বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; সলনি হ’ব টিম ইণ্ডিয়াৰ প্ৰশিক্ষক কৰ্মচাৰী

জিম্বাবুৱে ভ্ৰমণ আৰু এছিয়ান গেমছৰ দায়িত্ব ভিভিএছ লক্ষ্মনক অৰ্পণ কৰাৰ বিচিচিআইৰ সিদ্ধান্ততই কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে।এই ক্ষেত্ৰত ভাৰতীয় শিবিৰৰ ভিতৰত সকলো ঠিকেই আছে নে নাই, আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰশিক্ষক কৰ্মচাৰীৰ ডাঙৰ পৰিৱৰ্তনৰ বাবে ব’ৰ্ডে প্ৰস্তুতি চলাইছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনা বাঢ়িছে।

আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত বেয়া প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ কোচিং ষ্টাফ বা প্ৰশিক্ষক মণ্ডলীত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সহায়ক কৰ্মচাৰী অন্ততঃ দুজন সদস্য টিম ইণ্ডিয়াৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰে এজন জ্যেষ্ঠ ছাপৰ্ট ষ্টাফ সদস্যৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ফ্ৰেঞ্চাইজিৰ সৈতে আলোচনাও সম্পূৰ্ণ হৈছে। ধাৰণা কৰা হৈছে যে তেওঁ অতি সোনকালেই ফ্ৰেঞ্চাইজিটোৰ ছেটআপত যোগ দিব পাৰে। ইয়াৰ উপৰিও আন এজন প্ৰশিক্ষকেও অতি সোনকালে ভাৰতীয় দলৰ সংগ এৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) আগষ্ট মাহত হ’বলগীয়া শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে বৰ্তমানৰ কোচিং ছেটআপৰ পৰ্যালোচনা কৰিব পাৰে। ইয়াৰ মাজতে জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে ভি ভি এছ লক্ষ্মণৰ নেতৃত্বত বেলেগ কোচিং ষ্টাফ নিযুক্তি দিয়াৰ সিদ্ধান্তয়ো বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

গম্ভীৰৰ ছাপৰ্ট ষ্টাফে বি চি চি আইৰ সৈতে ২+১ বছৰৰ চুক্তি কৰিছিল। প্ৰাৰম্ভিক দুবছৰ সম্পূৰ্ণ হোৱাৰ পিছত ব’ৰ্ড আৰু প্ৰশিক্ষক দুয়োৰে হাতত চুক্তিখ্যন আৰু এবছৰ বৃদ্ধি কৰাৰ বিকল্প আছে। শেহতীয়াকৈ ভাৰতীয় দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল, আনহাতে ইংলেণ্ড ভ্ৰমণতো দলটোৰ প্ৰদৰ্শন আশানুৰূপ নাছিল। অৱশ্যে প্ৰতিবেদনত দাবী কৰা হৈছে যে ছাপৰ্ট ষ্টাফৰ সাম্ভাৱ্য পৰিৱৰ্তনৰ সৈতে এই পৰাজয়ৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। ইয়াৰ আঁৰৰ কাৰণ হিচাপে বিগত কেইমাহমানৰ ভিতৰত কোচিং ষ্টাফৰ ভিতৰত সৃষ্টি হোৱা অভ্যন্তৰীণ বিষয়সমূহক গণ্য কৰা হৈছে।

বি চি চি আয়ে জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে গম্ভীৰ আৰু তেওঁৰ ছাপৰ্ট ষ্টাফক দায়িত্ব দিয়া নাই। এই ভ্ৰমণত ভাৰতীয় দলৰ হেড কোচ হ’ব ভি ভি এছ লক্ষ্মণ। ইয়াৰ পিছত তেওঁ জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছতো ভাৰতীয় দলৰ দায়িত্ব চম্ভালিব। এই সিদ্ধান্তক লৈ ব’ৰ্ডৰ একাংশ বিষয়াই প্ৰশ্ন উত্থাপন কৰিছে।

গৌতম গম্ভীৰে ২০২৪ চনৰ জুলাই মাহত টিম ইণ্ডিয়াৰ হেড কোচৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰম্ভণিতে এচিষ্টেণ্ট কোচ ৰিয়ান টেন ডোস্কেট আৰু ফিল্ডিং কোচ টি দিলীপ ছাপৰ্ট ষ্টাফত অন্তৰ্ভুক্ত হৈছিল, আনহাতে বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ জৰিয়তে মৰ্নে মৰ্কেলে বলিং কোচৰ দায়িত্ব চম্ভালিছিল। গম্ভীৰে নিজৰ সৈতে অভিষেক নায়ৰ আৰু সিতাংশু কটকৰ দৰে বিশ্বস্ত সহযোগীসকলকো লৈ আহিছিল। অৱশ্যে ২০২৫ চনৰ চেম্পিয়ন্স ট্ৰফীৰ পিছত অভিষেক নায়ৰ দলৰ পৰা আঁতৰি যায় আৰু সিতাংশু কটকে বেটিং কোচৰ দায়িত্ব লয়। শেহতীয়াকৈ বি চি চি আয়ে ছাইৰাজ বহুতুলেকো স্পিন বলিং কোচ হিচাপে নিযুক্তি দিয়ে।

এতিয়া ইংলেণ্ড ভ্ৰমণৰ পিছত পুনৰবাৰ ভাৰতীয় দলৰ কোচিং ষ্টাফত ডাঙৰ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। বি চি চি আইৰ পৰ্যালোচনা আৰু ভি ভি এছ লক্ষ্মণক দিয়া নতুন দায়িত্বই এই জল্পনা-কল্পনা তীব্ৰতৰ কৰি তুলিছে যে গৌতম গম্ভীৰৰ ছাপৰ্ট ষ্টাফত অতি সোনকালে এক ডাঙৰ সালসলনি দেখিবলৈ পোৱা যাব।

লগতে পঢ়ক: আলেকজেণ্ডাৰ ঝ্ভেৰ্ভেৰ ইতিহাস সৃষ্টি; ৩১ বছৰৰ ভিতৰত উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন জাৰ্মান খেলুৱৈ

৭ বছৰৰ পাছত একেৰাহে ৫ খন এদিনীয়া খেলিব টিম ইণ্ডিয়াই; নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব শৃংখলা

ভাৰতীয় দলটোৱে প্ৰায় ৭ বছৰৰ অন্তত নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ এদিনীয়া শৃংখলা খেলিব।

ভাৰতীয় ক্ৰিকেট দলৰ নিউজিলেণ্ড ভ্ৰমণ সূচী প্ৰকাশ পাইছে। শৃংখলাটো টি-২০ ইণ্টাৰনেচনেল মেচেৰে আৰম্ভ হ’ব। ইয়াত পাঁচখন খেল হ’ব। ইয়াৰ পিছতেই এদিনীয়া শৃংখলা হ’ব। ইয়াতো ৫ খন মেচ খেলা হ’ব। শেষত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। নিউজিলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা ইয়াৰ সম্পূৰ্ণ সূচী জাৰি কৰা হৈছে।

বিশেষ কথাটো হ’ল প্ৰায় সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত ভাৰতীয় দলটোক কোনো বিদেশী ভ্ৰমণত পাঁচখন এদিনীয়া মেচ খেলা দেখা যাব। এয়া এক প্ৰকাৰে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি। বিগত কেইবাবছৰো ধৰি টীম ইণ্ডিয়াই সৰ্বাধিক তিনিখনকৈ এদিনীয়া মেচৰ শৃংখলা খেলি আহিছে। যেতিয়া কোনো আই চি চি বা এ চি চি টুৰ্নামেণ্ট হয়, তেতিয়াহে দলে একেৰাহে এদিনীয়া মেচ খেলে, কিন্তু এতিয়া নিউজিলেণ্ড শৃংখলাত একেৰাহে পাঁচখন এদিনীয়া মেচ হ’ব। আমোদজনক কথাটো হ’ল ইয়াৰ পূৰ্বে ২০১৯ চনত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধেই পাঁচখন এদিনীয়া মেচৰ শৃংখলা খেলিছিল, তেতিয়া বিৰাট কোহলী ভাৰতীয় দলৰ অধিনায়ক আছিল। সেই সময়ত ভাৰতে এই শৃংখলাৰ চাৰিখন মেচ জিকি ৪-১ ব্যৱধানত শৃংখলাটো দখল কৰিবলৈ সক্ষম হৈছিল।

যেতিয়া ২০১৯ চনত পাঁচখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল, তেতিয়া বিৰাট কোহলীৰ অধিনায়কত্বত ৰোহিত শৰ্মাই দুৰ্দান্ত বেটিং কৰিছিল। সেই সময়ত তেওঁ ২০০ তকৈও অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। নিজৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ জৰিয়তে দ্ৰুত বলাৰ মহম্মদ ছামীয়ে ‘প্লেয়াৰ অব্ দ্য চিৰিজ’ৰ বঁটা আজুৰি আনিছিল। বৰ্তমান ধাৰাবাহিকভাৱে টি-২০ লীগসমূহ খেলি থকা হৈছে। একে সময়তে আই চি চি টুৰ্নামেণ্টৰ সংখ্যাও বৃদ্ধি পাইছে, যাৰ বাবে দ্বিপাক্ষিক শৃংখলাসমূহ তিনিখনতকৈ অধিক মেচৰ হ’ব নোৱাৰে।

এই শৃংখলাটো এইবাবেই গুৰুত্বপূৰ্ণ হ’ব, কাৰণ অহা বছৰৰ অক্টোবৰৰ পৰা নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াত আই চি চি এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। দলটোৰ বাবে নিজৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰাৰ এক সুযোগ থাকিব, যাতে যিবোৰ ত্ৰুটি আছে, সেইবোৰ শুধৰাব পৰা যায়। ইয়াৰ লগতে খেলুৱৈসকলৰ বাবেও উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি দলত নিজৰ স্থান পকী কৰাৰ এক সুন্দৰ সুযোগ থাকিব। আশা কৰিব পাৰি যে তেতিয়ালৈকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেট খেলি থাকিব। যদি এনেকুৱা হয়, তেন্তে সকলোৰে দৃষ্টি এই দুজন খেলুৱৈৰ ওপৰতেই কেন্দ্ৰীভূত থাকিব।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

এদিনীয়া ক্ৰিকেটত ভাৰতৰ আধিপত্য অব্যাহত: আইচিচি ৰেংকিঙৰ শীৰ্ষত টীম ইণ্ডিয়া, পাকিস্তানৰ স্থান অৱনমিত

পুৰুষৰ এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত ভাৰতীয় দলে নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (ICC)ৰ শেহতীয়া বাৰ্ষিক আপডেটৰ পাছতো পুৰুষৰ এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত ভাৰতীয় দলে নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । ভাৰতে ১১৮ ৰেটিং পইণ্টেৰে তালিকাৰ প্ৰথম স্থানত থকাৰ বিপৰীতে নিউজীলেণ্ড ১১৩ পইণ্টেৰে দ্বিতীয় স্থানত আছে । মাত্ৰ ৫ পইণ্টৰ ব্যৱধানেৰে টীম ইণ্ডিয়াই নিজৰ প্ৰথম স্থান সুৰক্ষিত কৰি ৰাখিছে ।

ৰেংকিঙৰ গুৰুত্বপূৰ্ণ সালসলনিসমূহ-

শেহতীয়া তালিকাত অষ্ট্ৰেলিয়া ১০৯ পইণ্টেৰে তৃতীয় স্থানতে স্থিৰ আছে । অৱশ্যে, এইবাৰৰ আপডেটত আটাইতকৈ লাভান্বিত হৈছে দক্ষিণ আফ্ৰিকা । ১০২ পইণ্টেৰে দক্ষিণ আফ্ৰিকাই চতুৰ্থ স্থান দখল কৰি পাকিস্তানক তললৈ ঠেলি দিছে । পাকিস্তান বৰ্তমান ৯৮ পইণ্টেৰে পঞ্চম স্থানত আছে ।

আনহাতে, তালিকাৰ ষষ্ঠৰ পৰা দশম স্থানলৈকে এনেধৰণৰ:

ষষ্ঠ: শ্ৰীলংকা (৯৬ পইণ্ট)

সপ্তম: আফগানিস্তান (৯৩ পইণ্ট)

অষ্টম: ইংলেণ্ড (৮৯ পইণ্ট)

নৱম: বাংলাদেশ (৮৪ পইণ্ট)

দশম: ৱেষ্ট ইণ্ডিজ (৭৪ পইণ্ট)

২০২৭ বিশ্বকাপৰ দৌৰ-

এই ৰেংকিং ২০২৭ চনৰ পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ২০২৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৰেংকিঙৰ শীৰ্ষ আঠটা দলে বিশ্বকাপলৈ পোনপটীয়া যোগ্যতা অৰ্জন কৰিব । যিহেতু দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱে আয়োজক হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে, সেয়েহে যদি দক্ষিণ আফ্ৰিকা শীৰ্ষ আঠৰ ভিতৰত থাকে, তেন্তে নৱম স্থানত থকা দলটোৱেও পোনপটীয়াকৈ বিশ্বকাপ খেলাৰ সুযোগ পাব পাৰে ।

অন্যান্য দেশৰ প্ৰদৰ্শন-

ৰেংকিঙৰ তলৰ ফালে আয়াৰলেণ্ডে জিম্বাবুৱেক পিছ পেলাই ১১তম স্থান দখল কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই ৪৬ পইণ্টেৰে স্কটলেণ্ডক অতিক্ৰম কৰি ১৩তম স্থানলৈ উন্নীত হৈছে । তদুপৰি, সংযুক্ত আৰৱ আমিৰশ্বাহে ১৬ পইণ্ট লাভ কৰি কানাডাক অতিক্ৰম কৰি ১৯তম স্থানত উপনীত হৈছে ।

উল্লেখ্য যে, আইচিচিৰ এই বাৰ্ষিক আপডেটে ২০২৫ চনৰ মে’ মাহৰ পৰা খেলা খেলসমূহক ১০০ শতাংশ আৰু তাৰ আগৰ দুবছৰৰ খেলসমূহক ৫০ শতাংশ গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক : আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?

দেওবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত অক্ষৰ পেটেলৰ প্লেইং ১১লৈ ঘূৰি অহাটো নিশ্চিত বুলি বিবেচিত হৈছে।

টি-২০ বিশ্বকাপ ২০২৬ ৰ ছুপাৰ-৮ ৰ ৰণডংকা বাজি উঠিছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব।

এই হাই ভল্টেজ মেচৰ পূৰ্বে ভাৰতীয় দল পৰিচালনা সমিতিয়ে প্লেইং ১১ ৰ ডাঙৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে।অপৰাজিত হৈ ছুপাৰ-৮ত প্ৰৱেশ কৰা টিম ইণ্ডিয়াই এতিয়া নিজৰ শক্তিশালী দলৰ সৈতে খেলপথাৰত প্ৰৱেশ কৰিব বিচাৰিছে।

ভাৰতীয় দলৰ তিনিটা পৰিৱৰ্তন হ’ব পাৰে। সঞ্জু চেমছনক বেটিং অনুশীলন কৰা দেখা গৈছিল। অনুশীলনৰ সময়ত সঞ্জু চেমছনক যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

ভাৰতৰ উপ-অধিনায়ক অক্ষৰ পেটেল নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত জিৰণি লোৱাৰ পাছতে প্লেইং ১১ লৈ ঘূৰি অহাটো প্ৰায় নিশ্চিত।তেওঁৰ ঠাইত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়া হৈছিল।

ঘৰুৱা ক্ৰিকেটত গুজৰাটক প্ৰতিনিধিত্ব কৰা অক্ষৰ পেটেলৰ বাবে এইখনেই ‘হোম গ্ৰাউণ্ড’।আহমেদাবাদৰ খেলপথাৰত তেওঁৰ অভিজ্ঞতাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে।

যদি এইবাৰ অভিষেক শৰ্মাই সুযোগ নাপাই, তেন্তে ঈশান কিষানৰ সৈতে চেমছনক অপেনাৰত দেখিবলৈ পোৱা যাব পাৰে।

লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী

তৃতীয় এদিনীয়াত জয়েৰে শৃংখলা দখল টীম ইণ্ডিয়াৰ,যশস্বীৰ দুৰ্দান্ত শতক

বিশাখাপট্টনমত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰিছে । এই মেচতে জয়ছোৱালে এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । ৰোহিত-কোহলীৰো বিস্ফোৰক

বিশাখাপট্টনমৰ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াত দুৰ্দান্ত জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই । এই জয়েৰে তিনিখন মেচৰ শৃংখলা ২-১ ব্যৱধানত দখল কৰিছে ভাৰতীয় দলে ।

আজি অনুষ্ঠিত হোৱা নিৰ্ণায়ক মেচখনত বেটে-বলে শক্তিশালী প্ৰদৰ্শনেৰে টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰস্ত কৰে । ভাৰতীয় দলৰ জয়ত যশস্বী জয়ছোৱালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যশস্বীয়ে ১২১টা বলত অপৰাজিত ১১৬ ৰান সংগ্ৰহ কৰে, য’ত ১২টা চাৰি আৰু দুটা ৬ আছিল । এদিনীয়া কেৰিয়াৰৰ এয়া আছিল যশস্বীৰ প্ৰথমটো শতক । ইফালে বিৰাট কোহলী (৬৫ নট আউট) আৰু ৰোহিত শৰ্মাই (৭৫ ৰান)ও বেটিং বিক্ৰম প্ৰদৰ্শন কৰে ।

এই জয়েৰে টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰে । ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত টীম ইণ্ডিয়াই ১৭ ৰানত জয়লাভ কৰিছিল । ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকাই ৰায়পুৰ এদিনীয়াত ৪ উইকেটত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিছিল ।

ভাৰতৰ ইনিংছ-

ৰান অনুসৰণ কৰি টীম ইণ্ডিয়া এক সুন্দৰ আৰম্ভণি কৰে । প্ৰথম উইকেটৰ বাবে ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে ১৫৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই অংশীদাৰিত্বৰ সময়ছোৱাত ৰোহিত শৰ্মাই ৬ টা চাৰি আৰু এটা ৬ৰ সহায়ত ৫৪টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । যশস্বীয়েও তিনিটা চাৰি আৰু এটা ৬ৰ সহায়ত ৭৫টা বলত অৰ্ধশতক অৰ্জন কৰে ।

টীম ইণ্ডিয়াৰ প্ৰথমটো উইকেট ৰোহিত শৰ্মাৰ ৰূপত পতন ঘটে । কেশৱ মহাৰাজৰ বলত মেথিউ ব্ৰেটজৰ হাতত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । ৰোহিতে ৭৩টা বলত ৭৫ ৰান সংগ্ৰহ কৰে, যটত ৭টা চাৰি আৰু তিনিটা ৬ আছিল । ৰোহিত পেভিলিয়নমুখী হোৱাৰ পিছত যশস্বী আৰু বিৰাটে এক বিস্ফোৰক অংশীদাৰিত্ব গঢ়ি তোলে । ১১১টা বলত যশস্বীয়ে ১০টা চাৰি আৰু এটা ৬ৰ সহায়ত শতক অৰ্জন কৰে । কোহলীয়েও অৰ্ধশতক অৰ্জন কৰে । কোহলীয়ে ৪৫ টা বলত, ৬টা চাৰি আৰু তিনিটা ৬ৰ সহায়ত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰে ।

দক্ষিণ আফ্ৰিকাৰ হৈ ডি ককৰ শতক-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৪৭.৫ অভাৰত ২৭০ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে অৰ্শদীপ সিঙে ৰিয়ান ৰিকেলটনক(০) পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছত কুইণ্টন ডি কক আৰু টেম্বা বাভুমাই ১১২ ৰানৰ অংশীদাৰিত্বৰে ইনিংছটো স্থিৰ কৰে । বাভুমাই ৫ টা চাৰিৰ সহায়ত ৪৮ ৰান সংগ্ৰহ কৰে আৰু ৰবীন্দ্ৰ জডেজাৰ হাতত উইকেট বিসৰ্জন দিয়ে ।

টেম্বা বাভুমা আউটৰ পিছত মেথিউ ব্ৰিট্জকে আৰু কুইণ্টন ডি ককে তৃতীয় উইকেটত ৫৪ ৰান সংগ্ৰহ কৰে । একেটা অভাৰতে প্ৰসিদ্ধ কৃষ্ণই ব্ৰিট্জকক (২৪ ৰান) আৰু এইডেন মাৰ্কৰাম (১ ৰান)ক আউট কৰে । বেক টু বেক উইকেট পতনৰ পিছতো ডি ককে নিজৰ আক্ৰমণাত্মক খেল অব্যাহত ৰাখে । ডি ককে ৮০টা বলত শতক অৰ্জন কৰে, য’ত ৮টা চাৰি আৰু ৬টা ৬ আছিল । এয়া আছিল ডি ককৰ ২৩ সংখ্যক এদিনীয়া শতক আৰু ভাৰতৰ বিৰুদ্ধে তেওঁৰ সপ্তমটো শতক ।

কুইণ্টন ডি ককৰ উইকেট দখল কৰে প্ৰসিদ্ধ কৃষ্ণই । ডি ককে ৮৯টা বলত ১০৬ ৰানৰ ইনিংছ খেলিছিল, য’ত ৮টা চাৰি আৰু ৬টা ছয় আছিল । ইয়াৰ পিছত দেখা গ’ল স্পীনাৰ কুলদীপ যাদৱৰ যাদু । কুলদীপে একেটা অভাৰতে ডেৱাল্ড ব্ৰেভিছ (২৯ ৰান) আৰু মাৰ্কো জেন্সেন (১৭ ৰান)ক পেভিলিয়নলৈ প্ৰেৰণ কৰে । ইয়াৰ পিছতে কুলদীপে কাৰ্বিন বছ (৯ ৰান) আৰু লুংগি এনঙিডি (১ ৰান)ৰ উইকেট দখল কৰে । দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ অন্তিমটো উইকেট অট্নিয়েল বাৰ্টমেন(৩ ৰান)ৰ ৰূপত প্ৰসিদ্ধে দখল কৰে । ২০ ৰানত অপৰাজিত হৈ থাকে কেশৱ মহাৰাজে । ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু কুলদীপে চাৰিটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক : ৰোহিত শৰ্মাৰ আন এক অভিলেখ… কোহলী-শচীনৰ ক্লাবত যোগদান

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট

 ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈৰ প্ৰি-ছিজন ফিটনেছ টেষ্ট ৩০ আৰু ৩১ আগষ্টত বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত অনুষ্ঠিত হৈছিল। এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাও এই ফিটনেছ টেষ্টৰ বাবে উপস্থিত হয়।

ৰোহিত শৰ্মাৰ উপৰিও টেষ্ট দলৰ অধিনায়ক শুভমান গিল, প্ৰসিদ্ধ কৃষ্ণ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, যশস্বী জয়ছৱাল, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ আৰু শাৰদুল ঠাকুৰেও এই টেষ্ট দিবলৈ আহিছিল।অৱশ্যে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ ইয়াত উত্তীৰ্ণ হয়।

খেলুৱৈসকলক য়ো-য়ো (Yo-Yo) টেষ্ট কৰে। ইয়াৰ লগতে হাড়ৰ শক্তি পৰীক্ষা কৰিবলৈ DXA স্কেনও কৰা হৈছিল।এই ফিটনেছ টেষ্টত প্ৰসিদ্ধ কৃষ্ণই সৰ্বাধিক পইণ্ট লাভ কৰে।

এছিয়া কাপ দলত অন্তৰ্ভুক্ত আৰ্শদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱে ইতিমধ্যে দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল খেলিছে, সেয়েহে তেওঁলোকৰ বাবে কোনো পৃথক ফিটনেছ টেষ্ট নাথাকিব।

এই টেষ্টত উত্তীৰ্ণ হৈছে ৰোহিত শৰ্মাই। এতিয়া বিৰাট কোহলীয়েও অনাগত দিনত বাংগালুৰুলৈ আহি ফিটনেছ টেষ্ট দিব ।

বৰ্তমান কোহলী লণ্ডনত আছে আৰু ৰোহিত শৰ্মাৰ দৰে আই পি এল ২০২৫ৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি আছে।শেহতীয়াকৈ তেওঁ পুনৰ লণ্ডনত অনুশীলন আৰম্ভ কৰিছে।

লগতে পঢ়ক: হকী এছিয়া কাপত ভাৰতীয় দলৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়…

টীম ইণ্ডিয়াৰ পুনৰ বাঢ়িছে চিন্তা; আঘাতপ্ৰাপ্ত বেগী বলাৰ আকাশ দীপ

আঘাতপ্ৰাপ্ত বেগী বলাৰ আকাশ দীপ

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ টেষ্ট মেচৰ শৃংখলা চলি আছে, য’ত শুভমান গিলৰ ব্ৰিগেড বৰ্তমান ১-২ত পিছ পৰি আছে।

এতিয়া এই টেষ্ট ছিৰিজৰ চতুৰ্থখন মেচ ২৩ জুলাই (বুধবাৰ)ৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হ’ব।

এই মেচখন ভাৰতীয় দলৰ বাবে ডু অৰ ডাই পৰিস্থিতিত পৰিণত হৈছে।এই মেচত যদি ভাৰতীয় দলে পৰাস্ত হয়, তেন্তে শৃংখলাতো পৰাস্ত হ’ব।

মানচেষ্টাৰ টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৱে নিজৰ খেলুৱৈৰ আঘাতৰ সৈতে যুঁজিছে। বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপ সিঙৰ হাত কাটি যোৱাৰ বাবে ইতিমধ্যে মানচেষ্টাৰৰ টেষ্ট মেচত তেওঁক বাদ দিয়া হৈছে।

আনহাতে ভাইচ অধিনায়ক ঋষভ পন্ত বাওঁহাতৰ তৰ্জনী আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে। এতিয়া চতুৰ্থ টেষ্ট মেচৰ মাত্ৰ তিনিদিন পূৰ্বে ভাৰতীয় দলটোৱে আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে।

বেগী বলাৰ আকাশ দীপ ভৰিত আঘাত পাইছে। লৰ্ডছত খেলা তৃতীয়খন টেষ্ট মেচত আকাশ দীপৰ প্ৰদৰ্শন বিশেষ নাছিল আৰু তেওঁ মাত্ৰ এটা উইকেটহে ল’বলৈ সক্ষম হৈছিল।

অৱশ্যে এডগবাষ্টন টেষ্ট মেচখনত আকাশ দীপে বলৰ সৈতে উজ্জ্বল প্ৰদৰ্শন কৰি ১০টা উইকেট দখল কৰে।এতিয়া আঘাতৰ বাবে আকাশ দীপৰ ফিটনেছৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁ মানচেষ্টাৰ টেষ্টত খেলিব নে নাই সেয়া নিশ্চিত নহয়।

ইফালে, চতুৰ্থ টেষ্ট মেচত আৰ্শদীপ সিঙক বাদ পৰাৰ পাছত ভাৰতীয় টেষ্ট দলত সোঁহাতৰ বেগী বলাৰ অংশুল কামোজক সংযোজন কৰা হৈছে।

ঘৰুৱা ক্ৰিকেটত হাৰিয়ানাক প্ৰতিনিধিত্ব কৰা অংশুলে এতিয়ালৈকে নিজৰ কেৰিয়াৰত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে।

শেহতীয়াকৈ অংশুলে ইণ্ডিয়া এৰ হৈ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন খেল খেলিছিল, য’ত তেওঁ নিজৰ গতি আৰু সঠিকতাৰে আয়োজক দলৰ বেটছমেনসকলক অশান্তি দিছিল।

বেগী বলাৰৰ আঘাতৰ পিছত পৰৱৰ্তী টেষ্ট মেচত ভাৰতীয় দলৰ বাবে যশপ্ৰীত বুমৰাহে খেলাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

লগতে পঢ়ক: বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ; ভাৰতীয় খেলুৱৈয়ে কৰিলে বৰ্জন

ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ

গৌতম গম্ভীৰ উভতিল ভাৰতলৈ

টীম ইণ্ডিয়াক আধাতে এৰি ভাৰতলৈ উভতি আহিছে গৌতম গম্ভীৰ। ইয়াৰ আঁৰৰ কাৰণ হ’ল মাকৰ স্বাস্থ্যৰ অৱনতি।জানিব পৰা মতে হৃদ ৰোগত আক্ৰান্ত হৈছে গম্ভীৰৰ মাতৃ।

গম্ভীৰৰ মাতৃ বৰ্তমান আই চি ইউ আছে। চিকিৎসকে অনবৰতে তেওঁৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিছে।ভাৰতলৈ অহাৰ পিছত ১৭ জুনত পুনৰ টিম ইণ্ডিয়াত যোগদান কৰিব গম্ভীৰে।

ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব।টিম ইণ্ডিয়াক ইংলেণ্ড ভ্ৰমণত গৌতম গম্ভীৰৰ অতি প্ৰয়োজন আছে।

কাৰণ এইবাৰ এজন যুৱ অধিনায়কৰ নেতৃত্বত ঘৰুৱা দলটো ইংলেণ্ড ভ্ৰমণত আছে। এনে পৰিস্থিতিত গম্ভীৰৰ দৰে প্ৰশিক্ষকৰ সমৰ্থনে দলটোৰ মনোবল উচ্চ কৰি ৰাখিব।

অষ্ট্ৰেলিয়া ভ্ৰমণ আৰু নিউজিলেণ্ড শৃংখলাৰ ফলাফলৰ পিছত গম্ভীৰৰ বাবে ইংলেণ্ড ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। গম্ভীৰৰ অনুপস্থিতিত সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’শ্বেটে ভাৰত আৰু ইণ্ডিয়া-এ ৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া অনুশীলন মেচখনত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব।

তেওঁক সহায় কৰিব বলিং প্ৰশিক্ষক মৰ্ন মৰ্কেল আৰু বেটিং প্ৰশিক্ষক সীতাছু কোটাকৰ দৰে আন প্ৰশিক্ষক কৰ্মচাৰীয়ে।

গৌতম গম্ভীৰৰ মাতৃ সীমা গম্ভীৰ ১১ জুনত হৃদ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতই তেওঁ ভ্ৰমণৰ মাজভাগত এৰি ভাৰতলৈ উভতি আহে।যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তো গম্ভীৰ পাৰিবাৰিক জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতলৈ উভতি আহিছিল।

লগতে পঢ়ক: ‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা

ভাৰত-বাংলাদেশৰ খেলৰ পূৰ্বেই আকাশত ক’লা ডাৱৰ; খলনায়ক হৈ আহিব নেকি বৰষুণ?

টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ খেলখনৰ বাবে সাজু হৈছে। ২০ ফেব্ৰুৱাৰীত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব।ভাৰতে এই খেলখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে।

কিন্তু বৰষুণে এই খেলখনত খলনায়ক হ’ব পাৰে।যদি বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যতবাণী সঁচা বুলি প্ৰমাণিত হয়, তেন্তে ভাৰতেও পৰিকল্পনা সলনি কৰিব লাগিব পাৰে।

চেম্পিয়নছ ট্ৰফীৰ বাবে, ভাৰতীয় দলৰ ৫ জন স্পিনাৰ আছে। যাৰ ভিতৰত তিনিজনে বাংলাদেশৰ বিৰুদ্ধে খেলিব পাৰে।

কিন্তু এই পৰিকল্পনাটো ভাৰতে সলনি কৰিব লাগিব পাৰে কিয়নো ডুবাই চহৰত বৰষুণ এক অলৌকিক ঘটনাতকৈ কম নহয়।ইয়াত প্ৰায়েই কৃত্ৰিম বৰষুণ কৰোৱা হয়। ২০ ফেব্ৰুৱাৰীত ডুবাইতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

চেম্পিয়নছ ট্ৰফীৰ এদিন পূৰ্বে, অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত তাত ধাৰাসাৰ বৰষুণ হৈছিল। ইফালে, ২০ ফেব্ৰুৱাৰী সন্দৰ্ভত বতৰ বিভাগৰ পৰা এক গুৰুত্বপূৰ্ণ আপডেট আছে।

ইয়াতো, বৰষুণে খেলখন ব্যাহত কৰিব পাৰে। অৱশ্যে, ২০ ফেব্ৰুৱাৰীত মাজে মাজে হে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।