টি-২০ বিশ্বকাপৰ এবছৰ সম্পূৰ্ণ
২৯ জুন ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এক ঐতিহাসিক দিন । এই দিনটোতে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছিল । ১৭ বছৰৰ বহু অপেক্ষাৰ অন্তত ভাৰতে এই ট্ৰফী লাভ কৰে । আজি এই ঐতিহাসিক মুহূৰ্তৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰোহিতে সামাজিক মাধ্যমত এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰিছে ।
এয়া আছিল অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ প্ৰথম আই চি চি ট্ৰফী । ১৩ বছৰৰ পাছত ভাৰতে আই চি চিৰ ট্ৰফী লাভ কৰে । এই জয় গুৰুত্বপূৰ্ণ আছিল কাৰণ এবছৰ পূৰ্বে ঘৰুৱা ক্ষেত্ৰত এদিনীয়া বিশ্বকাপৰ ফাইনেলত টিম ইণ্ডিয়া পৰাস্ত হৈছিল । সেই সময়ত খেলুৱৈকে ধৰিসকলো অনুৰাগী দুখত ভাগি পৰিছিল । ২০২৪ চনৰ ২৬ জুনত লাভ কৰা এই বিজয়ে সেই পৰাজয়ৰ দুখ পাহৰি যোৱাৰ সুযোগ দিছিল ।
ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিলে ভিডিঅ’-
ৰোহিত শৰ্মাই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, “মোৰ বাবে এইটো আৰু বিশেষ কাৰণ মই এই দলৰ অধিনায়ক আছিলো । এই জয়ে সমগ্ৰ দেশক সুখী কৰি তুলিলে । এই সকলোবোৰ লিখা হৈছিল, এই সকলোবোৰ নিয়তিত আছিল ।” এই ভিডিঅ’টোত তেওঁ ফাইনেলৰ স্মৰণীয় মুহূৰ্তসমূহ অন্তৰ্ভুক্ত কৰিছে ।
তেওঁ বিৰাট কোহলীৰ লগতে আন খেলুৱৈৰ সৈতে ট্ৰফী হাতত লৈ থিয় হৈ নাচি আছে । হাৰ্দিক পাণ্ডিয়াই চকুলো টুকিছে আৰু ৰোহিতে তেওঁক সাৱটি ধৰিছে । এখন ফটোত তেওঁ নিজেই আৱেগিক আৰু চকুত চকুলো টুকিছে ।
এক বাৰ্তালাপত ৰোহিতে সেই স্মৰণীয় দিনটোৰ কথা মনত পেলাই । তেওঁ কয় যে যেতিয়া সূৰ্য্যকুমাৰ যাদৱে সেই কেচটো বাউণ্ডেৰীত ধৰিছিল আৰু তাৰ পিছত সেইটো চেক কৰা হৈছিল, তেতিয়া যথেষ্ট উত্তেজনা হৈছিল । “মই সূৰ্য্যক সুধিলোঁ যে তেওঁ কেচটো শুদ্ধকৈ লৈছে নে, তেওঁ হয় বুলি ক’লে আৰু তাৰ পিছত মই শুনিলোঁ যে তেওঁ কেচটো শুদ্ধকৈ লৈছে নে নাই সেই বিষয়ে কথা পাতিছে । অৱশেষত তৃতীয় আম্পায়াৰে আউট দিয়ে ।”
ৰোহিত শৰ্মাই লাভ কৰিছে ৪ টা আই চি চি ট্ৰফী-
অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ২০২৫ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰে । ইয়াৰ উপৰিও তেওঁ ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী বিজয়ী দলৰ অংশ আছিল । মুঠ ৪ টা আই চি চি ট্ৰফী বিজয়ী দলৰ অংশ আছিল তেওঁ ।
লগতে পঢ়ক : WTC পইন্ট টেবুল : শীৰ্ষত অষ্ট্ৰেলিয়া-ইংলেণ্ড, তালিকাত বাংলাদেশৰো তলত ভাৰত