ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান ‘গগনযান’ এতিয়া ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত উৎক্ষেপণ কৰা হ’ব । পূর্বে ২০২২ চনত এই মিছন হোৱাৰ কথা আছিল যদিও এতিয়া প্রায় পাঁচ বছৰ পলম হৈছে ৷ এই জটিল অভিযান আৰম্ভ কৰিবলৈ এতিয়াও বহু কাৰিকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া আছে । নাৰায়ণনে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মানৱবিহীন অভিযান আৰম্ভ কৰা হ’ব । ইয়াৰ পিছত ২০২৬ চনত আৰু দুটা মানৱবিহীন অভিযান সম্পন্ন হ’ব ।
সংবাদমেলত ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘এতিয়া ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত প্ৰথম মানৱ অভিযান আৰম্ভ হ’ব ।’ তেওঁ আৰু কয়, ‘ইছৰোৱে মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথলৈ পঠোৱাৰ পূৰ্বে মানৱবিহীন অভিযানৰ অংশ হিচাপে মহাকাশলৈ অৰ্ধমানৱীয় ৰবট ‘ব্যোমমিত্ৰ’ প্ৰেৰণ কৰিব ।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত স্বাধীনতা দিৱসৰ ভাষণত গগনযান অভিযানৰ কথা ঘোষণা কৰিছিল । ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণৰ বাবে ২০২২ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু কোভিড মহামাৰীয়ে মহাকাশচাৰীৰ প্ৰশিক্ষণত বাধাৰ সৃষ্টি কৰিছিল । মিছনৰ সৈতে জড়িত প্ৰযুক্তিসমূহ প্ৰস্তুত কৰিবলৈও অধিক সময় প্ৰয়োজন হৈছে ।
গগনযান অভিযানত মহাকাশচাৰীক পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰলৈ প্ৰেৰণ কৰা হ’ব আৰু কিছুদিনৰ পাছত তেওঁলোকক নিৰাপদে ঘূৰাই অনা হ’ব । ইয়াৰ বাবে ইছৰোৱে পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সহায়ক ব্যৱস্থা (ECLSS) নামৰ এটা ব্যৱস্থা প্ৰস্তুত কৰিছে, যিয়ে মহাকাশযানখনৰ ভিতৰৰ উষ্ণতা, বায়ুৰ গুণাগুণ, চাপ আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰিব । ইয়াৰ উপৰিও মহাকাশচাৰীসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জীৱন-যাপনৰ পৰিৱেশ চম্ভালিব ।
নাৰায়ণনে কয়, ‘এইটো এটা অতি জটিল প্ৰক্ৰিয়া । কিন্তু মই ক’ব বিচাৰো যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া আমি চূড়ান্ত পৰীক্ষাৰ পৰ্যায়ত আছো । গগনযান অভিযান সফল হ’লে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পাছত নিজাববীয়াকৈ মহাকাশলৈ মানুহ পঠোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত ।
ডিচেম্বৰ মাহত পি এছ এল ভি ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা দুটা উপগ্ৰহৰ সৈতে কৰা মহাকাশ ডকিং পৰীক্ষা সফল হোৱা বুলি নাৰায়ণনে কয় । এতিয়া ইছৰোৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ স্পেডেক্স-২ প্ৰস্তুত কৰিছে । ইয়াৰ প্ৰস্তাৱ শীঘ্ৰে চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ কয় ।