কামাখ্যা দৰ্শন গৌতম গম্ভীৰৰ
টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ যাব ভাৰতীয় দল । ২০ জুনৰ পৰা দুয়োটা দলৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব । ইয়াৰ পূৰ্বে সোমবাৰে মা কামাখ্যা মন্দিৰত উপস্থিত হয় ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ । কামাখ্যা দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ।
ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাৰ কিছুদিন পিছতে কামাখ্যা ধাম দৰ্শনৰ বাবে গুৱাহাটীত উপস্থিত হয় গম্ভীৰ । উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ জৰিয়তে ভাৰতৰ বাবে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰ । ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলা প্ৰশিক্ষক গম্ভীৰৰ বাবেও অতি গুৰুত্বপূৰ্ণ । ইয়াৰ পূৰ্বে প্ৰশিক্ষক গম্ভীৰৰ অধীনত টিম ইণ্ডিয়াই নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ।
গৌতম গম্ভীৰৰ অধীনত ভাৰতৰ টেষ্ট অভিলেখ-
গৌতম গম্ভীৰ মুখ্য প্ৰশিক্ষক হৈ থকা অৱস্থাত ভাৰতে এতিয়ালৈকে ৩ খন টেষ্ট শৃংখলা খেলিছে আৰু ইয়াৰে মাত্ৰ এটা টেষ্ট শৃংখলাতহে জয়লাভ কৰিছে । বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ২-০ ব্যৱধানত জয়লাভ কৰিছিল যদিও তাৰ পাছত নিউজীলেণ্ডে ভাৰতক নিজৰ ঘৰুৱা মাটিতে ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল । লগে লগে টিম ইণ্ডিয়াৰ ডব্লিউ টি চিৰ ফাইনেলৰ পথ প্ৰায় ৰুদ্ধ হ’বলৈ ধৰে । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া ।
এতিয়া শুভমন গীলৰ কান্ধত অধিনায়কৰ দায়িত্ব-
ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব শুভমন গীলক দিয়া হৈছে । আনহাতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইংলেণ্ড ভ্ৰমণৰ বাবে কৰুণ নাইৰ আৰু শ্বাৰ্দুল ঠাকুৰ টেষ্ট দললৈ ঘূৰি অহাৰ বিপৰীতে হৰ্ষিত ৰাণা, মহম্মদ ছামি আৰু সৰফৰাজ খানক দলৰ পৰা বাদ দিয়া হৈছে ।
লগতে পঢ়ক : ‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?