প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে হায়দৰাবাদ হাউচত এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনছালভেছ ল’ৰেঞ্চোক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো । এয়া এক ঐতিহাসিক মুহূৰ্ত ।
যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৩৮ বছৰৰ পাছত এংগোলাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণে ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে । লগতে পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ মানৱতাৰ বাবে সৰ্বাধিক ভাবুকি বুলি আমি একমত ।
ইফালে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰীক কঠোৰ সতৰ্কবাণী দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সন্ত্ৰাসবাদী আৰু সন্দ্ৰাসবাদৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ । সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সহায় আগবঢ়োৱাৰ বাবে আমি এংগোলাক ধন্যবাদ জনাইছো ।’
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাৰ বাবে ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু এংগোলাক শোক প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ।
এংগোলাক সহায়ৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এংগোলাৰ সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণৰ বাবে ২০ কোটি ডলাৰৰ প্ৰতিৰক্ষা ক্ৰেডিট লাইনত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰি সুখী হৈছো । প্ৰতিৰক্ষা মঞ্চৰ মেৰামতি আৰু অভাৰহ’ল আৰু যোগানৰ সন্দৰ্ভতো আলোচনা কৰা হয় । এংগোলাৰ সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণত আমি সহায় কৰিবলৈ সুখী হ’ম ।