায়ী শ্ৰেণী আৰু সাধাৰণ মানুহৰ সিদ্ধান্ততো ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । তুৰ্কীয়ে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰাৰ পিছত সমগ্ৰ দেশতে ‘বয়কট তুৰ্কী’ অভিযানে গতি লাভ কৰিছে । মহাৰাষ্ট্ৰৰ পুনেৰ পৰা ৰাজস্থানৰ উদয়পুৰলৈকে ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা সামগ্ৰী বৰ্জন কৰি অৰ্থনৈতিক দিশত তুৰ্কীক প্ৰত্যুত্তৰ দিয়াৰ কথা ঘোষণা কৰিছে ।

মহাৰাষ্ট্ৰৰ পুনেৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা আপেল বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । এই আপেলসমূহ স্থানীয় বজাৰৰ পৰা নোহোৱা হৈ গৈছে আৰু গ্ৰাহকেও বৰ্জন কৰিছে । পুনেৰ ফলৰ বজাৰত প্ৰতি বছৰে তুৰ্কী আপেলৰ মূল্য প্ৰায় ১০০০ৰ পৰা ১২০০ কোটি টকা, কিন্তু এতিয়া এই ব্যৱসায় স্তব্ধ হৈ পৰিছে ।

পুনেৰ স্থানীয় বাসিন্দাসকলেও এই বৰ্জনত উৎসাহেৰে অংশগ্ৰহণ কৰিছে । গ্ৰাহকে কয় যে যেতিয়া আমাৰ দেশৰ বিৰুদ্ধে থিয় দিয়া দেশৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্যবাধকতা নাই, তেতিয়া আমি কিয় কিনিম ? আমাৰ দেশত আন বিকল্পও আছে । চৰকাৰে এনে দেশৰ পৰা অহা উৎপাদিত সামগ্ৰী নিষিদ্ধ কৰি দেশৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰক ।

ইফালে এছিয়াৰ সৰ্ববৃহৎ মাৰ্বল ব্যৱসায় কেন্দ্ৰ হিচাপে পৰিচিত উদয়পুৰৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা মাৰ্বল আমদানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ কাৰণ হ’ল পাকিস্তানৰ প্ৰতি তুৰ্কীৰ সমৰ্থন ।

এগৰাকী মেয়ৰক গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ পৰিল তুৰ্কি; ১২ বছৰৰ পিছত পুনৰ বৃহৎ প্ৰতিবাদ

২৩ মাৰ্চ দেওবাৰে তুৰ্কীৰ এখন আদালতে ৰাষ্ট্ৰপতি টাইব এৰদোগানৰ মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা ইস্তানবুলৰ মেয়ৰ একৰেম ইমামোগ্লুক দুৰ্নীতিৰ অভিযোগত বিচাৰ চলি থকা অৱস্থাত জেললৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে দেশখনত এক দশকৰো অধিক সময়ৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰতিবাদ আৰম্ভ হৈছে।ইমামোগ্লুক জেললৈ পঠোৱাৰ কাৰ্যক ৰাজনৈতিক আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। মূল বিৰোধী দল, ইউৰোপীয় নেতা আৰু লাখ লাখ প্ৰতিবাদকাৰীৰ সমালোচনা।

ইমামোগলুৱে ২০১৯ চনত ইস্তানবুলৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ লগতে যোৱা বছৰ একেটা পদৰ বাবেও নিৰ্বাচনত জয়ী হৈছিল। ইস্তানবুল তুৰ্কিৰ আটাইতকৈ ডাঙৰ চহৰ।

ইয়াৰ জনসংখ্যা প্ৰায় ১.৬ কোটি আৰু ই দেশৰ ব্যৱসায়িক কেন্দ্ৰ। ইয়াত নিৰ্বাচনত জয়ী হৈ ৫৩ বছৰীয়া ইমামোগ্লুৱে তুৰ্কীৰ ৰাজনীতিত ৰাষ্ট্ৰপতি এৰদোগানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী হৈ পৰিছে।

১৯ মাৰ্চ বুধবাৰে আটক কৰা হৈছিল মেয়ৰ ইমামোগ্লুক। চি এইচ পি দলৰ পৰা অহা ইমামোগ্লুৰ বিৰুদ্ধে কুৰ্দি সমৰ্থক দলৰ সৈতে হোৱা নিৰ্বাচনী চুক্তিৰ বাবে “দুৰ্নীতি” আৰু “এটা সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন”ৰ অভিযোগ উত্থাপন হৈছিল।

আংকাৰাই সন্ত্ৰাসবাদী গোট বুলি অভিহিত কৰা কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (পিকেকে)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে।  

আদেশত কোৱা হৈছে যে “এক্ৰেম ইমামোগ্লুক এটা অপৰাধী সংগঠন প্ৰতিষ্ঠা আৰু নেতৃত্ব দিয়া, উৎকোচ গ্ৰহণ, দুৰ্নীতি, অবৈধভাৱে ব্যক্তিগত তথ্য লিপিবদ্ধ কৰা আৰু চুক্তি ভুৱা কৰাৰ অপৰাধত আটক কৰা হৈছে” ।

ইমামোগ্লুক ২০২৮ চনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে চি এইচ পিৰ প্ৰাৰ্থী হিচাপে দেওবাৰে মনোনীত হ’বলগীয়া আছিল, য’ত তেওঁ একমাত্ৰ প্ৰাৰ্থী।

আৰু সেই দিনটোতেই তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। কেৱল এয়াই নহয়, বুধবাৰে তেওঁক জিম্মাত লোৱাৰ পূৰ্বে তেওঁৰ ডিগ্ৰীও বাতিল কৰা হৈছিল।

ইমামোগ্লুক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০১৩ চনৰ গেজী প্ৰতিবাদৰ পিছত দেশখনত সৰ্বাধিক প্ৰতিবাদ হয়। ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।