গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘গৌৰৱ গগৈ পাকিস্তানলৈ যিধৰণে গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়’।
‘তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানলৈ যোৱা কথাটো কৈছে। কিন্তু প্ৰধানমন্ত্ৰী গৰাকী পাকিস্তানলৈ যোৱা আৰু গৌৰৱ গগৈ মনে মনে পাকিস্তানলৈ যোৱাটোৰ মাজত পাৰ্থক্য আছে’।
‘গৌৰৱ গগৈয়ে ৰাফেল আৰু S400ৰ বিৰোধিতা কৰিছিল। তেওঁ পাকিস্তানৰ পৰা আহিয়েই পাৰমাণৱিক অস্ত্ৰ ক’ত থাকে, কাছাব অহা ৰাস্তাটোত নতুনকৈ কিমান নিৰাপত্তাৰক্ষী ৰখা হৈছে সেই কথাও জানিব বিচাৰিছিল’।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ ৯০ জন ল’ৰাক তেঁও পাকিস্তানলৈ লৈ গৈছিল ৰেডিকুলাছ কৰিবলৈ। গৌৰৰৱ গগৈয়ে নিজৰ লৰা-ছোৱালীক ভাৰতীয় কৰি ৰখা নাই’ ।
‘গৌৰৱ গগৈয়ে যিবোৰ কাম কৰি আছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় আৰু নিন্দনীয়’। ইয়াৰ লগতে গৌৰৱ গগৈৰ পত্নীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১০ ছেপ্তেম্বৰত সকলো তথ্য দিয়াৰ পিছত তেঁওৰ পৰিবাৰৰ পাছপৰ্ট বাতিল হ’ব’।
‘এই ভদ্ৰ মহিলা গৰাকীয়ে ১৯ বাৰকৈ ভাৰত-পাকিস্তানৰ মাজত অহা যোৱা কৰিছিল।বেছিভাগ খোজ কাঢ়ি অথবা নেপাল হৈ অহা যোৱা কৰিছিল’। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ন ন বিস্ফোৰক মন্তব্য কৰে।