ৰাছিয়াৰ কামচাটকাত ৪৫০ বছৰৰ পাছত বিস্ফোৰণ ঘটিল সুপ্ত আগ্নেয়গিৰি
ৰাছিয়াৰ পূব কামচাটকা অঞ্চলত অৱস্থিত ক্ৰাচেনিনিকভ আগ্নেয়গিৰি ৪৫০ বছৰৰ পাছত বিস্ফোৰণ ঘটে । ইয়াৰ পূৰ্বে এই আগ্নেয়গিৰিটো ১৫৫০ চনত সক্ৰিয় হৈছিল । দেওবাৰে ৰাছিয়াৰ জৰুৰীকালীন সেৱাই এই কথা নিশ্চিত কৰিছে । এই ক্ষেত্ৰত কামচাটকাৰ জৰুৰীকালীন সেৱাই কয় যে জনসংখ্যা নথকা অঞ্চলত ছাই বিয়পি পৰিছে । এতিয়ালৈকে কোনো বসতিস্থলত ছাই পৰাৰ কোনো খবৰ পোৱা নাই, যাৰ বাবে বৃহৎ ক্ষতি ৰোধ হৈছে ।
৬ হাজাৰ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিল ছাই-
আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত ওপৰলৈ উঠি অহা ছাইৰ ডাৱৰ ৬০০০ মিটাৰ (প্ৰায় ১৯,৭০০ ফুট) উচ্চতালৈ উঠে । এই ছাই পূব দিশলৈ প্ৰশান্ত মহাসাগৰৰ ফালে বিয়পি পৰিছে । এই আগ্নেয়গিৰি বিস্ফোৰণক চৰকাৰে অৰেঞ্জ এভিয়েশ্যন এলাৰ্ট কড দিছে । অৰ্থাৎ আকাশত থকা ছাইৰ বাবে বিমান যাতায়ত প্ৰভাৱিত হ’ব পাৰে । পাইলটসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে ।
কিছুদিন পূৰ্বে হৈছিল ভয়ংকৰ ভূমিকম্প-
এই আগ্নেয়গিৰি বিস্ফোৰণৰ মাত্ৰ কেইদিনমান পূৰ্বে কামচাটকা অঞ্চলত ৮.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প সংঘটিত হৈছিল । এই ভূমিকম্পটো শেহতীয়া বছৰবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী আছিল । ইয়াৰ পিছত জাপান, হাৱাই, ইকুৱেডৰ আদি দেশত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় । ভূমিকম্পৰ পিছত ছুনামীৰ ঢৌ ৰাছিয়াৰ চেভেৰে-কুৰিস্ক বন্দৰত উপস্থিত হয়, যাৰ ফলত এটা মাছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ (মাছ ধৰা উদ্যোগ) ডুব যায় । এই অঞ্চলটোৱেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল ।
ইয়াৰ পূৰ্বে বুধবাৰে কামচাটকাৰ আন এটা আগ্নেয়গিৰি ‘ক্লুচেভস্কয়’ বিস্ফোৰণ ঘটে । ইউৰোপ আৰু এছিয়াৰ ভিতৰতে ই সৰ্বোচ্চ সক্ৰিয় আগ্নেয়গিৰি । ২০০০ চনৰ পৰা ই ১৮ বাৰ বিস্ফোৰণ ঘটিছে । বৰ্তমান শেহতীয়াকৈ হোৱা ভূমিকম্পৰ ফলত এই আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিছে নেকি সেই বিষয়ে বিশেষজ্ঞসকলে অনুসন্ধান চলাই আছে । বৰ্তমান অঞ্চলটোত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে ।
লগতে পঢ়ক : ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া; ছুনামীৰ সতৰ্কতা জাৰি