জিম্বাবুৱে ভ্ৰমণ আৰু এছিয়ান গেমছৰ দায়িত্ব ভিভিএছ লক্ষ্মনক অৰ্পণ কৰাৰ বিচিচিআইৰ সিদ্ধান্ততই কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে।এই ক্ষেত্ৰত ভাৰতীয় শিবিৰৰ ভিতৰত সকলো ঠিকেই আছে নে নাই, আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰশিক্ষক কৰ্মচাৰীৰ ডাঙৰ পৰিৱৰ্তনৰ বাবে ব’ৰ্ডে প্ৰস্তুতি চলাইছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনা বাঢ়িছে।
আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত বেয়া প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ কোচিং ষ্টাফ বা প্ৰশিক্ষক মণ্ডলীত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সহায়ক কৰ্মচাৰী অন্ততঃ দুজন সদস্য টিম ইণ্ডিয়াৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰে এজন জ্যেষ্ঠ ছাপৰ্ট ষ্টাফ সদস্যৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ফ্ৰেঞ্চাইজিৰ সৈতে আলোচনাও সম্পূৰ্ণ হৈছে। ধাৰণা কৰা হৈছে যে তেওঁ অতি সোনকালেই ফ্ৰেঞ্চাইজিটোৰ ছেটআপত যোগ দিব পাৰে। ইয়াৰ উপৰিও আন এজন প্ৰশিক্ষকেও অতি সোনকালে ভাৰতীয় দলৰ সংগ এৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) আগষ্ট মাহত হ’বলগীয়া শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে বৰ্তমানৰ কোচিং ছেটআপৰ পৰ্যালোচনা কৰিব পাৰে। ইয়াৰ মাজতে জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে ভি ভি এছ লক্ষ্মণৰ নেতৃত্বত বেলেগ কোচিং ষ্টাফ নিযুক্তি দিয়াৰ সিদ্ধান্তয়ো বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
গম্ভীৰৰ ছাপৰ্ট ষ্টাফে বি চি চি আইৰ সৈতে ২+১ বছৰৰ চুক্তি কৰিছিল। প্ৰাৰম্ভিক দুবছৰ সম্পূৰ্ণ হোৱাৰ পিছত ব’ৰ্ড আৰু প্ৰশিক্ষক দুয়োৰে হাতত চুক্তিখ্যন আৰু এবছৰ বৃদ্ধি কৰাৰ বিকল্প আছে। শেহতীয়াকৈ ভাৰতীয় দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল, আনহাতে ইংলেণ্ড ভ্ৰমণতো দলটোৰ প্ৰদৰ্শন আশানুৰূপ নাছিল। অৱশ্যে প্ৰতিবেদনত দাবী কৰা হৈছে যে ছাপৰ্ট ষ্টাফৰ সাম্ভাৱ্য পৰিৱৰ্তনৰ সৈতে এই পৰাজয়ৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। ইয়াৰ আঁৰৰ কাৰণ হিচাপে বিগত কেইমাহমানৰ ভিতৰত কোচিং ষ্টাফৰ ভিতৰত সৃষ্টি হোৱা অভ্যন্তৰীণ বিষয়সমূহক গণ্য কৰা হৈছে।
বি চি চি আয়ে জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে গম্ভীৰ আৰু তেওঁৰ ছাপৰ্ট ষ্টাফক দায়িত্ব দিয়া নাই। এই ভ্ৰমণত ভাৰতীয় দলৰ হেড কোচ হ’ব ভি ভি এছ লক্ষ্মণ। ইয়াৰ পিছত তেওঁ জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছতো ভাৰতীয় দলৰ দায়িত্ব চম্ভালিব। এই সিদ্ধান্তক লৈ ব’ৰ্ডৰ একাংশ বিষয়াই প্ৰশ্ন উত্থাপন কৰিছে।
গৌতম গম্ভীৰে ২০২৪ চনৰ জুলাই মাহত টিম ইণ্ডিয়াৰ হেড কোচৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰম্ভণিতে এচিষ্টেণ্ট কোচ ৰিয়ান টেন ডোস্কেট আৰু ফিল্ডিং কোচ টি দিলীপ ছাপৰ্ট ষ্টাফত অন্তৰ্ভুক্ত হৈছিল, আনহাতে বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ জৰিয়তে মৰ্নে মৰ্কেলে বলিং কোচৰ দায়িত্ব চম্ভালিছিল। গম্ভীৰে নিজৰ সৈতে অভিষেক নায়ৰ আৰু সিতাংশু কটকৰ দৰে বিশ্বস্ত সহযোগীসকলকো লৈ আহিছিল। অৱশ্যে ২০২৫ চনৰ চেম্পিয়ন্স ট্ৰফীৰ পিছত অভিষেক নায়ৰ দলৰ পৰা আঁতৰি যায় আৰু সিতাংশু কটকে বেটিং কোচৰ দায়িত্ব লয়। শেহতীয়াকৈ বি চি চি আয়ে ছাইৰাজ বহুতুলেকো স্পিন বলিং কোচ হিচাপে নিযুক্তি দিয়ে।
এতিয়া ইংলেণ্ড ভ্ৰমণৰ পিছত পুনৰবাৰ ভাৰতীয় দলৰ কোচিং ষ্টাফত ডাঙৰ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। বি চি চি আইৰ পৰ্যালোচনা আৰু ভি ভি এছ লক্ষ্মণক দিয়া নতুন দায়িত্বই এই জল্পনা-কল্পনা তীব্ৰতৰ কৰি তুলিছে যে গৌতম গম্ভীৰৰ ছাপৰ্ট ষ্টাফত অতি সোনকালে এক ডাঙৰ সালসলনি দেখিবলৈ পোৱা যাব।









