আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে এতিয়া কঠোৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড । টুৰ্ণামেণ্টখনৰ চলিত ছিজনত খেলুৱৈ, দলৰ বিষয়া আৰু বাহিৰৰ অননুমোদিত ব্যক্তিৰ মাজত বৃদ্ধি পোৱা “বিসংগতি

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে এতিয়া কঠোৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড । টুৰ্ণামেণ্টখনৰ চলিত ছিজনত খেলুৱৈ, দলৰ বিষয়া আৰু বাহিৰৰ অননুমোদিত ব্যক্তিৰ মাজত বৃদ্ধি পোৱা “বিসংগতি আৰু অনিয়ম”ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াই সকলো ফ্ৰেঞ্চাইজিলৈ এক অতি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰিছে ।

শইকীয়াই জনোৱা মতে, বি চি চি আইয়ে কেইবাটাও গুৰুতৰ নিৰাপত্তা আৰু দুৰ্নীতি বিৰোধী নীতি উলংঘনৰ ঘটনা ধৰা পেলাইছে । তেওঁ কয় যে বহু অনা-অনুমোদিত ব্যক্তি দলৰ সদস্যৰ সৈতে ঘুৰি ফুৰা, আনকি খেলুৱৈ আৰু বিষয়াৰ কোঠাত সোমোৱা আদি কাৰ্য লক্ষ্য কৰা হৈছে, যিটো আই পি এলৰ সুৰক্ষা নীতিৰ সম্পূৰ্ণ পৰিপন্থী । লগতে ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকলে নিষিদ্ধ এলেকাত খেলুৱৈৰ সৈতে মত বিনিময় কৰাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে ।

সাংবাদিকৰ আগত বৃহস্পতিবাৰে বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, “আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ । আজি সন্ধিয়াই এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা হ’ব । ইয়াৰ পিছতো যদি কোনোৱে নিয়ম উলংঘন কৰে, তেন্তে বি চি চি আই আৰু আই পি এল গভৰ্ণিং বডীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।”

উল্লেখ্য যে, অলপতে কেইবাটাও বিতৰ্কিত ঘটনাই ক্ৰিকেট মহলত জোকাৰণি সৃষ্টি কৰিছে । পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলৰ সময়ত ড্ৰেছিং ৰুমত ই-চিগাৰেট সেৱন কৰি থকা অৱস্থাত ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক ৰিয়ান পৰাগ ধৰা পৰিছিল । ইয়াৰ বাবে ৰিয়ানক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা আৰু এটা ডিমেৰিট পইণ্ট প্ৰদান কৰা হয় ।

একেদৰে, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডাগআউটৰ ওচৰত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে ৰাজস্থান ৰয়েলছৰ মেনেজাৰ ৰবিন্দৰ সিং ভিন্দৰকো ১ লাখ টকাৰ জৰিমনা বিহা হৈছে । এনেবোৰ ঘটনাই আই পি এলৰ নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাক প্ৰকট কৰি তোলাৰ বাবেই এতিয়া বি চি চি আই কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ