নিউজিলেণ্ড ভ্ৰমণৰ অংশ হিচাপে আজি অকলেণ্ডত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৩০ বছৰৰ পূৰ্বৰ কথা উল্লেখ কৰি আৱেগিক হৈ পৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউজিলেণ্ডৰ অকলেণ্ডত ভাৰতীয় সমাজৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তাত ভাষণো প্ৰদান কৰে। এই কমিউনিটি ইভেণ্টত ভাৰতীয় সমাজৰ সন্মুখত নিজৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আজি, ৪০ বছৰৰ পাছত কোনো এজন ভাৰতীয় প্ৰধানমন্ত্ৰী নিউজিলেণ্ডলৈ আহিছে। এইটো মোৰ অতি ডাঙৰ সৌভাগ্য যে মই আপোনালোকৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ শুভেচ্ছা কঢ়িয়াই আনিছোঁ।’
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চৰ পৰা নিজৰ এনেকুৱা এটা স্মৃতি শ্বেয়াৰ কৰিলে যিয়ে সকলোৰে হৃদয় স্পৰ্শ কৰিলে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ২৫ ৰ পৰা ৩০ বছৰ পুৰণি সেই স্মৃতিৰ পৃষ্ঠা লুটিয়াই চালে, যেতিয়া তেওঁ ভাৰতৰ সক্ৰিয় ৰাজনীতি বা চৰকাৰৰ অংশ নাছিল আৰু তেওঁক ৰাজহুৱা জীৱনত কোনেও নাজানিছিল।
প্ৰধানমন্ত্ৰীয়ে সেই সময়ছোৱাক মনত পেলাই আৱেগিকভাৱে কয়, “প্ৰধানমন্ত্ৰী হিচাপে এইখন মোৰ প্ৰথম ভ্ৰমণ হ’ব পাৰে, কিন্তু ২৫-৩০ বছৰ আগতে, যেতিয়া মই কোনো চৰকাৰৰ অংশ নাছিলো আৰু ৰাজহুৱা জীৱনত মোক কোনেও নাজানিছিল, তেতিয়া মই নিউজিলেণ্ডলৈ অহাৰ সুযোগ পাইছিলো। সেই সময়ত মই এখন মাফলাৰ, এটা টুপী আৰু এযোৰ হাতমোজা উপহাৰ হিচাপে পাইছিলো। আজি মই তাৰ মাজৰ পৰাই এই মাফলাৰখন পিন্ধি আপোনালোকৰ মাজলৈ আহিছোঁ। এইখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে উপহাৰ দিছিল। মই বহু বছৰ ধৰি ইয়াক ব্যৱহাৰ কৰিছোঁ আৰু আজিও ইয়াক ঠিক তেনেদৰেই সযতনে ৰাখিছোঁ, যেনেকৈ মই আপোনালোক সকলোৰে মৰম সযতনে ৰাখোঁ।”
ভাৰত আৰু নিউজিলেণ্ডৰ শক্তিশালী কূটনৈতিক তথা সাংস্কৃতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সম্পৰ্কৰ ভেটি অতি গভীৰ। তেওঁ কয়, “ভাৰত আৰু নিউজিলেণ্ডৰ সম্পৰ্কত স্মৃতিও আছে, বন্ধুত্বও আছে, মূল্যবোধো আছে আৰু এটা প্ৰতিশ্ৰুতিও আছে।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ সম্পৰ্ক বন্ধুত্ব, উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত। নিউজিলেণ্ডৰ সংস্কৃতিৰ এটা ধুনীয়া শব্দই এই সম্পৰ্কৰ সাৰমৰ্মক প্ৰতিফলিত কৰে—’ৱাকা’ (Waka)। শতিকা ধৰি এই শব্দটো মানুহক একত্ৰিত কৰাৰ প্ৰতীক হৈ আহিছে। ‘ৱাকা’ কেৱল এখন নাও নহয়। ই এখন উমৈহতীয়া যাত্ৰাৰ প্ৰতীক। আজি ভাৰত-নিউজিলেণ্ড ‘ৱাকা’ এখন নতুন যাত্ৰাত একেলগে ওলাবলৈ সাজু হৈছে।’
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়, ‘নিউজিলেণ্ড এনে এখন ঠাই, য’ত ৰাস্তাবোৰতো ভাৰতীয় চহৰসমূহক সন্মান জনোৱা হৈছে। ক’ৰবাত খাণ্ডালা আছে, ক’ৰবাত বোম্বাই হিলছ আছে, ক’ৰবাত কৰমণ্ডেল আছে, কলিকতা ষ্ট্ৰীট আছে, দিল্লী ক্ৰেচেণ্ট আছে, অমৃতসৰ ষ্ট্ৰীট আছে… এনেকুৱা কত যে নাম আছে, য’ত থাকোঁতে থাকোঁতে আপোনালোকো সম্পূৰ্ণৰূপে ‘কিৱি’ হৈ পৰিছে আৰু নিউজিলেণ্ডৰ নেতাসকলক মই যেতিয়াই লগ পাওঁ, তেওঁলোকে আপোনালোক সকলোৰে প্ৰশংসা কৰে। প্ৰশংসা আপোনালোকৰ হয় আৰু মই গৌৰৱ অনুভৱ কৰোঁ।’
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ নিউজিলেণ্ড ভ্ৰমণৰ দ্বিতীয় দিন; দ্বিপাক্ষিক বৈঠকত মিলিত









