গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া
অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল ৰাজ্যবাসী । মঙলবাৰে পঞ্চভূতত বিলীন হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ । সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যদাৰে হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জুবিন গাৰ্গৰ ।
ইফালে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ । জুবিনৰ সৈতে ছাঁটোৰ দৰে থকা, প্ৰত্যেকটো মূহুৰ্ততে জুবিনৰ সাহস তথা লগৰীয়া হৈ অহা গৰিমা শইকীয়া গাৰ্গ স্বামীক হেৰুৱাই ভাগি পৰিছে । কিন্তু ইয়াৰ মাজতো তেওঁ সাহস হেৰুওৱা নাই । প্ৰয়াত শিল্পীগৰাকীক দিয়া মৰম, শ্ৰদ্ধাৰ বাবে তেওঁ অনুৰাগীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে ।
আজি সংবাদ মাধ্যমৰ সন্মুখত স্বামীক স্মৰণ কৰি তেওঁ কয়, ‘মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি । ভঘৱানৰ আত্মা আছিল জুবিন । আমি হয়তো সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিোঁ তেওঁক । নহলে সিমানখিনি মৰম আদৰ মানুহে দিব নোৱাৰে । জুবিনক মানুহে যিদৰে মৰম-আদৰ কৰিছিল, সেই মৰম-আদৰ আমি ভাবিব নোৱৰা ধৰণে পাইছোঁ । সেইবাবে মই সমগ্ৰ বিশ্ববাসীৰ ওচৰত কৃতজ্ঞ । এজন শিল্পী হিচাবে, জুবিনে যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই, ধৰ্ম নাই… তেনেদৰে সকলোৱেই দিছে তেওঁক । জুবিনৰ কাষত যিদৰে মানুহ আছিল এতিয়া মোৰ কাষতো আছে, জুবিনৰ বাবেই এতিয়া মোৰ কাষতো মানুহ আছে ।‘
ইফালে জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে । বৰ্তমান জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে তেওঁ । উল্লেখ্য যে, মঙলবাৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীতে অসুস্থ হৈ পৰিছিল পিতৃ কপিল ঠাকুৰ । ইয়াৰ পিছতে লগে লগে তেওঁক চিকিতসালয়ত ভৰ্তি কৰোৱা হয় ।
লগতে পঢ়ক : সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…