‘তেওঁলোকক মাটিৰ লগত মিলাই দিয়াৰ সময় আহি পৰিছে’… পেহেলগাম ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া

আজি বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কয় যে আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম ।

ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে নিৰীহ দেশবাসীক হত্যা কৰিছিল । এই ঘটনাৰ বাবে সমগ্ৰ দেশ দুখী আৰু ব্যৰ্থিত হৈ পৰিছে । সমগ্ৰ দেশে সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে তেওঁলোকৰ দুখত থিয় দিছে । বৰ্তমান চিকিৎসাধীন হৈ থকা সকল যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই জীৱন সংগী হেৰুৱাইছে । তেওঁলোকৰ কোনোৱে বাংলা কৈছিল, কোনোৱে কানাড়া, কোনো মাৰাঠী আছিল, কোনো ওড়িয়া, কোনো গুজৰাটৰ, কোনো বিহাৰৰ আছিল । আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে এইসকল লোকৰ মৃত্যুত আমাৰ দুখ একেই, আমাৰ খং একেই । এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয় দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে । মই অতি স্পষ্ট ভাষাত ক’ব বিচাৰিছো, যিসকল সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু যিসকলে এই আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি লাভ কৰিব । শাস্তি পাবই ।

উল্লেখ্য যে মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হৈছে । এই আক্ৰমণ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হৈছিল, য’ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে নিৰীহ জনতাক লক্ষ্য কৰি লৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া সন্ত্ৰাসবাদীৰ বাকী থকা ভূমি ধ্বংস কৰাৰ সময় আহি পৰিছে । ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসৰ ককাল ভাঙিব ।

পহলগাম আক্ৰমণ সন্দৰ্ভত আজি সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ…

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । চৰকাৰী সূত্ৰই জনোৱা মতে, ইয়াৰ অধ্যক্ষতা কৰিব পাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । সর্বদলীয় বৈঠকত চৰকাৰৰ হৈ গৃহমন্ত্রী অমিত শ্বাহ আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে ব্রিফ দিব ৷ সূত্ৰ অনুসৰি এই বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সিঙে বিভিন্ন দলৰ নেতাৰ সৈতে বাৰ্তালাপ কৰিছে । কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে এই বিষয়ত চৰকাৰে সকলো দলৰ বৈঠক আহ্বান কৰিবলৈ দাবী জনাইছিল ।

ৰাজনাথ সিঙে পৰ্যটকক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে বিভিন্ন দলৰ নেতাক অৱগত কৰিব পাৰে, য’ত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে । ইফালে বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৫ টা কঠোৰ সিদ্ধান্ত-

বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে ।