ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি
পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতে শনিবাৰে ইজৰাইল, ইৰাণ আৰু পেলেষ্টাইনত থকা ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে নিৰ্দেশ অনুসৰি নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ পালন কৰিবলৈ আহ্বান জনায় । শুকুৰবাৰে ইৰাণৰ বিভিন্ন স্থানত ইজৰাইলে সামৰিক আক্রমণ কৰাৰ লগতে তেহৰানে প্রতিশোধমূলক আক্রমণ চলোৱাৰ পাছত উত্তেজনা বৃদ্ধি পাইছে ৷
পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ‘এক্স’ত লিখিছে, “পৰামৰ্শ (১৪ জুন ২০২৫): অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক ইজৰাইল কৰ্তৃপক্ষ আৰু ‘হোম ফ্ৰন্ট কমাণ্ড’ৰ নিৰ্দেশ অনুসৰি সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।”
দূতাবাসে ভাৰতীয় নাগৰিকসকলক “সাৱধান হ’বলৈ, দেশৰ ভিতৰত অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আৰু নিৰাপদ আশ্ৰয়স্থলৰ ওচৰত থাকিবলৈ” আহ্বান জনায় । ইয়াত কোৱা হৈছে যে, “আমি ভাৰতীয় নাগৰিকৰ সুৰক্ষাকে ধৰি বিকশিত পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো । কোনো জৰুৰীকালীন অৱস্থাত দূতাবাসৰ সৈতে যোগাযোগ কৰক ।”
ইৰাণত থকা ভাৰতীয় দূতাবাসে শুকুৰবাৰে নিজৰ ‘এক্স’ একাউণ্টত পৰামৰ্শ জাৰি কৰি তাত বাস কৰা ভাৰতীয়সকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ‘এক্স’ত লিখিছে, “ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিসকলে, যিসকলক সহায়ৰ প্ৰয়োজন, তেওঁলোকে ইৰাণত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰে ।”
ইয়াৰ উপৰিও শনিবাৰে ৰামাল্লাহস্থিত ভাৰতীয় প্ৰতিনিধি কাৰ্যালয়েও এক পৰামৰ্শ জাৰি কৰে । এক্সত লিখা আছে, “অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ সকলো ভাৰতীয় নাগৰিকক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে পৰামৰ্শ দিয়া হৈছে । তেওঁলোকক নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ মানি চলিবলৈ অনুৰোধ কৰা হৈছে । অনুগ্ৰহ কৰি সাৱধান হওক আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰা বিৰত থাকক ।”
ভাৰতে শুকুৰবাৰে কয় যে ইৰাণ আৰু ইজৰাইলৰ মাজত শেহতীয়া পৰিঘটনাক লৈ দেশখন গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে আৰু পৰিস্থিতিৰ ওপৰত ‘তীক্ষ্ণ দৃষ্টি ৰাখিছে’ । নতুন দিল্লীয়ে দুয়োখন দেশক কোনো ধৰণৰ আগ্ৰাসী পদক্ষেপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ