পৃথিৱীৰ ৫ খন বিপদজনক চহৰ
মানুহ ভ্ৰমণ প্ৰিয়। পৃথিৱীৰ বিভিন্ন ঠাই ফুৰাটো একাংশৰ হবি বা চখ । কিন্তু পৃথিৱীৰ কিছুমান ঠাই বা বিপদজনক চহৰ আছে য’ত ভ্ৰমণ কৰাটো মানুহৰ জীৱনৰ বাবে বিপদজনক । চলি থকা যুদ্ধ, হিংসা, ৰাজনৈতিক অস্থিৰতাৰ বাবে চৰকাৰে আনকি নিজৰ নাগৰিকসকলকো এই ঠাইবোৰলৈ নাযাবলৈ পৰামৰ্শ দিয়ে । এই চহৰবোৰ এসময়ত সুন্দৰ আৰু ঐতিহাসিক আছিল যদিও এতিয়া ইয়াৰ ৰূপ সলনি হৈছে । তেনে পাঁচখন বিপদজনক চহৰৰ বিষয়ে জানক ।
দক্ষিণ চুডানৰ জুবা-
২০১৩ চনৰ পৰা দক্ষিণ চুডান গৃহযুদ্ধত অস্থিৰ হৈ পৰিছে । দেশখনৰ ৰাজধানী জুবা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম । ইয়াত নিয়মীয়াকৈ সশস্ত্ৰ সংঘাত আৰু হিংসাৰ সূত্ৰপাত ঘটে । ফলস্বৰূপে বিদেশী নাগৰিকক চহৰখন ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু উপস্থিতসকলক যিমান পাৰি সোনকালে আন ঠাই যাবলৈ পৰামৰ্শ দিয়া হৈছে ।
কাবুল, আফগানিস্তান-
এসময়ত সুন্দৰ বজাৰ আৰু বাগিচাৰ বাবে বিখ্যাত কাবুল বৰ্তমান বিশ্বৰ অন্যতম বিপজ্জনক ৰাজধানী হিচাপে গণ্য কৰা হৈছে । চহৰখনত বোমা বিস্ফোৰণ, আক্ৰমণ, অপহৰণ আদি অহৰহ বিভিন্ন ঘটনা ঘটি থাকে । বিশেষকৈ পশ্চিমীয়া দেশৰ পৰা অহা পৰ্যটকৰ বাবে এই চহৰ অধিক বিপদজনক ।
আলেপ্পো, ছিৰিয়া-
এসময়ত আলেপ্পো ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ আৰু শিল্প আৰু সংস্কৃতিৰ কেন্দ্ৰ আছিল । কিন্তু ২০১১ চনত আৰম্ভ হোৱা গৃহযুদ্ধই এই ঐতিহাসিক চহৰখন ধ্বংসস্তূপত পৰিণত কৰে । একাংশ লোক চহৰখনলৈ ঘূৰি আহিছে যদিও এতিয়াও বিদেশীৰ বাবে সেই ঠাইখন অসুৰক্ষিত বুলি বিবেচিত হৈয়ে আছে ।
ছানা, য়েমেন-
য়েমেনৰ ৰাজধানী ছানা দীৰ্ঘদিন ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজত আছে । ২০১৫ চনত হোৱা বোমা বিস্ফোৰণে চহৰখনৰ কেইবাটাও বিশ্ব ঐতিহ্য স্থানৰ ভয়াৱহ ক্ষতিসাধন কৰিছিল । চহৰখনত সন্ত্ৰাসবাদ আৰু অপহৰণৰ ভাবুকি ইমানেই বেছি যে ভ্ৰমণকাৰীসকলে চহৰখন ভ্ৰমণৰ পৰা প্ৰায় আঁতৰি থাকে ।
কিনছাছা, কংগো গণতান্ত্ৰিক গণৰাজ্য-
কংগোৰ ৰাজনৈতিক ইতিহাসত অহৰহ সংঘাতৰ সৃষ্টি হৈছে । ইয়াৰ বিস্তৃত ৰাজধানী কিনছাছা অস্থিৰতাই আগুৰি ধৰিছে । পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে এসময়ত পৰ্যটকৰ বাবে জনপ্ৰিয় আকৰ্ষণ হিচাপে পৰিগণিত হোৱা গৰিলা ছাফাৰীও কিছুমান অঞ্চলত এতিয়া সুৰক্ষিত নহয় ।
লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান