সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ QUAD  দেশ; পহলগাম আক্ৰমণক গৰিহণা দি প্ৰকাশ যৌথ বিবৃতি

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ QUAD  দেশ

ৱাশ্বিংটনত অনুষ্ঠিত হোৱা কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সৰ্বসন্মতিক্ৰমে গৰিহণা দিয়ে । এই কোৱাড বৈঠকত অংশগ্ৰহণ কৰা চাৰিখন সদস্য দেশৰ বৈদেশিক মন্ত্ৰীসকলে এই ঘটনাক নিন্দনীয় আখ্যা দিয়ে ।

কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ যৌথ বিবৃতিত কয় যে কোৱাডে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু হিংসাক গৰিহণা দিয়ে । আমি ইয়াক সকলো ৰূপতে গৰিহণা দিছো আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছো । ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো য’ত ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক নিহত হোৱাৰ বিপৰীতে বহু আহত হৈছিল ।

বিবৃতিটোত কোৱা হৈছে যে আমি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু সকলো আহতৰ আশু আৰোগ্য কামনা কৰিছো । আমি এই নিন্দনীয় কাণ্ডৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্যক বিলম্ব নকৰাকৈ ন্যায়ৰ কাঠগঢ়ালৈ আনিবলৈ দাবী জনাইছো আৰু ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক আন্তঃৰাষ্ট্ৰীয় আইন আৰু সংশ্লিষ্ট ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংকল্পৰ অধীনত তেওঁলোকৰ বাধ্যবাধকতা অনুসৰি এই ক্ষেত্ৰত সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনাইছো ।

কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ যৌথ বিবৃতিত কোৱা হৈছে যে আমি, আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰু অষ্ট্ৰেলিয়া, ভাৰত আৰু জাপানৰ বৈদেশিক মন্ত্ৰীসকলে ১ জুলাইত ৱাশ্বিংটনত বৈঠকত মিলিত হৈছিলো । এই সময়ছোৱাত আমি অধিক মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিলো । আমি আইন, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছো ।

বিবৃতিটোত কোৱা হৈছে যে ভাৰত প্ৰশান্ত মহাসাগৰীয় চাৰিখন প্ৰধান সামুদ্ৰিক শক্তি হিচাপে আমি বিশ্বাস কৰোঁ যে সামুদ্ৰিক ডমেইনত শান্তি আৰু স্থিতিশীলতাই অঞ্চলটোৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ ভিত্তি । আমি এনে এটা অঞ্চলৰ প্ৰতি দায়বদ্ধ য’ত সকলো দেশ হেঁচামুক্ত আৰু বলপূৰ্বক বা হেঁচা প্ৰয়োগেৰে যথাৰ্থ অৱস্থা সলনি কৰিব বিচৰা যিকোনো একপক্ষীয় কাৰ্য্যৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ ।

যৌথ বিবৃতিটোত কোৱা হৈছে যে আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰি শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ প্ৰসাৰৰ বাবে আঞ্চলিক অংশীদাৰসকলৰ সহযোগত কোৱাডৰ শক্তি আৰু সম্পদসমূহ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে বিবেচনা কৰিলোঁ । কোৱাডৰ দীৰ্ঘম্যাদী প্ৰভাৱ নিশ্চিত কৰিবলৈ আমি আজি এক নতুন অভিলাষী আৰু শক্তিশালী এজেণ্ডা ঘোষণা কৰি সুখী, যিয়ে চাৰিটা ডাঙৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ ভিতৰত আছে সামুদ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক সমৃদ্ধি আৰু নিৰাপত্তা, জটিল আৰু নতুন প্ৰযুক্তি আৰু মানৱীয় সাহায্য আৰু জৰুৰীকালীন সাহায্য । ইয়াৰ অধীনত আমি কোৱাডৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিম যাতে আমাৰ সম্পদসমূহ অঞ্চলটোৰ আটাইতকৈ জৰুৰী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পৰা যায় ।

লগতে পঢ়ক : ইৰাণে কেতিয়াও পাৰমাণৱিক সমৃদ্ধি বন্ধ নকৰে, ই আমাৰ অধিকাৰ… ৰাষ্ট্ৰসংঘত ইৰাণৰ গৰ্জন

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু… জি-৭ সন্মিলনত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু

জি-৭ সন্মিলনত সন্ত্ৰাসবাদক লৈ বিশ্ব সম্প্ৰদায়ক বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এই বিশেষ অনুষ্ঠানত তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু । ই গণতান্ত্ৰিক ব্যৱস্থা থকা সেই সকলো দেশৰ বিৰুদ্ধে । মঙলবাৰে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ কোৰিয়া, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ নেতৃত্বক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰকাশিত বাতৰি অনুসৰি জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে কানানাস্কিছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে লি জে-ম্যুঙৰ সৈতেও আলোচনাত মিলিত হয় ।

কানাডাত জি-৭ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে চোকা মন্তব্য কৰে । পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান থাকিব নালাগে । ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল পহলগামৰ আক্ৰমণ নহয়, প্ৰতিজন ভাৰতীয়ৰ আত্মা, পৰিচয় আৰু মৰ্যাদাৰ ওপৰত আক্ৰমণ কৰা বুলিও তেওঁ কয় । তেওঁ আৰু কয় যে এয়া সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ ।

জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু কানাডাৰ সম্পৰ্ক বহু দিশত অতি গুৰুত্বপূৰ্ণ । কানাডাৰ বহু কোম্পানীৰ ভাৰতত বিনিয়োগ আছে । ভাৰতৰ জনসাধাৰণৰ কানাডাৰ মাটিতো বৃহৎ বিনিয়োগ আছে । গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি উৎসৰ্গিত কানাডা আৰু ভাৰতে একেলগে গণতন্ত্ৰ আৰু মানৱতাক শক্তিশালী কৰিব লাগিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ : ভাৰতৰ ‘শূন্য সহনশীলতা’ নীতিৰ সৈতে একমত একত্ৰিত ব্ৰিকছ দেশৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ব্ৰিকছৰ সদস্য দেশসমূহে । ব্ৰাজিলিয়াত অনুষ্ঠিত ভাৰতকে ধৰি ব্ৰিকছ দেশসমূহৰ সংসদীয় মঞ্চৰ একাদশ বাৰ্ষিক সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত ১০খন দেশেই এক যৌথ বিবৃতি প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ শূন্য সহনশীলতা নীতিক সকলোৱে তীব্ৰ সমৰ্থন আগবঢ়াইছে ।

সন্মিলনত গভীৰ চৰ্চা আৰু আলোচনাৰ অন্তত কৃত্ৰিম বুদ্ধিমত্তা (AI), বিশ্ব বাণিজ্য আৰু অৰ্থনীতি, আন্তঃসংসদীয় সহযোগিতা, বিশ্ব শান্তি আৰু নিৰাপত্তা আদি ক্ষেত্ৰত এক বহল সহমতত উপনীত হয় আটাইকেইখন সদস্য ৰাষ্ট্ৰ । ভাৰতৰ উপৰিও ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, ইথিওপিয়া আৰু ইণ্ডোনেছিয়াই এই সন্মিলনত অংশগ্ৰহণ কৰে । ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত যোৱা ওম বিৰলাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ স্থিতি গুৰুত্বসহকাৰে উত্থাপন কৰে ।

বিভিন্ন বিষয়ত ভাৰতৰ মতামতক সকলো দেশৰ শলাগ লয় আৰু চূড়ান্ত যৌথ ঘোষণাত সৰ্বসন্মতিক্ৰমে অন্তৰ্ভুক্ত কৰা হৈছিল । বিশেষকৈ সন্ত্ৰাসবাদৰ বিষয়ত ভাৰতৰ নিৰ্ণায়ক নীতিক গুৰুত্বসহকাৰে গ্ৰহণ কৰা হয় । যৌথ ঘোষণাত সহমতত উপনীত হয় যে সকলো ব্ৰিকছ দেশৰ সংসদে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰিব । সন্মিলনৰ শেষত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ আয়োজন ভাৰতৰ হাতত অৰ্পণ কৰা হয় । লগতে বিৰলাক সংসদীয় মঞ্চৰ অধ্যক্ষতা প্ৰদান কৰা হয় ।

আৰ্থিক সাহায্য বন্ধ কৰাটো প্ৰয়োজনীয়-

সন্মিলনত বিৰলাই ফলপ্ৰসূভাৱে ভাৰতৰ শক্তিশালী আৰু স্পষ্ট দৃষ্টিভংগী দাঙি ধৰে । তেওঁ সন্ত্ৰাসবাদী সংগঠনসমূহক আৰ্থিক সাহায্য বন্ধ কৰা, চোৰাংচোৱা তথ্য বিনিময় কৰা, আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াত সহযোগিতা কৰা আদি দিশত যৌথ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক ?নতুন দল ঘোষণা !

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন গোয়ানাৰ… বহু বিষয়ৰ ওপৰত হ’ল আলোচনা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন

গোয়ানাৰ উপ-ৰাষ্ট্ৰপতি ভৰত জগদেৱ আৰু প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন প্ৰকাশ কৰে । গোয়ানা ভ্ৰমণ কৰা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত থকা সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰি দুয়োগৰাকী নেতাই ভাৰতক সমৰ্থন কৰে । উল্লেখ্য যে, শশী থাৰুৰৰ নেতৃত্বত থকা এই দলটোত আছে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে অটল সমৰ্থনৰ আশ্বাস গোয়ানাৰ-

দেওবাৰে পুৱা ভাৰতীয় প্ৰতিনিধি দলটোৱে গোয়ানাৰ ৰাজধানী জৰ্জটাউনত উপস্থিত হয় । বৈঠকৰ অন্তত জৰ্জটাউনত থকা ভাৰতীয় উচ্চায়ুক্তই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছে যে ‘প্ৰতিনিধি দলটোৱে গোয়ানাৰ উপ-ৰাষ্ট্ৰপতি ড০ ভৰত জগদেৱক সাক্ষাৎ কৰে । সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতা নীতিৰ আলোকপাত কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দুৰ আৰু সিন্ধু জল সন্ধিৰ সন্দৰ্ভত ভাৰতৰ স্থিতি বিশদভাৱে প্ৰকাশ কৰে প্ৰতিনিধি দলটোৱে । টুইটটোত কোৱা হৈছে, ‘উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত গোয়ানাৰ অদম্য সমৰ্থন পুনৰবাৰ উল্লেখ কৰে ।’

ভাৰতৰ পৰা যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰাৰ পিছত গোয়ানাৰ প্ৰধানমন্ত্ৰী ব্ৰিগেডিয়াৰ মাৰ্ক এন্থনী ফিলিপছে কয়, ‘গোয়ানাই যিকোনো সন্ত্ৰাসবাদৰ কাৰ্যক গৰিহণা দিয়ে । আমি বিশ্বাস কৰোঁ যে প্ৰতিখন ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ নিজৰ নিজৰ দেশত শান্তিৰে জীয়াই থকাৰ অধিকাৰ আছে । আমি আইনৰ শাসন মানি চলাত বিশ্বাস কৰোঁ ।‘ লগতে তেওঁ এই ক্ষেত্ৰত ভাৰতক সমৰ্থন প্ৰকাশ কৰে ।

বিনিয়োগৰ বিষয়েও আলোচনা-

ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া শশী থাৰুৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁ গোয়ানাৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা বৈঠকক উৎকৃষ্ট বুলি অভিহিত কৰে । তেওঁ কয়, ‘শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ প্ৰতি গভীৰ সহানুভূতি আৰু বুজাবুজিৰ উপৰিও আমাৰ তেল আৰু গেছ অন্বেষণৰ বিষয়টোও আলোচনা কৰা হৈছিল । গোয়ানাৰ অভিলেখ ভংগকাৰী বিকাশৰ হাৰৰ বিষয়েও আলোচনা কৰা হয় । কৃষিৰ পৰা আৰম্ভ কৰি টেলিকম, বেংকিং আৰু ঘাইপথ উন্নয়নলৈকে বিভিন্ন খণ্ডত ভাৰতীয় কোম্পানীসমূহৰ বাবে সুযোগৰ বিষয়েও আলোচনা কৰা হয় । গোয়ানাত শ্ৰমিকৰ অভাৱ, সেয়েহে গোয়ানাতো ভাৰতীয় শ্ৰমিকৰ বাবে সুযোগ আছে ।‘

ইফালে গোয়ানাৰ ৫৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী ফিলিপছে ভাৰতীয় প্ৰতিনিধি দলটোক সন্মান জনাই এক ভোজৰ আয়োজন কৰে । ভাৰতীয় প্ৰতিনিধি দলটোৱে গোয়ানাৰ স্বাধীনতা দিৱস উদযাপনতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ‘পাকিস্তানে ডাঙৰ মূল্য দিব লাগিব’; কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ ধমক

সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ নকৰালৈকে স্থগিত ৰখা হ’ব সিন্ধু জল চুক্তি… স্পষ্ট কৰিলে বিদেশ মন্ত্ৰালয়ে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে মঙলবাৰে কয় যে পাকিস্তানে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন “বিশ্বাসযোগ্য আৰু অপ্ৰত্যাৱৰ্তনীয়ভাৱে পৰিত্যাগ” নকৰালৈকে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰাখিব ।

পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা তুংগত উঠাৰ সময়তে অপাৰেচন সিন্দুৰৰ পিছত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ কেইদিনমান পিছতে জয়ছোৱালৰ এই মন্তব্য কৰিছে ।

জয়ছোৱালে কয় যে সন্ধিৰ প্ৰস্তাৱনাত উল্লেখ কৰা ধৰণে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল সন্ধি সম্পাদন কৰা হৈছিল । অৱশ্যে পাকিস্তানে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদক প্ৰসাৰিত কৰি এই নীতিসমূহ দশক দশক ধৰি উলংঘন কৰিছে ।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, “এতিয়া ২৩ এপ্ৰিলৰ কেবিনেট কমিটি অন ছিকিউৰিটি (চি চি এছ)ৰ সিদ্ধান্ত অনুসৰি ভাৰতে এই সন্ধি স্থগিত ৰাখিব যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্য আৰু অপ্ৰত্যাহাৰযোগ্যভাৱে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ নকৰে । অনুগ্ৰহ কৰি এইটোও মন কৰক যে জলবায়ু পৰিৱৰ্তন, জনগাঁথনিগত পৰিৱৰ্তন আৰু প্ৰযুক্তিগত পৰিৱৰ্তনে স্থলভাগত নতুন বাস্তৱতাৰ সৃষ্টি কৰিছে ।”

২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ১৯৬০ চনত পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধি— বিশ্ব বেংকৰ মধ্যস্থতাত পানী ভাগ-বতৰা কৰাৰ ঐতিহাসিক চুক্তি — প্ৰথমবাৰৰ বাবে স্থগিত ৰাখিছে । এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেবিনেট কমিটি অন ছিকিউৰিটিয়ে ।

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সিন্দুৰ চলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেশবাসীক দিয়া প্ৰথমটো টেলিভিছন ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্ধু জল সন্ধিৰ সন্দৰ্ভত নতুন দিল্লীৰ দৃঢ় স্থিতি পুনৰবাৰ উল্লেখ কৰি ঘোষণা কৰে যে “পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে” ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সন্ত্ৰাস আৰু আলোচনা একে সময়তে হ’ব নোৱাৰে । সন্ত্ৰাস আৰু বাণিজ্য একেলগে হ’ব নোৱাৰে । পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে ।”

সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী কোনো সাৰি নাযাব…  প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ সকীয়নি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে হায়দৰাবাদ হাউচত এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনছালভেছ ল’ৰেঞ্চোক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো । এয়া এক ঐতিহাসিক মুহূৰ্ত ।

যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৩৮ বছৰৰ পাছত এংগোলাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণে ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে । লগতে পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ মানৱতাৰ বাবে সৰ্বাধিক ভাবুকি বুলি আমি একমত ।

ইফালে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰীক কঠোৰ সতৰ্কবাণী দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সন্ত্ৰাসবাদী আৰু সন্দ্ৰাসবাদৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ । সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সহায় আগবঢ়োৱাৰ বাবে আমি এংগোলাক ধন্যবাদ জনাইছো ।’

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাৰ বাবে ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু এংগোলাক শোক প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ।

এংগোলাক সহায়ৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এংগোলাৰ সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণৰ বাবে ২০ কোটি ডলাৰৰ প্ৰতিৰক্ষা ক্ৰেডিট লাইনত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰি সুখী হৈছো । প্ৰতিৰক্ষা মঞ্চৰ মেৰামতি আৰু অভাৰহ’ল আৰু যোগানৰ সন্দৰ্ভতো আলোচনা কৰা হয় । এংগোলাৰ সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণত আমি সহায় কৰিবলৈ সুখী হ’ম ।

‘পহলগামৰ ভুক্তভোগীয়ে ন্যায় পাবই…’ মন কি বাতত দেশবাসীক আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

আজি মান কি বাত কাৰ্যসূচীত ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এয়া মন কি বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ড । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পহলগাম আক্ৰমণ সন্দৰ্ভত চৰ্চা কৰি ভুক্তভোগী পৰিয়ালক ন্যায়ৰ আশ্বাস দিয়ে ।

মন কি বাতত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আজি যেতিয়া মই আপোনালোকৰ লগত বাৰ্তালাপ কৰিছো  তেতিয়া মোৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই দেশৰ প্ৰতিজন নাগৰিকক দুখ দিছে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি প্ৰতিগৰাকী ভাৰতীয়ৰ গভীৰ সমবেদনা আছে । তেওঁলোক যি ৰাজ্যৰেই নহওক কিয় বা যি ভাষাতে কথা নকওক কিয়, তেওঁলোকে এই আক্ৰমণত আপোনজনক হেৰুওৱাৰ বেদনা অনুভৱ কৰিছে । সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয় ক্ষোভত থকা যেন অনুভৱ হয় ।‘

তেওঁ কয়, ‘পহলগামৰ এই আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশাৰ পৰিচয় দিয়ে, ইয়াৰ দ্বাৰা তেওঁলোকৰ কাপুৰুষালিৰ পৰিচয় পোৱা যায় । যি সময়ত কাশ্মীৰত শান্তি ঘূৰি আহিছিল, সেই সময়ত বিদ্যালয়-মহাবিদ্যালয়ত সজীৱতা আছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ সংখ্যক বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল । দেশৰ শত্ৰু জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথা পছন্দ কৰা নাছিল ।‘

প্ৰধানমন্ত্ৰীয়ে কয়, ‘সন্ত্রাসবাদী আৰু তেওঁলোকৰ মালিকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্র চলাইছে ৷ দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ সংহতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি । এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ । দেশৰ সন্মুখত এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব ।‘

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘বন্ধুসকল, ভাৰতত আমাৰ যি ক্ষোভ আছে, সেয়া সমগ্ৰ বিশ্বতে আছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোক প্ৰকাশ পাইছে । গ্লোবেল নেতাসকলেও মোক ফোন কৰিছে, চিঠি লিখিছে আৰু মেছেজ কৰিছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে । তেওঁলোকে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।‘

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত একত্ৰিত হৈ থিয় দিছে ১৪০ কোটি ভাৰতীয়’

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘আমাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ১৪০ কোটি ভাৰতীয়ৰ সৈতে সমগ্ৰ বিশ্ব থিয় দিছে । মই আকৌ এবাৰ ভুক্তভোগী পৰিয়ালক আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব, ন্যায় নিশ্চয় হ’ব । এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক আটাইতকৈ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব ।‘

‘অত্যাচাৰীক শিক্ষা দিয়াটো আমাৰ কৰ্তব্য’… পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত মোহন ভাগৱতৰ মন্তব্য

জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে । ইতিমধ্যে ভাৰতে সন্ত্ৰাসবাদ সন্দৰ্ভত চুবুৰীয়া দেশখনৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ কৰিছে । ইয়াৰ মাজতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে অত্যাচাৰ কৰাসকলক শিক্ষা দিয়াটো আমাৰ কৰ্তব্য ।

তেওঁ কয়, “ৰাৱণক তেওঁৰ কল্যাণৰ বাবে হত্যা কৰা হৈছিল । ভগৱানে তেওঁক হত্যা কৰিছিল । এয়া হিংসা নহয় অহিংসা । অহিংসা আমাৰ ধৰ্ম কিন্তু অত্যাচাৰ কৰাসকলক ধৰ্ম শিকোৱাটো অহিংসা । আমি কেতিয়াও আমাৰ ওচৰ-চুবুৰীয়াৰ ক্ষতি নকৰো । ইয়াৰ পিছতো যদি কোনোবাই ভুল পথ গ্ৰহণ কৰে তেন্তে জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য । ৰজাই নিজৰ কাম কৰিব ।”

‘যুদ্ধ ধৰ্ম আৰু অধৰ্মৰ মাজত’

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে, “এই আক্ৰমণৰ দ্বাৰা সোঁৱৰাই দিয়া হৈছে যে এয়া ধৰ্ম আৰু অধৰ্মৰ যুঁজ । মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল আৰু হত্যা কৰা হৈছিল । হিন্দুসকলে কেতিয়াও এই কাম নকৰে । এইটো আমাৰ স্বভাৱ নহয় । ঘৃণা আৰু শত্ৰুতা কেৱল আমাৰ সংস্কৃতিত নাই কিন্তু মনে মনে লোকচান সহ্য কৰাটোও আমাৰ সংস্কৃতিত নাই । আমাৰ হৃদয়ত যন্ত্ৰণা আছে । আমি ক্ষোভত আছো । আমি বেয়াৰ অন্ত পেলাবলৈ আমাৰ শক্তি দেখুৱাব লাগিব ।”

তেওঁ আৰু কয়, “ৰাৱণকো হত্যা কৰা হৈছিল কাৰণ তেওঁ নিজৰ মন সলনি কৰিবলৈ অস্বীকাৰ কৰিছিল । কোনো বিকল্প বাকী নাছিল । ৰামে তেওঁক হত্যা কৰিছিল যদিও তেওঁক সংস্কাৰৰ সুযোগো দিয়া হৈছিল, যেতিয়া তেওঁ সংস্কাৰ কৰা নাছিল, তেতিয়াহে তেওঁক হত্যা কৰা হৈছিল ।”

মোহন ভাগৱতে কয়, “আমি শক্তিশালী সঁহাৰি আশা কৰিছো । প্ৰকৃততে অহিংস ব্যক্তিও শক্তিশালী হ’ব লাগে । যদি শক্তি নাথাকে তেন্তে বিকল্প নাই কিন্তু শক্তি থাকিলে প্ৰয়োজনৰ সময়ত দৃশ্যমান হ’ব লাগে ।”

ৰাষ্ট্ৰসংঘ পালেগৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিধ্বনি, তীব্ৰ গৰিহণা…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে বিশ্বৰ আন আন প্ৰান্ততো ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিধ্বনি ৰাষ্ট্ৰসংঘটো গুঞ্জৰিত হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে । পৰিষদৰ সদস্যসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰচাৰ কৰা পৃষ্ঠপোষক, অপৰাধী আৰু বিত্তীয় সহায় কৰাসকলক জবাবদিহিতাৰ আহ্বান জনাইছে ।

শুকুৰবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত ১৫ জনীয়া নিৰাপত্তা পৰিষদে পুনৰ কয় যে সন্ত্ৰাসবাদে, ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । পৰিষদৰ সদস্য দেশসমূহে এই আক্ৰমণত নিহতসকলৰ পৰিয়াল আৰু ভাৰত আৰু নেপাল চৰকাৰৰ প্ৰতি গভীৰ সমবেদনা আৰু শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ।

যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক-

আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি সকলো সদস্য ৰাষ্টক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে পৰিষদে । লগতে সকলো প্ৰশাসনিক সংস্থা (প্ৰাসংগিক)ৰ সৈতে সক্ৰিয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । পৰিষদে কয় যে, যিয়েই নহওক কিয় যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক আৰু ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, সেয়া যতেই নহওক কিয়, যি উদ্দেশ্যেৰেই নহওক কিয় ।

ইফালে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিসমূহ সকলো দেশেই মোকাবিলা কৰাটো প্ৰয়োজন বুলি কয় নিৰাপত্তা পৰিষদে । লগতে পৰিষদে এই ব্যৱস্থা ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন, আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী আইন আৰু মানৱীয় আইন অনুসৰি গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বৃহৎ সংখ্যক সাধাৰণ নাগৰিক নিহত হোৱাৰ ঘটনাক গৰিহণা দিছে সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে । সচিব প্ৰধান গুটেৰেছে আঙুলিয়াই দিয়ে যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা আক্ৰমণ কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি ।

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ বৰ্তমান দুয়োখন দেশৰ সৈতে কোনো প্ৰত্যক্ষ যোগাযোগ হোৱা নাই যদিও বৰ্তমানৰ পৰিস্থিতিক লৈ তেওঁ চিন্তিত আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ মুখপত্ৰই ভাৰত আৰু পাকিস্তানক সৰ্বাধিক সংযম প্ৰয়োগ কৰি পৰিস্থিতি যাতে আৰু অধিক অৱনতি নঘটে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।