ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য
‘জুবিনৰ খুউব হেঁপাহৰ কাম এটা আছিল । অনবৰতে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল…’ । শেহতীয়াকৈ মুক্তি পাবলগা আদৰৰ শিল্পী জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ নামৰ চলচ্চিত্ৰখনৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিব কৰিলে গৰিমা শইকীয়া গাৰ্গে ।
জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে কয় যে, এই চিনেমাখন জুবিনৰ খুউব হেঁপাহৰ কাম আছিল । অনবৰতে জুবিনে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল । কিন্তু জুবিন গাৰ্গৰ ডাবিং কৰা নহ’ল আৰু সেই কথাই দুখ দিয়া বুলি উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে । তেওঁ কয় যে, চিনেমাখনৰ সকলো শিল্পীৰে ডাবিং হৈ গ’ল কিন্তু জুবিনৰ ডাবিং থাকি গ’ল । ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা কৈছিল কৈছিল বুলি কয় গৰিমা শইকীয়া গাৰ্গে ।
চিনেমাখনৰ কাৰণে যি পৰা যায় সকলো কৰা হ’ব বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ তাৰিখো জুবিন গাৰ্গে নিৰ্ধাৰণ কৰিছিল বুলি জনায় । অক্টোবৰৰ ৩১ তাৰিখে এই চিনেমাখন মুক্তি দিয়াৰ কথা জুবিনে কৈছিল বুলি কয় তেওঁ । সেয়েহে ৩১ অক্টোবৰতে এই চলচ্চিত্ৰখন মুক্তি দিয়া হ’ব বুলি জনাই গৰিমা শইকীয়া গাৰ্গে ।
গৰিমা গাৰ্গে কয়, ‘চিনেমাখনৰ লাইন আপ এটা তেওঁ চাবলে পালে । তেওঁ সুখী কামটোত । নিজৰ এষ্টাব্লিছমেন্ট শ্বটতো নিজৰ মতে ৰি-শ্বুট কৰি গৈছে তেওঁ । চিনেমাখন বহুত ভাল হব বুলি কৈছিল তেওঁ । সেয়েহে তেওঁ ভাল পোৱা মতেই হওক কামটো ।“
লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য