দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন
এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে । মঙলবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত চি পি ৰাধাকৃষ্ণনে মুঠ ৪৫২ টা ভোট লাভ কৰে । আনহাতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে । ৰাধাকৃষ্ণনে ১৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । উল্লেখ্য যে, দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে চি পি ৰাধাকৃষ্ণন ।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৯৮ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে । সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এঘণ্টা পিছত সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হয় । ভোটগণনা শেষ হোৱাৰ পিছত আজি সন্ধিয়া ফলাফল ঘোষণা কৰা হয় । য’ত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মুঠ ৪৫২টা ভোট । আনহাতে বিৰোধী প্ৰাৰ্থীয়ে লাভ কৰে ৩০০ ভোট ।
প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-
এই নিৰ্বাচনত প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগানৰ সৈতে সংসদ ভৱনৰ বসুধাৰ ১০১ নং কোঠাত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মোদীয়ে ভোটদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱগৌড়া, সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু চৈয়দ নাছিৰ হুছেইনে পুৱাই ভোট কৰে ।
লগতে পঢ়ক : উপ ৰাষ্ট্ৰপতি নিৰ্বাচন : ভোটগ্ৰহণৰ পিছত আৰম্ভ ভোটগণনা, কিছু সময় পিছতে ঘোষণা হ’ব ফলাফল