নেক্সট জেনেৰেচন ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (VSHORADs-NG) ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰত চৰকাৰে । এই ব্যৱস্থাই দিন বা ৰাতি, সকলো বতৰত, আনকি বৰফে আবৃত্ত অঞ্চলতো আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ’ব ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে Request for Proposal (RFP) অৰ্থাৎ ইয়াক ক্ৰয়ৰ বাবে নিবিদা জাৰি কৰিছে । এই নিবিদা শনিবাৰে ভাৰতীয় সেনাৰ ৱেবছাইটত প্ৰকাশ কৰা হয় । নিবিদাত উল্লেখ কৰা হৈছে যে মন্ত্ৰালয়ে ৪৮টা লঞ্চাৰ, ৪৮টা নাইট ভিজন ছাইট, ৮৫টা মিছাইল আৰু এটা মিছাইল টেষ্ট ষ্টেচন ব্যৱস্থা ক্ৰয় কৰিব বিচাৰিছে । এই সকলোবোৰ সামগ্ৰী ‘ক্ৰয় (ভাৰতীয়)’ শিতানত ক্ৰয় কৰা হ’ব । ইচ্ছুক ভাৰতীয় কোম্পানী সমূহক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।
নিবিদা অনুসৰি আকাশী ক্ষেত্ৰত পৰিৱৰ্তিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীক ‘মেনপ’ৰ্টেবল’ (কান্ধত কঢ়িয়াই নিয়া) ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ প্ৰয়োজন । এই ক্ষেপণাস্ত্ৰ ব্যৱস্থা এনে পৰিস্থিতিৰ বাবে যেতিয়া আক্ৰমণ অতি ওচৰত থাকে আৰু শীঘ্ৰেই ধ্বংস কৰিব লাগে । এই মিছাইল ব্যৱস্থা ইনফ্ৰাৰেড হোমিং প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব আৰু ই হ’ব ‘ফায়াৰ এণ্ড ফৰগেট’ অৰ্থাৎ লক্ষ্য কৰি পাহৰি যোৱা ।
এই ব্যৱস্থাত থাকিব ইনফ্ৰাৰেড মিছাইল, যিটো কান্ধৰ পৰা নিক্ষেপ কৰিব পৰা যাব । এই ব্যৱস্থাই দিন-ৰাতি যিকোনো পৰিস্থিতিত যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আৰু ড্ৰ’নক লক্ষ্য কৰি ল’ব পাৰিব ।
এই ব্যৱস্থা তিনিওটা বাহিনীয়ে (সেনা, নৌসেনা আৰু বায়ুসেনা) ব্যৱহাৰ কৰিব আৰু ইয়াক মাটি আৰু জাহাজত নিয়োগ কৰিব পাৰিব । ইয়াক দুটা ৰূপত ব্যৱহাৰ কৰা হ’ব – এটা মেনপৰ্টেবল চিংগল লঞ্চাৰ হিচাপে আৰু আনটো পেৰা ড্ৰপ অপাৰেচন হিচাপে । এই ব্যৱস্থাই পাহাৰ, সমভূমি, মৰুভূমি, সাগৰৰ পাৰ আদি প্ৰতিটো ভূখণ্ডত কাম কৰিবলৈ সক্ষম হ’ব । এই ব্যৱস্থাই -৩০ ডিগ্ৰীৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাত কাম কৰিবলৈ সক্ষম হ’ব ।
ক্ষেপণাস্ত্ৰৰ সৰ্বোচ্চ ষ্ট্ৰাইক ৰেঞ্জ হ’ব ৬০০০ মিটাৰ বা তাতকৈ অধিক আৰু নূন্যতম ৰেঞ্জ ৫০০ মিটাৰৰ কম । এই ব্যৱস্থাটোৱে প্ৰতি ছেকেণ্ডত ৪০০ মিটাৰ বা তাতকৈ অধিক বেগত অহা লক্ষ্যকো আঘাত কৰিবলৈ সক্ষম হ’ব । এই ব্যৱস্থাটোৱে তিনি মিনিটৰ ভিতৰত পৰিবহণৰ পৰা ফায়াৰিং মোডলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা লাভ কৰিব । এই ব্যৱস্থাটো সামৰিক বাহন, জাহাজ, ৰে’ল আৰু বিমানেৰে পৰিবহণ কৰিব পাৰি, আৰু পেৰাচুটৰ দ্বাৰাও পেলাব পাৰি ।