ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া
অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । টিম ইণ্ডিয়াত কেইবাটাও ডাঙৰ পৰিৱৰ্তন হৈছে । শুভমন গীলৰ নেতৃত্বত ইংলেণ্ডলৈ যোৱা টেষ্ট দলটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে ।
এই ছিৰিজৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰবীন্দ্ৰ জাডেজাক । ঋষভ পন্টৰ আঘাতৰ বাবে জাডেজাক এই দায়িত্ব দিয়া হৈছে । দললৈ ঘূৰি আহিছে দেৱদত্ত পাডিক্কাল । ইংলেণ্ড ভ্ৰমণৰ সময়ত টিম ইণ্ডিয়াত অন্তৰ্ভূক্ত হোৱা কৰুণ নায়াৰক এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে । ২ অক্টোবৰৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্ট । ১০ অক্টোবৰত ৰাজধানী দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।
ইতিমধ্যে কৰুণ নায়াৰে এই শৃংখলাত স্থান পাব নে নাপায় তাকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁৰ প্ৰদৰ্শন বিশেষ আকৰ্ষণীয় নাছিল । সেয়েহে এই শৃংখলাৰ পৰা বাদ পৰে নায়াৰ । ইফালে ইংলেণ্ড ভ্ৰমণত স্থান নোপোৱা অক্ষৰ পেটেল দললৈ পুনৰ ঘূৰি আহিছে ।
🚨 Presenting #TeamIndia's squad for the West Indies Test series 🔽#INDvWI | @IDFCFIRSTBank pic.twitter.com/S4D5mDGJNN
— BCCI (@BCCI) September 25, 2025
দুখন টেষ্টৰ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ভাৰতৰ টেষ্ট দলত কোনো ডাঙৰ পৰিৱৰ্তন হোৱাৰ আশা কৰা নাছিল । মানচেষ্টাৰত চতুৰ্থখন টেষ্টত সোঁ ভৰিত আঘাত হোৱা উইকেটকীপাৰ ঋষভ পন্ট ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত ধ্ৰুৱ জুৰেলে প্ৰথম পছন্দৰ বিকল্প হিচাপে খেলিব, আনহাতে তামিলনাডুৰ এন জগদীশা বেকআপ উইকেটকীপাৰ হিচাপে পৰিগণিত হ’ব । ফাষ্ট বলিং আক্ৰমণৰ নেতৃত্ব দিব যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, আৰু প্ৰসিদ্ধ কৃষ্ণই । স্পীন আক্ৰমণৰ নেতৃত্ব দিব কুলদীপ যাদৱে । ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে স্পীন অল-ৰাউণ্ডাৰৰ ভূমিকা পালন কৰিব ।
বেটছমেন : শুভমন গীল, যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, দেৱদত্ত পাডিক্কাল
উইকেটৰক্ষক : ধ্ৰুৱ জুৰেল, এন জগদীশন
স্পীনাৰ : কুলদীপ যাদৱ
বেটিং অল ৰাউণ্ডাৰ : নীতিশ কুমাৰ ৰেড্ডী
স্পীন অল-ৰাউণ্ডাৰ : ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল
ফাষ্ট বলাৰ : যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ টিম ইণ্ডিয়াৰ ১৫ জনীয়া দল-
শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, দেৱদত্ত পডিক্কাল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা (সহ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, এন জাগদীশন (উইকেটকীপাৰ), মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ ।
লগতে পঢ়ক : বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ…