ৰোহিত শৰ্মাৰ আন এক অভিলেখ… কোহলী-শচীনৰ ক্লাবত যোগদান

ৰোহিত শৰ্মাৰ আন এক অভিলেখ… কোহলী-শচীনৰ ক্লাবত যোগদান

বিস্ফোৰক ফৰ্মত থকা ৰোহিত শৰ্মাই আন এক অভিলেখ গঢ়িছে । তেওঁ শচীন-কোহলীৰ ক্লাবত যোগদান কৰিছে । এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । ৬ ডিচেম্বৰ, শনিবাৰে বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে

বিস্ফোৰক ফৰ্মত থকা ৰোহিত শৰ্মাই আন এক অভিলেখ গঢ়িছে । তেওঁ শচীন-কোহলীৰ ক্লাবত যোগদান কৰিছে ।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । ৬ ডিচেম্বৰ, শনিবাৰে বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনতো ৰোহিত শৰ্মাই বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে । হিটমেন খ্যাত ৰোহিতে এই মেচত ৭৩ টা বলত ৭৫ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে, য’ত টা চাৰি আৰু তিনিটা ৬ আছিল ।

ইয়াৰ পিছতে ৰোহিত শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান সংগ্ৰহ কৰা ১৪ সংখ্যক বেটছমেন হিচাবে পৰিগণিত হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ নামত । শচীনে ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৪৮.৫২ত ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছে, য’ত ১০০টা শতক আৰু ১৬৪টা অৰ্ধশতক আছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান (ভাৰতীয় বেটছমেন)

৩৪,৩৫৭ – শচীন তেণ্ডুলকাৰ

২৭,৯১০ – বিৰাট কোহলী

২৪,২০৮ – ৰাহুল দ্ৰাবিড়

২০,০৪৮ – ৰোহিত শৰ্মা

ভাৰতীয় দলৰ হৈ এটা শকৰো অধিক সময় ধৰি অ’পেনাৰ হিচাপে কাম কৰি আহিছে ৰোহিতে । তেওঁ কৌশল, ধৈৰ্য্য, বিস্ফোৰক শ্বটৰ নিখুঁত ভাৰসাম্য প্ৰদৰ্শন কৰিছে । তেওঁৰ এই উজ্জ্বল ইনিংছৰ বাবে ভাৰতে বগা বল ক্ৰিকেটত বহু উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । বিশাখাপট্টনম এদিনীয়াত তেওঁৰ এই কৃতিত্ব তেওঁৰ শক্তি, দীৰ্ঘ সময় ধৰি ক্ৰীজত থাকিব পৰা ক্ষমতা আৰু তিনিওটা ফৰ্মেটতে তেওঁৰ উৎকৃষ্ট খেলৰ প্ৰমাণ ।

লগতে পঢ়ক : বিশাখাপট্টনমত ভাগিল ভাৰতৰ এই অভিলেখ… ২০খন মেচৰ পাছত ঘটিল এই অঘটন!

শেহতীয়া প্ৰৱন্ধসমূহ