নেপালৰ পিছত এইবাৰ লণ্ডনত প্ৰতিবাদৰ জুই
নেপালৰ পিছত এতিয়া এইবাৰ লণ্ডনত প্ৰতিবাদৰ জুই । ব্ৰিটেইনৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰতিবাদ ১৩ ছেপ্টেম্বৰ দেওবাৰে চেণ্ট্ৰেল লণ্ডনত সংঘটিত হয় । অনুমান কৰা হৈছে যে “ইউনাইট দ্য কিংডম” ৰেলীৰ বাবে লণ্ডনৰ ৰাজপথত এক লাখৰো অধিক লোক সমবেত হৈছিল । অৱশ্যে এই প্ৰতিবাদত প্ৰায় ১০ লাখ লোকে অংশগ্ৰহণ কৰা বুলি একাংশ উদ্যোক্তাই দাবী কৰে । প্ৰায় ১০ লাখ লোকৰ সমাগম হ’ব বুলি কৰ্তৃপক্ষই আশা কৰিছিল আৰু সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল । প্ৰতিবাদৰ কিছু সময়ৰ ভিতৰতে ৰাজপথবোৰত জনতাৰ ভিৰ পৰিলক্ষিত হয় । এই প্ৰতিবাদী সমদলৰ নেতৃত্বত আছিল সুপৰিচিত কৰ্মী টমী ৰবিনছন ।
ইয়াক ব্ৰিটেইনৰ ইতিহাসৰ অন্যতম বৃহৎ ৰাজনৈতিক প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে । এই সমাৱেশৰ আয়োজন কৰা হৈছিল মত প্ৰকাশৰ স্বাধীনতা আৰু চৰকাৰৰ প্ৰতি হতাশা, বিশেষকৈ অনুপ্ৰৱেশ আৰু চেঞ্চৰশ্বিপৰ বিষয়টোক লৈ । এই প্ৰতিবাদৰ নেতৃত্বত আছিল সুপৰিচিত কৰ্মী টমী ৰবিনছন । চৰকাৰৰ দ্বাৰা অৱহেলিত অনুভৱ কৰা লোকসকলেও এই সমাৱেশত অংশ লৈছিল ।
আৰক্ষীৰ মতে, এই সমাৱেশৰ সময়ত কেইবাজনো আৰক্ষী বিষয়াকো আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে । এই সমাৱেশৰ আৰম্ভণি হৈছিল ‘Stand Up to Racism’ৰ প্ৰতিবাদেৰে, য’ত প্ৰায় ৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । এই সময়ছোৱাত আৰক্ষীয়ে দিনটো কঠোৰ পৰিশ্ৰম কৰি হিংসাত্মক সংঘৰ্ষ ৰোধ কৰিব লগা হৈছিল । আৰক্ষীৰ ঘেৰাও ভাঙি প্ৰতিবাদ নিষিদ্ধ জ’নত সোমাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীক বাধা দি থাকিল ।
টমী ৰবিনছনে এক্সত তেওঁৰ পোষ্টত লিখিছে যে আমি আমাৰ স্বাধীনতাৰ বাবে চেণ্ট্ৰেল লণ্ডনৰ ৰাজপথত একত্ৰিত হৈছো । ইয়াত লাখ লাখ লোকে যোগদান কৰিছে ।
টমী ৰবিনছনৰ নেতৃত্বত এই প্ৰতিবাদী সমদল আৰম্ভ হৈছিল ব্ৰিটেইনৰ অনুপ্ৰৱেশকাৰীৰ হোটেলৰ বাহিৰত । এই সময়ত প্ৰতিবাদকাৰীসকলে ইউনিয়ন জেক আৰু ৰঙা বগা ৰঙৰ ছেইণ্ট এণ্ড জৰ্জ ক্ৰছৰ পতাকা উৰুৱাই । এই সমাৱেশত বহু লোকে আমেৰিকা আৰু ইজৰাইলৰ পতাকাও উৰুৱাই থকা দেখা গৈছিল । এই সময়ত ৰেলীত জড়িত লোকসকলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ‘ঘৰলৈ পঠিয়াওক’ বুলি লিখা প্লেকাৰ্ডো দেখুৱাইছিল ।
লগতে পঢ়ক : নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ