পৃথিৱীৰ ৫ খন বিপদজনক চহৰ… য’ত যাবলৈ ভয় কৰে মানুহ !

পৃথিৱীৰ ৫ খন বিপদজনক চহৰ

মানুহ ভ্ৰমণ প্ৰিয়। পৃথিৱীৰ বিভিন্ন ঠাই ফুৰাটো একাংশৰ হবি বা চখ । কিন্তু পৃথিৱীৰ কিছুমান ঠাই বা বিপদজনক চহৰ আছে য’ত ভ্ৰমণ কৰাটো মানুহৰ জীৱনৰ বাবে বিপদজনক । চলি থকা যুদ্ধ, হিংসা, ৰাজনৈতিক অস্থিৰতাৰ বাবে চৰকাৰে আনকি নিজৰ নাগৰিকসকলকো এই ঠাইবোৰলৈ নাযাবলৈ পৰামৰ্শ দিয়ে । এই চহৰবোৰ এসময়ত সুন্দৰ আৰু ঐতিহাসিক আছিল যদিও এতিয়া ইয়াৰ ৰূপ সলনি হৈছে । তেনে পাঁচখন বিপদজনক চহৰৰ বিষয়ে জানক ।

দক্ষিণ চুডানৰ জুবা-

২০১৩ চনৰ পৰা দক্ষিণ চুডান গৃহযুদ্ধত অস্থিৰ হৈ পৰিছে । দেশখনৰ ৰাজধানী জুবা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম । ইয়াত নিয়মীয়াকৈ সশস্ত্ৰ সংঘাত আৰু হিংসাৰ সূত্ৰপাত ঘটে । ফলস্বৰূপে বিদেশী নাগৰিকক চহৰখন ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু উপস্থিতসকলক যিমান পাৰি সোনকালে আন ঠাই যাবলৈ পৰামৰ্শ দিয়া হৈছে ।

কাবুল, আফগানিস্তান-

এসময়ত সুন্দৰ বজাৰ আৰু বাগিচাৰ বাবে বিখ্যাত কাবুল বৰ্তমান বিশ্বৰ অন্যতম বিপজ্জনক ৰাজধানী হিচাপে গণ্য কৰা হৈছে । চহৰখনত বোমা বিস্ফোৰণ, আক্ৰমণ, অপহৰণ আদি অহৰহ বিভিন্ন ঘটনা ঘটি থাকে । বিশেষকৈ পশ্চিমীয়া দেশৰ পৰা অহা পৰ্যটকৰ বাবে এই চহৰ অধিক বিপদজনক ।

আলেপ্পো, ছিৰিয়া-

এসময়ত আলেপ্পো ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ আৰু শিল্প আৰু সংস্কৃতিৰ কেন্দ্ৰ আছিল । কিন্তু ২০১১ চনত আৰম্ভ হোৱা গৃহযুদ্ধই এই ঐতিহাসিক চহৰখন ধ্বংসস্তূপত পৰিণত কৰে । একাংশ লোক চহৰখনলৈ ঘূৰি আহিছে যদিও এতিয়াও বিদেশীৰ বাবে সেই ঠাইখন অসুৰক্ষিত বুলি বিবেচিত হৈয়ে আছে ।

ছানা, য়েমেন-

য়েমেনৰ ৰাজধানী ছানা দীৰ্ঘদিন ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজত আছে । ২০১৫ চনত হোৱা বোমা বিস্ফোৰণে চহৰখনৰ কেইবাটাও বিশ্ব ঐতিহ্য স্থানৰ ভয়াৱহ ক্ষতিসাধন কৰিছিল । চহৰখনত সন্ত্ৰাসবাদ আৰু অপহৰণৰ ভাবুকি ইমানেই বেছি যে ভ্ৰমণকাৰীসকলে চহৰখন ভ্ৰমণৰ পৰা প্ৰায় আঁতৰি থাকে ।

কিনছাছা, কংগো গণতান্ত্ৰিক গণৰাজ্য-

কংগোৰ ৰাজনৈতিক ইতিহাসত অহৰহ সংঘাতৰ সৃষ্টি হৈছে । ইয়াৰ বিস্তৃত ৰাজধানী কিনছাছা অস্থিৰতাই আগুৰি ধৰিছে । পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে এসময়ত পৰ্যটকৰ বাবে জনপ্ৰিয় আকৰ্ষণ হিচাপে পৰিগণিত হোৱা গৰিলা ছাফাৰীও কিছুমান অঞ্চলত এতিয়া সুৰক্ষিত নহয় ।

লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

কংগোৰ ৰাজপথত মৃত্যুৰ তাণ্ডৱ…একপক্ষীয় যুদ্ধ বিৰতিৰ পিছতো আন এখন চহৰ দখল বিদ্ৰোহীৰ

বিগত কেইবাদিনো ধৰি আফ্ৰিকাৰ দেশ কংগো হিংসাৰ জুইত জ্বলি আছে । ৰাজপথত পৰি আছে শাৰী শাৰী মৃতদেহ । কিন্তু তাৰ মাজতে বিদ্ৰোহী সংগঠনসমূহে মঙলবাৰৰ পৰা মানৱীয় যুদ্ধবিৰতি ঘোষণা কৰাত দেশখনে সকাহ লাভ কৰিছিল যদিও পূব কংগোৰ আন এখন চহৰ দখল কৰিছে বিদ্ৰোহীয়ে ।

৯০০ লোকৰ মৃত্যু হয়

বিশ্ব স্বাস্থ্য সংস্থাই সোমবাৰে কয় যে যোৱা সপ্তাহত গোমা চহৰত কংগোৰ চৰকাৰী বাহিনী আৰু ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীৰ মাজত হোৱা পাঁচ দিনীয়া যুঁজত কমেও ৯০০ জন লোক নিহত হৈছে । পূৰ্বে এই সংখ্যা ৭৭৩ বুলি জনা গৈছিল ।

ৰাজপথত মৃতদেহৰ শাৰী-

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে যোৱা শুকুৰবাৰলৈকে গোমাৰ ৰাজপথৰ পৰা কমেও ৯০০ মৃতদেহ আঁতৰোৱা হৈছে । য’ত এম ২৩ বিদ্ৰোহীয়ে চহৰখন দখল কৰিছে । এই যুদ্ধত প্ৰায় ২৯০০ লোক আহত হোৱা বুলি স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে ।

৩০ বছৰ ধৰি অব্যাহত আছে হিংসা-

কংগো গণতান্ত্ৰিক ৰিপাব্লিক (DRC) মধ্য আফ্ৰিকাৰ এখন দেশ । কংগো খনিজ সমৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত । কিন্তু ১৯৯৪ চনৰ ৰুৱাণ্ডাৰ গণহত্যাৰ পৰাই বিগত ৩০ বছৰ ধৰি এই সংঘাত অব্যাহত আছে । যুঁজখন এই খনিজৰ বাবেই চলি আছে । কেইবাটাও সশস্ত্ৰ গোটে খনিজ পদাৰ্থৰ ওপৰত ক্ষমতা আৰু নিয়ন্ত্ৰণৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । এই অস্থিৰতাই চুবুৰীয়া দেশবোৰকো প্ৰভাৱিত কৰিছে । ইয়াৰ এটা ডাঙৰ উদাহৰণ আছিল নব্বৈৰ দশকত, যেতিয়া আফ্ৰিকাৰ বিশ্বযুদ্ধ নামেৰে জনাজাত সংঘাতত লাখ লাখ লোকৰ মৃত্যু হৈছিল ।

M23ৰ দখলত বহু অঞ্চল-

এম ২৩ বিদ্ৰোহী গোটৰ যোদ্ধাই অঞ্চলটোত দ্ৰুত আক্ৰমণ চলাই প্ৰায় সম্পূৰ্ণৰূপে গোমাক দখল কৰিছে । গোমা কংগোৰ এখন প্ৰধান চহৰ, ইয়াৰ জনসংখ্যা ১০ লাখতকৈ অধিক । ৰুৱাণ্ডাৰ সীমান্তত আৰু কিভু হ্ৰদৰ পাৰত অৱস্থিত আৰু খনন অঞ্চলৰ পৰা যোগান ধৰা সোণ, টিন আৰু কল্টনৰ দৰে ধাতু আৰু খনিজ পদাৰ্থৰ বাবে ই এক গুৰুত্বপূৰ্ণ বাণিজ্য আৰু পৰিবহণৰ কেন্দ্ৰ । কংগোৰ ৰাজধানী কিনছাছাকো আক্ৰমণ কৰাৰ ভাবুকি দিছে এম ২৩য়ে । কিন্তু গোমাৰ পৰা ২৬০০ কিলোমিটাৰ দূৰত্বত দেশৰ সিটো মূৰত অৱস্থিত হোৱাৰ বাবে এই কাম কঠিন বুলি গণ্য কৰা হৈছে ।

M23 কোন-

M23 ৰ নেতৃত্বত আছে টুট্সি সম্প্ৰদায়ৰ লোক, যিয়ে কয় যে তেওঁলোকে নিজৰ সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ অস্ত্ৰ তুলি ল’বলগীয়া হৈছে । তেওঁলোকে কয় যে সংঘাতৰ অন্ত পেলাবলৈ কৰা বহু চুক্তি মানি চলা নাই । ২০১২ চনত ই গঠন হৈছিল । ইয়াৰ পিছত এম ২৩ এ দ্ৰুতগতিত গোমা দখল কৰে । কিন্তু আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ পিছত এম ২৩ গোমাৰ পৰা পিছুৱাই যাবলগীয়া হয় । এম ২৩ যুঁজাৰু বিমানৰ সৈতে আন এক চুক্তিত উপনীত হয় । যোদ্ধাসকলে সেনাবাহিনীত যোগদান কৰিবলৈ সন্মত হয় । বিনিময়ত তেওঁলোকক টুট্ ছিসকলৰ বাবে সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু, ২০২১ চনত গোটটোৱে প্ৰতিশ্ৰুতি ভংগ হোৱা বুলি পুনৰ অস্ত্ৰ তুলি লয় ।

ইফালে একপক্ষীয় যুদ্ধবিৰতিৰ পিছতো ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীয়ে পূব কংগোৰ আন এখন চহৰ দখল কৰিছে । প্ৰাদেশিক ৰাজধানী বুকাভুৰ পৰা ৬০ মাইল (৯৬ কিলোমিটাৰ) দূৰত্বত অৱস্থিত নিয়াবিবৱে চহৰখন এম ২৩ বিদ্ৰোহীয়ে নিয়ন্ত্ৰণলৈ আনিছে ।