দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন… পৰাস্ত বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডী

দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন

এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে । মঙলবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত চি পি ৰাধাকৃষ্ণনে মুঠ ৪৫২ টা ভোট লাভ কৰে । আনহাতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে । ৰাধাকৃষ্ণনে ১৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । উল্লেখ্য যে, দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে চি পি ৰাধাকৃষ্ণন ।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৯৮ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে । সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এঘণ্টা পিছত সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হয় । ভোটগণনা শেষ হোৱাৰ পিছত আজি সন্ধিয়া ফলাফল ঘোষণা কৰা হয় । য’ত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মুঠ ৪৫২টা ভোট । আনহাতে বিৰোধী প্ৰাৰ্থীয়ে লাভ কৰে ৩০০ ভোট ।

প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

এই নিৰ্বাচনত প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগানৰ সৈতে সংসদ ভৱনৰ বসুধাৰ ১০১ নং কোঠাত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মোদীয়ে ভোটদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱগৌড়া, সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু চৈয়দ নাছিৰ হুছেইনে পুৱাই ভোট কৰে ।

লগতে পঢ়ক : উপ ৰাষ্ট্ৰপতি নিৰ্বাচন : ভোটগ্ৰহণৰ পিছত আৰম্ভ ভোটগণনা, কিছু সময় পিছতে ঘোষণা হ’ব ফলাফল

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ… সংগ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে বুধবাৰে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝীৰ লগতে বিজেপি আৰু এন ডি এৰ বহু নেতা উপস্থিত থাকে ।

কোন হয় চি পি ৰাধাকৃষ্ণন ?

তামিলনাডুত জন্মগ্ৰহণ কৰা চি পি ৰাধাকৃষ্ণন গৌণ্ডাৰ-কংগু ভেলালাৰ অৰ্থাৎ অ বি চি সম্প্ৰদায়ৰ । তেওঁ তামিলনাডুৰ পৰা উপ-ৰাষ্ট্ৰপতি হোৱা তৃতীয়জন নেতা হ’বলৈ গৈ আছে । ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত ২০২৩ চনত ঝাৰখণ্ডৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হয় । ৬৭ বছৰীয়া চি পি ৰাধাকৃষ্ণন বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল । ঝাৰখণ্ডৰ দায়িত্ব চম্ভালি থকাৰ সময়তে ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰিছিল । চি পি ৰাধাকৃষ্ণনে বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছে ।

মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি-

মনোনয়ন দাখিলৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰামমোহন নাইডু কিঞ্জাৰাপুৰ এল মুৰুগান আৰু বিজেপি নেতা বিনোদ টাউড়েৰ উপস্থিতিত সংসদ চৌহদত চি পি ৰাধাকৃষ্ণনে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুল অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনাও হ’ব । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে প্ৰাৰ্থীয়ে ২৫ আগষ্টলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সাংসদ, ৰাজ্যসভাৰ ১২ জন মনোনীত সাংসদ আৰু লোকসভাৰ ৫৪৩ জন সাংসদে ভোটদান কৰিব পাৰিব । মুঠ ৭৮৮ গৰাকী এনে লোকে ভোটদান কৰিব পাৰে ।

১৭ আগষ্টত বিজেপিয়ে ঘোষণা কৰিছিল প্ৰাৰ্থীৰ নাম-

এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই উপ-ৰাষ্ট্ৰপতি পদৰ বাবে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰিছিল । জগদীপ ধনখড়ে হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছৰে পৰা এই পদটো খালী হৈ আছে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত ২১ জুলাইত জগদীপ ধনখড়ে পদত্যাগ কৰিছিল ।

লগতে পঢ়ক : শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী