গৌতম গম্ভীৰ উভতিল ভাৰতলৈ
টীম ইণ্ডিয়াক আধাতে এৰি ভাৰতলৈ উভতি আহিছে গৌতম গম্ভীৰ। ইয়াৰ আঁৰৰ কাৰণ হ’ল মাকৰ স্বাস্থ্যৰ অৱনতি।জানিব পৰা মতে হৃদ ৰোগত আক্ৰান্ত হৈছে গম্ভীৰৰ মাতৃ।
গম্ভীৰৰ মাতৃ বৰ্তমান আই চি ইউ আছে। চিকিৎসকে অনবৰতে তেওঁৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিছে।ভাৰতলৈ অহাৰ পিছত ১৭ জুনত পুনৰ টিম ইণ্ডিয়াত যোগদান কৰিব গম্ভীৰে।
ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব।টিম ইণ্ডিয়াক ইংলেণ্ড ভ্ৰমণত গৌতম গম্ভীৰৰ অতি প্ৰয়োজন আছে।
কাৰণ এইবাৰ এজন যুৱ অধিনায়কৰ নেতৃত্বত ঘৰুৱা দলটো ইংলেণ্ড ভ্ৰমণত আছে। এনে পৰিস্থিতিত গম্ভীৰৰ দৰে প্ৰশিক্ষকৰ সমৰ্থনে দলটোৰ মনোবল উচ্চ কৰি ৰাখিব।
অষ্ট্ৰেলিয়া ভ্ৰমণ আৰু নিউজিলেণ্ড শৃংখলাৰ ফলাফলৰ পিছত গম্ভীৰৰ বাবে ইংলেণ্ড ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। গম্ভীৰৰ অনুপস্থিতিত সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’শ্বেটে ভাৰত আৰু ইণ্ডিয়া-এ ৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া অনুশীলন মেচখনত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব।
তেওঁক সহায় কৰিব বলিং প্ৰশিক্ষক মৰ্ন মৰ্কেল আৰু বেটিং প্ৰশিক্ষক সীতাছু কোটাকৰ দৰে আন প্ৰশিক্ষক কৰ্মচাৰীয়ে।
গৌতম গম্ভীৰৰ মাতৃ সীমা গম্ভীৰ ১১ জুনত হৃদ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতই তেওঁ ভ্ৰমণৰ মাজভাগত এৰি ভাৰতলৈ উভতি আহে।যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তো গম্ভীৰ পাৰিবাৰিক জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতলৈ উভতি আহিছিল।
লগতে পঢ়ক: ‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা