হেলিকপ্টাৰ পাইলট কেনেকৈ হ’ব ?
দেশৰ সেৱাই হওক বা ব্যক্তিগত খণ্ডত হওক, হেলিকপ্টাৰ পাইলটৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় । পাহাৰীয়া অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি ভি আই পি চলাচল আৰু কৰ্পৰেটলৈকে হেলিকপ্টাৰ পাইলটৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে । যদি আপুনিও আকাশত উৰাৰ সপোন দেখিছে আৰু কাৰিকৰী ডিগ্ৰীৰ লগতে দুঃসাহসিক কামক কেৰিয়াৰ হিচাপে গঢ়ি তুলিব বিচাৰে, তেন্তে হেলিকপ্টাৰ পাইলট আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে । হেলিকপ্টাৰ পাইলট কেনেকৈ হ’ব পাৰি, কি পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগে, ক’ৰ পৰা পাঠ্যক্ৰম কৰিব পাৰি আৰু পাইলট হিচাপে কিমান দৰমহা লাভ কৰে জানো আহক ?
হেলিকপ্টাৰ পাইলট হ’বলৈ হ’লে কমেও দ্বাদশ (পদাৰ্থ বিজ্ঞান, গণিত আৰু ইংৰাজীৰে) উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় আৰু পৰীক্ষাৰ্থীৰ বয়স কমেও ১৭ বছৰ হ’ব লাগিব । এই অৰ্হতাৰ উপৰিও কিছুমান প্ৰতিষ্ঠানে মেডিকেল ফিটনেছ চাৰ্টিফিকেট (DGCA Class I বা Class II) বিচাৰে ।
কি কি পাঠ্যক্ৰম আছে ?
হেলিকপ্টাৰ পাইলট হ’বলৈ মূল দুটা লাইচেন্স পাঠ্যক্ৰম আছে আৰু এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ হ’বলৈ সাধাৰণতে ১২ৰ পৰা ১৮ মাহ সময় লাগে ।
ব্যক্তিগত পাইলট অনুজ্ঞাপত্ৰ (হেলিকপ্টাৰ)- এইটো এটা আৰম্ভণিৰ পৰ্যায়ৰ অনুজ্ঞাপত্ৰ, যিটো ৪০ৰ পৰা ৬০ ঘণ্টাৰ বিমান প্ৰশিক্ষণৰ পিছত লাভ কৰা হয় ।
বাণিজ্যিক পাইলট অনুজ্ঞাপত্ৰ (হেলিকপ্টাৰ)- ইয়াৰ বাবে মুঠ ১৫০ ঘণ্টাৰ উৰণ প্ৰশিক্ষণৰ প্ৰয়োজন হয়, য’ত একক উৰণ, নাইট ফ্লাইং আৰু নেভিগেচনৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছে ।
ভাৰতৰ প্ৰধান হেলিকপ্টাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান-
–ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ এৰ’নটিক্স, চণ্ডীগড়
-ৰাজীৱ গান্ধী এভিয়েশন একাডেমী, হায়দৰাবাদ
-পৱন হংস হেলিকপ্টাৰ লিমিটেড ট্ৰেইনিং ইনষ্টিটিউট, মুম্বাই/নতুন দিল্লী
-ইন্দিৰা গান্ধী বিমান বিজ্ঞান প্ৰতিষ্ঠান, ৰায়েবাৰেলি
পাঠ্যক্ৰমৰ মাচুল কিমান ?
ব্যক্তিগত পাইলটৰ অনুজ্ঞাপত্ৰৰ বাবে ভাৰতত ১০ লাখৰ পৰা ২০ লাখ টকাৰ মাচুল হ’ব পাৰে । কিন্তু বিভিন্ন উৰণ বিদ্যালয় আৰু প্ৰশিক্ষণৰ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি মাচুলৰ ভিন্নতা থাকিব পাৰে । আনহাতে বাণিজ্যিক হেলিকপ্টাৰ পাইলটৰ প্ৰশিক্ষণৰ খৰচ ২৫ লাখৰ পৰা ৪০ লাখ টকালৈকে হ’ব পাৰে, য’ত উৰণৰ প্ৰশিক্ষণ, গ্ৰাউণ্ড স্কুলিং, চিমুলেটৰ প্ৰশিক্ষণ আদি অন্তৰ্ভুক্ত কৰা হৈছে ।
ক’ত চাকৰি পাব ?
পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পাইলট লাইচেন্স লাভ কৰাৰ পিছত প্ৰাৰ্থীয়ে চৰকাৰী আৰু বেচৰকাৰী কোম্পানীকে ধৰি বহু কোম্পানীত চাকৰি লাভ কৰিব পাৰে । চৰকাৰী কোম্পানীসমূহৰ ভিতৰত অ’ এন জি চি, ব্যক্তিগত কোম্পানীসমূহৰ ভিতৰত পৱন হংস, চাৰ্টাৰ্ড হেলিকপ্টাৰ সেৱা কোম্পানী আৰু চিকিৎসা জৰুৰীকালীন সেৱা অৰ্থাৎ এয়াৰ এম্বুলেন্স ইত্যাদিত নিযুক্তি লাভ কৰিব পাৰে ।
দৰমহা কিমান ?
দৰমহাৰ কথা ক’বলৈ গ’লে ফ্ৰেচাৰ হিচাপে এজন হেলিকপ্টাৰ পাইলটে মাহে ৪০ হাজাৰৰ পৰা ৮০ হাজাৰ টকা দৰমহা পাব পাৰে । কিন্তু অভিজ্ঞতা বৃদ্ধিৰ লগে লগে এই দৰমহা ২ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি পাব পাৰে ।
লগতে পঢ়ক : NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা; ৰাজস্থানৰ মহেশ কুমাৰৰ শীৰ্ষস্থান দখল