দশম শ্ৰেণীৰ পিছত কি ?
সমগ্ৰ দেশৰ সকলো ব’ৰ্ডে প্ৰকাশ কৰিছে দশম শ্ৰেণীৰ অথবা মেট্ৰিকৰ ফলাফল । এতিয়া ছাত্ৰ-ছাত্ৰীসকলে একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাইছে । কিন্তু এনে বহু ছাত্র-ছাত্রীয়ে বিজ্ঞান, কলা নে বাণিজ্য শাখাত অধ্যয়ন কৰিব সেই সিদ্ধান্ত এতিয়াও ল’ব পৰা নাই ।
দশম শ্ৰেণীৰ পিছত লোৱা সিদ্ধান্তই শিক্ষাৰ্থীৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰে । এয়া কেৱল এটা শ্ৰেণী নহয় এয়া ভৱিষ্যতৰ ভেটি । এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে তিনিটা শাখা– বিজ্ঞান, কলা বা বাণিজ্যক লৈ বিভ্ৰান্ত হৈ থাকে । সেয়ে এই খবৰটোত আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান টিপচ্ যিয়ে আপোনাক এই বিভ্ৰান্তি দূৰ কৰাত সহায় কৰিব পাৰে ।
-শ্ৰেষ্ঠ ষ্ট্ৰিম বা শাখা নিৰ্বাচন কৰিবলৈ প্ৰথমে নিজকে জানিব লাগিব । নিজৰ আগ্ৰহ আৰু সামৰ্থ্যৰ প্ৰতি সচেতন হোৱা উচিত । আপুনি কোনটো বিষয়ত ভাল সেয়া জনাতো প্ৰযোজনীয় ।
-বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান বা গণিতৰ দৰে বিষয় অধ্যয়ন কৰিব লাগিব । এই শাখাটোৰ জৰিয়তে আপুনি মেডিকেল বা ইঞ্জিনিয়াৰিংকে ধৰি বহু ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰে ।
-বিজ্ঞান শাখাৰ বাবে এই বিষয়বোৰৰ ওপৰত আপোনাৰ ভাল দখল থাকিব লাগে । যদি আপুনি গণিতত ভাল তেন্তে গণিতৰ সৈতে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰে । যদি আপুনি মেডিকেল লাইনত যাব বিচাৰে তেন্তে আপুনি জীৱবিজ্ঞান পঢ়িব পাৰে ।
-ইয়াৰ উপৰিও যদি আপুনি সৃষ্টিশীল তেন্তে আপুনি কলা শাখাত অধ্যয়ন কৰিব পাৰে । কলা শাখাত আপুনি সামাজ, ইতিহাস, ৰাজনীতি আৰু মনোবিজ্ঞানৰ দৰে বিষয় অধ্যয়ন কৰিব পাৰে । এই শাখাত অধ্যয়ন কৰিলে ভৱিষ্যতে আপোনাৰ হাতত বহুত ভাল কেৰিয়াৰ বিকল্প থাকিব ।
-আনহাতে, যিসকলে বেংকিং, একাউণ্টছ, ব্যৱসায়-বিত্তৰ প্ৰতি আগ্ৰহী তেওঁলোকে একাদশ শ্ৰেণীৰ বাবে বাণিজ্যক নিজৰ শাখা হিচাপে বাছি ল’ব পাৰে । কমাৰ্চ বা বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীক একাউণ্টেন্সি, বিজনেছ-ফাইনেন্স ইত্যাদি বহু বিষয় শিকোৱা হয় । ইয়াৰ জৰিয়তে আপুনি বি বি এ, এম বি এ, বেংকিং, চি এ আদি খণ্ডত অধ্যয়ন কৰি দ্বাদশৰ পিছত ভাল চাকৰি লাভ কৰিব পাৰে ।
-যদিও প্ৰতিটো শাখা নিজস্ব ধৰণে সহজ আৰু কঠিন, কিন্তু কোনটো বিষয়ত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল । কিন্তু যদি এতিয়াও একো বুজি পোৱা নাই তেন্তে পিতৃ-মাতৃ আৰু শিক্ষকৰ সৈতে এই বিষয়ে কথা পাতক ।
-আপোনাৰ শিক্ষক বা আপোনাৰ বিদ্যালয়ৰ যিকোনো জ্যেষ্ঠ, শীৰ্ষ ছাত্ৰৰ পৰামৰ্শ লওক । আপুনি আপোনাৰ মতামত পৰামৰ্শদাতাৰ সৈতেও শ্বেয়াৰ কৰিব পাৰে । এইবোৰে আপোনাৰ সমস্যা কিছু হ্ৰাস কৰিব পাৰে । কিন্তু শেষত আপোনাৰ দক্ষতা আৰু ক্ষমতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হয় ।
-অৱশ্যে কোনো শাখা ইমান কঠিন নহয় । যদি আপুনি সম্পূৰ্ণ নিষ্ঠা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যায় তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব ।
লগতে পঢ়ক : পঢ়া-শুনাত মনোযোগ দিব পৰা নাই নেকি ? জানক ইয়াৰ কাৰণ আৰু মনোযোগ বৃদ্ধি কৰাৰ উপায় !