হেলিকপ্টাৰ পাইলট কেনেকৈ হ’ব ? শিক্ষাৰ পৰা আৰম্ভ কৰি দৰমহালৈকে সকলো জানক

হেলিকপ্টাৰ পাইলট কেনেকৈ হ’ব ?

দেশৰ সেৱাই হওক বা ব্যক্তিগত খণ্ডত হওক, হেলিকপ্টাৰ পাইলটৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় । পাহাৰীয়া অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি ভি আই পি চলাচল আৰু কৰ্পৰেটলৈকে হেলিকপ্টাৰ পাইলটৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে । যদি আপুনিও আকাশত উৰাৰ সপোন দেখিছে আৰু কাৰিকৰী ডিগ্ৰীৰ লগতে দুঃসাহসিক কামক কেৰিয়াৰ হিচাপে গঢ়ি তুলিব বিচাৰে, তেন্তে হেলিকপ্টাৰ পাইলট আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে । হেলিকপ্টাৰ পাইলট কেনেকৈ হ’ব পাৰি, কি পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগে, ক’ৰ পৰা পাঠ্যক্ৰম কৰিব পাৰি আৰু পাইলট হিচাপে কিমান দৰমহা লাভ কৰে জানো আহক ?

হেলিকপ্টাৰ পাইলট হ’বলৈ হ’লে কমেও দ্বাদশ (পদাৰ্থ বিজ্ঞান, গণিত আৰু ইংৰাজীৰে) উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় আৰু পৰীক্ষাৰ্থীৰ বয়স কমেও ১৭ বছৰ হ’ব লাগিব । এই অৰ্হতাৰ উপৰিও কিছুমান প্ৰতিষ্ঠানে মেডিকেল ফিটনেছ চাৰ্টিফিকেট (DGCA Class I বা Class II) বিচাৰে ।

কি কি পাঠ্যক্ৰম আছে ?

হেলিকপ্টাৰ পাইলট হ’বলৈ মূল দুটা লাইচেন্স পাঠ্যক্ৰম আছে আৰু এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ হ’বলৈ সাধাৰণতে ১২ৰ পৰা ১৮ মাহ সময় লাগে ।

ব্যক্তিগত পাইলট অনুজ্ঞাপত্ৰ (হেলিকপ্টাৰ)- এইটো এটা আৰম্ভণিৰ পৰ্যায়ৰ অনুজ্ঞাপত্ৰ, যিটো ৪০ৰ পৰা ৬০ ঘণ্টাৰ বিমান প্ৰশিক্ষণৰ পিছত লাভ কৰা হয় ।

বাণিজ্যিক পাইলট অনুজ্ঞাপত্ৰ (হেলিকপ্টাৰ)- ইয়াৰ বাবে মুঠ ১৫০ ঘণ্টাৰ উৰণ প্ৰশিক্ষণৰ প্ৰয়োজন হয়, য’ত একক উৰণ, নাইট ফ্লাইং আৰু নেভিগেচনৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছে ।

ভাৰতৰ প্ৰধান হেলিকপ্টাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান-

ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ এৰ’নটিক্স, চণ্ডীগড়

-ৰাজীৱ গান্ধী এভিয়েশন একাডেমী, হায়দৰাবাদ

-পৱন হংস হেলিকপ্টাৰ লিমিটেড ট্ৰেইনিং ইনষ্টিটিউট, মুম্বাই/নতুন দিল্লী

-ইন্দিৰা গান্ধী বিমান বিজ্ঞান প্ৰতিষ্ঠান, ৰায়েবাৰেলি

পাঠ্যক্ৰমৰ মাচুল কিমান ?

ব্যক্তিগত পাইলটৰ অনুজ্ঞাপত্ৰৰ বাবে ভাৰতত ১০ লাখৰ পৰা ২০ লাখ টকাৰ মাচুল হ’ব পাৰে । কিন্তু বিভিন্ন উৰণ বিদ্যালয় আৰু প্ৰশিক্ষণৰ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি মাচুলৰ ভিন্নতা থাকিব পাৰে । আনহাতে বাণিজ্যিক হেলিকপ্টাৰ পাইলটৰ প্ৰশিক্ষণৰ খৰচ ২৫ লাখৰ পৰা ৪০ লাখ টকালৈকে হ’ব পাৰে, য’ত উৰণৰ প্ৰশিক্ষণ, গ্ৰাউণ্ড স্কুলিং, চিমুলেটৰ প্ৰশিক্ষণ আদি অন্তৰ্ভুক্ত কৰা হৈছে ।

ক’ত চাকৰি পাব ?

পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পাইলট লাইচেন্স লাভ কৰাৰ পিছত প্ৰাৰ্থীয়ে চৰকাৰী আৰু বেচৰকাৰী কোম্পানীকে ধৰি বহু কোম্পানীত চাকৰি লাভ কৰিব পাৰে । চৰকাৰী কোম্পানীসমূহৰ ভিতৰত অ’ এন জি চি, ব্যক্তিগত কোম্পানীসমূহৰ ভিতৰত পৱন হংস, চাৰ্টাৰ্ড হেলিকপ্টাৰ সেৱা কোম্পানী আৰু চিকিৎসা জৰুৰীকালীন সেৱা অৰ্থাৎ এয়াৰ এম্বুলেন্স ইত্যাদিত নিযুক্তি লাভ কৰিব পাৰে ।

দৰমহা কিমান ?

দৰমহাৰ কথা ক’বলৈ গ’লে ফ্ৰেচাৰ হিচাপে এজন হেলিকপ্টাৰ পাইলটে মাহে ৪০ হাজাৰৰ পৰা ৮০ হাজাৰ টকা দৰমহা পাব পাৰে । কিন্তু অভিজ্ঞতা বৃদ্ধিৰ লগে লগে এই দৰমহা ২ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক : NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা; ৰাজস্থানৰ মহেশ কুমাৰৰ শীৰ্ষস্থান দখল

কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! ৰাজপথতে জৰুৰী অৱতৰণ

কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা !

কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! শনিবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত এক বৃহৎ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে এখন হেলিকপ্তাৰ । কাৰিকৰী বিজুতিৰ বাবে হেৰিকপ্তাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই জৰুৰীকালীন অৱতৰণ ৰাষ্ট্ৰীয় ঘাইপথত কৰা হয় । জানিব পৰা মতে এই হেলিকপ্টাৰখনে বদাছু হেলিপেডৰ পৰা কেদাৰনাথলৈ উৰা মাৰিছিল । বিমানখনত পাইলটকে ধৰি মুঠ ৬জন লোক আছিল । এই দুৰ্ঘটনাত পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হৈছে । আনহাতে বাকী সকলো মানুহ সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে ।

উল্লেখ্য যে যোৱা মাহত কেদাৰনাথত অৱতৰণ কৰাৰ সময়তে হেলিকপ্টাৰ এখনৰ পিছফালৰ অংশ ভাঙি গৈছিল । সৌভাগ্যক্ৰমে হেলিকপ্টাৰখনত থকা যাত্ৰীসকলৰ কোনো ক্ষতি হোৱা নাছিল । সকলো সম্পূৰ্ণ নিৰাপদে আছিল । তথ্য অনুসৰি জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হোৱা হেলিকপ্টাৰখন ঋষিকেশ এইমছৰ আছিল, যিয়ে এজন ৰোগীক নিবলৈ কেদাৰনাথত উপস্থিত হৈছিল । কিন্তু হেলিপেডৰ প্ৰায় ২০ কিলোমিটাৰ পূৰ্বে হেলিকপ্তাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়, সেই সময়ত ই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে আৰু পিছফালৰ অংশ ভাঙি যায় ।

লগতে পঢ়ক : সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ