ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে
শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ১৫ আগষ্টত আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁ সাক্ষাৎ কৰিব । তথ্য অনুসৰি দুয়োগৰাকী নেতাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিব । ট্ৰাম্পে কয় যে মোৰ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত বহু প্ৰত্যাশিত বৈঠক অহা শুকুৰবাৰে অৰ্থাৎ ২০২৫ চনৰ ১৫ আগষ্টত গ্ৰেট ষ্টেট অৱ আলাস্কাত অনুষ্ঠিত হ’ব । অধিক সবিশেষ পৰৱৰ্তী সময়ত দিয়া হ’ব ।
যদি এই বৈঠক হয় তেন্তে ২০২১ চনৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হ’ব প্ৰথমখন শীৰ্ষ সন্মিলন । তেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে জেনেভাত পুটিনক সাক্ষাৎ কৰিছিল । ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তিৰ চৰ্ত এতিয়াও দুয়োখন দেশৰ বাবে বহু বেলেগ, গতিকে যুদ্ধ বন্ধ হোৱাৰ নিশ্চয়তা নাই ।
ট্ৰাম্পৰ এই ঘোষণাৰ মাজতে ফ্ৰণ্টত যুঁজি থকা ইউক্ৰেইনৰ সৈন্যসকলৰ কূটনৈতিক সমাধানৰ বিশেষ আশা নাই । প্ৰায় দুসপ্তাহ পূৰ্বে ট্ৰাম্পে ভ্লাদিমিৰ পুটিনক আক্ৰমণ বন্ধ কৰিবলৈ আলটিমেটাম দিছিল আৰু যদি ৰাছিয়াই পিছুৱাই নাযায় তেন্তে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰা হ’ব বুলি ভাবুকি দিছিল । ৰাছিয়ান সেনাই ইউক্ৰেইনত লাহে লাহে আগবাঢ়িছে আৰু অহৰহ চহৰবোৰত আক্ৰমণ চলাই আছে । ডনেস্কৰ পক্ৰ’ভস্ক অঞ্চলত এই যুদ্ধ আটাইতকৈ তীব্ৰতৰ হৈ পৰিছে, য’ত ৰাছিয়াই ড্নিপ্ৰ’পেট্ৰ’ভস্কৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে । ইফালে ইউক্ৰেইনত জনশক্তিৰ অভাৱ যদিও সৈন্যসকল দৃঢ়তাৰে থিয় দিছে ।
ক্ৰেমলিনৰ মতে, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে ফোনযোগে কথা পাতি পুটিনে ট্ৰাম্পৰ দূত ষ্টিভ উইটকফৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰে । ইউক্ৰেইনৰ সংকটৰ ‘দীৰ্ঘম্যাদী সমাধান’ৰ বাবে জিয়ে সমৰ্থন প্ৰকাশ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফোনযোগে পুটিনৰ সৈতে কথা পাতিছিল । এই সপ্তাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে, যাক ট্ৰাম্পে যুদ্ধৰ বাবে আৰ্থিক সাহায্য বুলি গণ্য কৰে । দক্ষিণ আফ্ৰিকা, কাজাখস্তান, উজবেকিস্তান আৰু বেলাৰুছৰ নেতাসকলৰ সৈতেও ফোনযোগে কথা পাতিছিল পুটিনে । বিশ্লেষকসকলৰ মতে পুটিনে ট্ৰাম্পৰ সৈতে সম্ভাৱ্য চুক্তিৰ বিষয়ে নিজৰ ঘনিষ্ঠ মিত্ৰসকলক অৱগত কৰিছে ।
লগতে পঢ়ক : ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ; চীনৰ সৈতে সংযোগ স্থাপনৰ পিছতে ক্ষোভৰ সৃষ্টি