তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট

আদালতৰ ৰায়দানৰ পিছতে সামাজিক মাধ্যমৰ এক বিশেষ পোষ্ট যোগে ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু জনসাধাৰণৰ সমৰ্থনৰ ওপৰত বিশ্বাস ব্যক্ত কৰে গৰিমাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট ট্ৰেক আদালতে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । এই গোচৰত আদালতে ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে । ইয়াৰ পিছতে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্য যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । আদালতৰ ৰায়দানৰ পিছতে সামাজিক মাধ্যমৰ এক বিশেষ পোষ্ট যোগে ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু জনসাধাৰণৰ সমৰ্থনৰ ওপৰত বিশ্বাস ব্যক্ত কৰে গৰিমাই ।

আদালতৰ নিৰ্দেশৰ কিছু সময় পিছতে ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে লিখে যে “ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ তথা সহযোগিতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ।” জুবিন গাৰ্গক আৱেগিকভাৱে “গল্ডী” বুলি সম্বোধন কৰি তেওঁ লগতে লিখে যে তেওঁ আশা কৰে কোনো পবিত্ৰ আৰু সহজ-সৰল মনৰ ব্যক্তিয়ে যাতে পুনৰ এনে অন্যায়ৰ সন্মুখীন হ’বলগীয়া নহয় ।

সামাজিক মাধ্যমৰ পোষ্টত গৰিমা শইকীয়া গাৰ্গে লিখিছে- “ভগৱান, আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত, ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ আৰু সহযোগিতাৰ ওপৰত পূৰ্ণ আস্থা আছে আমাৰ ..

তুমিও নিজেই নিজক চাবা গ’ল্ডী.. আৰু যাতে তোমাৰ দৰে এক পৱিত্ৰ,সহজ- সৰল এক সত্বাৰ লগত কেতিয়াও এনে ভয়ংকৰ অন্যায় নহয় ।”

ফাষ্ট ট্ৰেক আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰাৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এই প’ষ্টটো কৰে । বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামৰৰ মতে, অভিযুক্তই ঘটনাৰ পিছত আইনী প্ৰক্ৰিয়াত সহযোগিতা কৰাৰ পৰিৱৰ্তে ছিংগাপুৰ ত্যাগ কৰি মালয়েছিয়াত আশ্ৰয় লোৱা বুলি উত্থাপিত অভিযোগক আদালতে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ।

অভিযোগকাৰী পক্ষই লগতে এইবুলিও দাবী কৰে যে অভিযুক্তই জুবিন গাৰ্গক উপহাৰ হিচাপে দিয়া বুলি কোৱা সুৰাৰ বটলটোৰ যোগান ধৰিছিল আৰু শিল্পীগৰাকীৰ অসুস্থতাৰ কথা জানিও তেওঁক ইচ্ছাকৃতভাৱে পানীত নামিবলৈ দিছিল । আদালতে ইয়াৰ পূৰ্বে প্ৰয়াত শিল্পীগৰাকীৰ পৰা আত্মসাৎ কৰা ধনৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত কেইবাটাও ব্যৱসায়িক স্বাৰ্থ আৰু একাধিক বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল ।

এই গোচৰৰ পৰৱৰ্তী শুনানি ২ মে’ত অনুষ্ঠিত হ’ব, য’ত অভিযোগ গঠনৰ স্তৰত অভিযুক্তই নিজৰ লিখিত যুক্তি দাখিল কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল শ্যামকানুৰ

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গে

শাৰীৰিক অসুস্থতাৰ মাজেৰেই গৰিমা শইকীয়া গাৰ্গ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে

অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । এটা পৰ্যায়তে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ হয় । ইয়াৰ মাজতে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই । লগতে তেওঁলোকে ভোটদান কৰি সকলো নাগৰিককে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটীৰ দিছপুৰ সমষ্টিত ভোটদান কৰে । শাৰীৰিক অসুস্থতাৰ মাজেৰেই তেওঁ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা গৰিমাৰ সৈতে তেওঁৰ জুহিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰো উপস্থিত আছিল । গৰিমা শইকীয়া গাৰ্গে কয়, “ভোটদান কৰাটো আমাৰ কৰ্তব্য, সেইবাবেই অসুস্থ দেহাৰেই মই মোৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছো ।”

ইফালে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয় যে তেওঁলোকে ন্যায়ৰ বাবে যুঁজ দি আছে । তেওঁ কয়, “আমি তেওঁৰ ন্যায়ৰ বাবে যুঁজি আছো । আমি শীঘ্ৰেই ন্যায় লাভক লৈ আশাবাদী ।”

জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয়, “আমি সকলোৱে ভোটদান কৰিছো । মই সকলো নাগৰিককে নিজৰ বিবেকেৰে ভোট দিবলৈ অনুৰোধ জনাইছো যাতে আমি আমাৰ পচন্দৰ এখন চৰকাৰ গঠন কৰিব পাৰো ।”

লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

জুবিন গাৰ্গ ঘটনাৰ বিচাৰ চলিব ফাষ্টট্ৰেক আদালতত, চৰকাৰৰ পদক্ষেপক আদৰণি গৰিমা শইকীয়া গাৰ্গৰ

ৰাজ্যিক কেবিনেটে জুবিন গাৰ্গ পৰিয়ালৰ অনুৰোধমৰ্মে গোচৰটো দ্ৰুত বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছে

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ২৭ ফেব্ৰুৱাৰীত শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰটো দ্ৰুত বিচাৰ প্ৰক্ৰিয়াৰ (fast-track trial) জৰিয়তে নিষ্পত্তি কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে । তেওঁ আশা প্ৰকাশ কৰে যে এই পদক্ষেপে শীঘ্ৰেই ন্যায় প্ৰদান কৰিব আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ সক্ষম হ’ব ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত ঘোষণা কৰি কয় যে, ৰাজ্যিক কেবিনেটে জুবিন গাৰ্গ পৰিয়ালৰ অনুৰোধমৰ্মে গোচৰটো দ্ৰুত বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে শোকসন্তপ্ত পৰিয়ালৰ ইচ্ছাক সন্মান জনায় আৰু আইনী প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে পৰিয়ালে এই গোচৰটোক এক বিশেষ বিষয় হিচাপে গণ্য কৰি শীঘ্ৰে শুনানি গ্ৰহণ কৰাটো বিচাৰে । তেওঁ লগতে কয় যে তেওঁলোকে কোনো অভিযুক্তকেই জামিন প্ৰদান কৰাটো নিবিচাৰে আৰু বিচাৰ প্ৰক্ৰিয়া পলম নকৰাকৈ আগবঢ়াই নিবলৈ আহ্বান জনায় । গোচৰটোৰ আঁৰত কোনো “ষড়যন্ত্ৰ” বা ৰাজনৈতিক অভিসন্ধি থকা বুলি অভিযুক্তসকলে কৰা অভিযোগ তেওঁ নাকচ কৰে । তেওঁ দৃঢ়তাৰে কয় যে এছআইটিৰ অনুসন্ধান আৰু দাখিল কৰা অভিযোগনামাই স্পষ্টভাৱে দোষীক চিনাক্ত কৰিছে আৰু তেওঁলোক জড়িত থকাৰ প্ৰমাণ দাঙি ধৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে এছআইটিৰ মতে মৃত্যুৰ ঘটনাটো এক পৰিকল্পিত আছিল আৰু সকলো উপলব্ধ প্ৰমাণ আদালতত দাখিল কৰা হৈছে । তেওঁ লগতে কয় যে যদি উচ্চ ন্যায়ালয়ে অনুমতি দিয়ে, তেন্তে চৰকাৰে গোচৰটোক বিশেষ গোচৰ হিচাপে চলাই নিবলৈ সাজু আছে । এই পদক্ষেপৰ জৰিয়তে দ্ৰুত বিচাৰৰ বাবে জনসাধাৰণৰ দাবীক চৰকাৰে সঁহাৰি জনাইছে ।

ইয়াৰ পূৰ্বে, কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়াত হোৱা পলমৰ বাবে গৰিমা শইকীয়া গাৰ্গে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু গোচৰটোৰ দ্ৰুত নিষ্পত্তিৰ বাবে পৰিয়ালৰ দাবীক পুনৰ দোহাৰিছিল ।

লগতে পঢ়ক : পৰিয়ালৰ সৈতে কথা পাতিহে লোৱা হ’ব সিদ্ধান্তঃ জুবিন গাৰ্গৰ তদন্তৰ গোচৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..’; বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী। ২৪ সংখ্যক বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট।

আজি হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গক সুৱঁৰি গৰিমা শইকীয়া গাৰ্গে দিলে এক আৱেগিক পোষ্ট। সামাজিক মাধ্যমত দুয়োৰে বিবাহ আৰু কেইবাখনো পুৰণি ফটো শ্বেয়াৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

পোষ্টটোত তেওঁ লিখিছে, Happy 24th Anniversary Goldie !!

প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..

তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰপুত্ৰ।।

২৪ বছৰৰপূৰ্বে ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত অৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।কিন্তু জীৱনৰ আদবাটতে পত্নীক এৰি কোনোদিন ঘূৰি নহাৰ বাটেৰে গুচি গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ বিহীন এই বিবাহ বাৰ্ষিকীত আৱোগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ।  

লগতে পঢ়ক: অপেক্ষাৰ অন্ত! ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ ২’ৰ টিজাৰে জোকাৰিছে ছ’চিয়েল মিডিয়া

জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ । সামাজিক মাধ্যমত এই কথা জনাইছে গৰিমাই ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে গৰিমাই ।

সামাজিক মাধ্যমৰ এক পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ ফটো শ্বেয়াৰ কৰে । স্মাৰক পত্ৰৰ ফটো শ্বেয়াৰ কৰি এই পোষ্টত গৰিমাই জুবিন গাৰ্গে সম্পূৰ্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব, দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব বুলি উল্লেখ কৰিছে ।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি সামাজিক মাধ্যমৰ পোষ্টত গৰিমাই লিখিছে- ‘ভাৰতবৰ্ষৰ গৌৰৱান্বিত ৭৭তম গণৰাজ্য দিৱস পালনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰণাম জনোৱাৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ… প্ৰতিটো দিন ৰাতি এতিয়া মাথোঁ এটাই আমাৰ লক্ষ্য .. জুবিন গাৰ্গে সম্পূৰ্ণ সত্য , শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব ।“

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুড়াক মোজ কুমাৰ বৰঠাকুৰে ।

জুবিন গাৰ্গক কেৱল এজন পৰিয়ালৰ সদস্যতকৈও ঊৰ্ধত বুলি অভিহিত কৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁ আছিল “অসম তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক সাংস্কৃতিক কণ্ঠস্বৰ।”

পত্ৰখনৰ মতে, তদন্তৰ অংশ হিচাপে বিশেষ তদন্তকাৰী গোটৰ জ্যেষ্ঠ বিষয়াসকলে চিংগাপুৰ ভ্ৰমণ কৰিছিল। স্মাৰকপত্ৰখনত কোৱা হৈছে যে, “প্ৰায় তিনি মাহৰ অনুসন্ধানৰ পাছত অসম আৰক্ষীয়ে ২,৫০০ পৃষ্ঠাৰো অধিক এখন অভিযোগনামা দাখিল কৰে আৰু সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত হত্যা সম্পৰ্কীয় ধাৰাসমূহ আৰোপ কৰে ।”

পৰিয়ালটোৱে ছিংগাপুৰৰ আইনী প্ৰক্ৰিয়াৰ সৈতে তেওঁলোকৰ জড়িত থকাৰ কথা উল্লেখ কৰি জনাইছে যে, ছিংগাপুৰৰ কৰোনাৰ্ছ ক’ৰ্টত (Coroner’s Court) এখন “বিতং আৰু যুক্তিপূৰ্ণ বিবৃতি” দাখিল কৰা হৈছে । এই আবেদনখনত গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ঘটনাৰ ক্ৰম, সুৰক্ষা বিধি, মানৱীয় সিদ্ধান্ত আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ স্পষ্টতা বিচাৰ কৰা হৈছে ।

লগতে পঢ়ক : ৰাজনৈতিক প্ৰৰোচনাত পৰি শংকৰজ্যোতিৰ বিৰুদ্ধে যুৱতীয়ে দিছিল নেকি বিশেষ ফেচবুক পোষ্ট ?

মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি : গৰিমা শইকীয়া গাৰ্গ

গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল ৰাজ্যবাসী । মঙলবাৰে পঞ্চভূতত বিলীন হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ । সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যদাৰে হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জুবিন গাৰ্গৰ ।

ইফালে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ । জুবিনৰ সৈতে ছাঁটোৰ দৰে থকা, প্ৰত্যেকটো মূহুৰ্ততে জুবিনৰ সাহস তথা লগৰীয়া হৈ অহা গৰিমা শইকীয়া গাৰ্গ স্বামীক হেৰুৱাই ভাগি পৰিছে । কিন্তু ইয়াৰ মাজতো তেওঁ সাহস হেৰুওৱা নাই । প্ৰয়াত শিল্পীগৰাকীক দিয়া মৰম, শ্ৰদ্ধাৰ বাবে তেওঁ অনুৰাগীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে ।

আজি সংবাদ মাধ্যমৰ সন্মুখত স্বামীক স্মৰণ কৰি তেওঁ কয়, ‘মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি । ভঘৱানৰ আত্মা আছিল জুবিন । আমি হয়তো সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিোঁ তেওঁক । নহলে সিমানখিনি মৰম আদৰ মানুহে দিব নোৱাৰে । জুবিনক মানুহে যিদৰে মৰম-আদৰ কৰিছিল, সেই মৰম-আদৰ আমি ভাবিব নোৱৰা ধৰণে পাইছোঁ । সেইবাবে মই সমগ্ৰ বিশ্ববাসীৰ ওচৰত কৃতজ্ঞ । এজন শিল্পী হিচাবে, জুবিনে যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই, ধৰ্ম নাই… তেনেদৰে সকলোৱেই দিছে তেওঁক । জুবিনৰ কাষত যিদৰে মানুহ আছিল এতিয়া মোৰ কাষতো আছে, জুবিনৰ বাবেই এতিয়া মোৰ কাষতো মানুহ আছে ।‘

ইফালে জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে । বৰ্তমান জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে তেওঁ । উল্লেখ্য যে, মঙলবাৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীতে অসুস্থ হৈ পৰিছিল পিতৃ কপিল ঠাকুৰ । ইয়াৰ পিছতে লগে লগে তেওঁক চিকিতসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…