আমি উচ্চতম ন্যায়ালয়লৈ যাম
ৰাজ্য কঁপোৱা এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত শনিবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ‘কেছ ফৰ জব’ কেলেংকাৰীত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ৫২জন ৰাজপত্ৰিত বিষয়াক পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যাব বুলি কয় তেওঁ । এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল যোগ্যতাৰ ভিত্তিতহে নিযুক্তি নিশ্চিত কৰাৰ দিশত কাম কৰি আছে ।
শনিবাৰে বাক্সা জিলাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ আগত তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে তেওঁ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত পঢ়া নাই, কিন্তু সংবাদ মাধ্যমৰ বাতৰি যদি শুদ্ধ হয় তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক । আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিম আৰু শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যে বক্ৰ পথেৰে চাকৰি পোৱাসকলে পুনৰ নিযুক্তি লাভ নকৰে । ২০১৬ চনত পোহৰলৈ অহা এই কেলেংকাৰীত তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি ৭০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল নিৰ্দেশ-
শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৩ আৰু ২০১৪ বেটছৰ ৫২ গৰাকী বিষয়াক ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়ে । আদালতে লগতে কয় যে চৰকাৰে ইচ্ছা কৰিলে পুনৰ নিযুক্তি পোৱা বিষয়াসকলক ৩০ দিনৰ বাবে কোনো কৰ্তব্য নিদিয়াকৈ তদন্ত কৰিব পাৰে । স্বচ্ছতাৰ নতুন মানদণ্ডৰে চৰকাৰী চাকৰিত নিযুক্তি দি থকাৰ সময়ত চৰকাৰৰ বাবে এই নিৰ্দেশ আহিছে ।
মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ডাঙৰ ঘোষণা-
ইফালে মুখ্যমন্ত্রী ড০ শর্মাই মানস ৰাষ্ট্রীয় উদ্যানক এক প্রধান পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ কথাও ঘোষণা কৰে ৷ তেওঁ কয় যে বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি অহাৰ পিছত এই অঞ্চলটো এতিয়া নিৰাপদ আৰু আকৰ্ষণীয় হৈ পৰিছে, যাৰ ফলত পৰ্যটনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে । এতিয়া ইয়াত শান্তি আৰু উন্নয়নৰ পৰিৱেশ আছে বুলি মন্তব্য কৰে তেওঁ ।
লগতে পঢ়ক : ‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা